নিউজ ডেস্ক, ৮ জুন, ২০২৪ : বাংলাদেশত ঈদ উৎসৱ উদযাপনৰ উপলক্ষ্যে বাংলাদেশ ৰে’লৱে ভাৰতীয় ৰে’লৱেৰ সৈতে আলোচনা মৰ্মে ৰে’ল নং. ১৩১৩২/১৩১৩১ (নিউ জলপাইগুড়ী-ঢাকা-নিউ জলপাইগুড়ী) মিতালী এক্সপ্ৰেছৰ (Mitali Express) সেৱাসমূহ সাময়িকভাৱে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ পূব সীমান্ত ৰে’লৱে দ্বাৰা যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, ৰে’ল নং ০৬২২১/০৬২২২ (মাইচুৰু-মুজাফ্ফৰপুৰ-মাইচুৰু) প্ৰত্যেকৰে দুটাকৈ ট্ৰিপৰ বাবে আৰু ৰে’ল নং ০১৬৬৫/০১৬৬৬ (ৰাণী কামলাপতি-আগৰতলা-ৰাণী কামলাপতি) উভয় দিশত ক্ৰমান্বয়ে প্ৰত্যেকৰে ছাব্বিশটা ট্ৰিপৰ বাবে এই সেৱাসমূহ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই ৰে’লসমূহ বিদ্যমান সেৱাৰ দিন, সময় আৰু ষ্টপেজৰ দিনৰ সৈতে চলাচল কৰিব। সেই অনুসৰি, ১২, ১৬ আৰু ১৯ জুন, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৩১৩২ (নিউ জলপাইগুড়ী-ঢাকা) মিতালী এক্সপ্ৰেছ ৰে’লখন বাতিল থাকিব। ১৩, ১৭, আৰু ২০ জুন, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৩১৩১ (ঢাকা-নিউ জলপাইগুড়ী) মিতালী এক্সপ্ৰেছ ৰে’লখন বাতিল থাকিব। বাংলাদেশত ঈদ উৎসৱ শেষ হোৱাৰ পিছতেই মিতালী এক্সপ্ৰেছৰ স্বাভাৱিক সেৱা পুনৰ আৰম্ভ কৰা হ’ব।

ৰে’ল নং ০৬২২১(মাইচুৰু-মুজাফ্ফৰপুৰ) বিশেষ ৰে’লখনৰ সেৱা ১৭ জুনৰ পৰা ২৪ জুন, ২০২৪ লৈ প্ৰতি সোমবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৬২২২(মুজাফ্ফৰপুৰ – মাইচুৰু) বিশেষ ৰে’লখনৰ সেৱাসমূহ ২০ জুনৰ পৰা ২৭ জুন,২০২৪ লৈ প্ৰতি বৃহস্পতিবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে।একেদৰে, ৰে’ল নং ০১৬৬৫ (ৰাণী কামলাপতি-আগৰতলা) সাপ্তাহিক এক্সপ্ৰেছ বিশেষ ৰে’লখন ২৭ জুনৰ পৰা ২৬ ডিচেম্বৰ, ২০২৪ লৈ প্ৰতি বৃহস্পতিবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০১৬৬৬ (আগৰতলা-ৰাণী কমলাপতি) সাপ্তাহিক এক্সপ্ৰেছ বিশেষ ৰে’লখনৰ সেৱাসমূহ ৩০ জুনৰ পৰা ২৯ ডিচেম্বৰ, ২০২৪ লৈ প্ৰতি দেওবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে।

এই ৰে’লসমূহৰ সেৱাৰ সম্প্ৰসাৰণে সেই পথসমূহৰ অন্যান্য ৰে’লৰ প্ৰতীক্ষা সূচীত থকা যাত্ৰীসকলক লাভান্বিত কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উপলব্ধ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ কৰা হৈছে।