গুৱাহাটী, ২২ ডিচেম্বৰ, ২০২৫ : গুৱাহাটীৰ (Guwahati) ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়বুল্লাহ হকী ষ্টেডিয়ামত দেওবাৰৰ পৰা অস্মিতা পূব মণ্ডল হকী লীগ আৰম্ভ হৈছে৷ প্ৰতিযোগিতাখনৰ উদ্বোধনীৰ দিনটোত অনুষ্ঠিত ছাব-জুনিয়ৰ শাখাৰ দুখন মেচত উৰিষ্যা আৰু মিজোৰামৰ ছোৱালী দলে বৃহৎ ব্যৱধানত জয় সাব্যস্ত কৰে৷ প্ৰথম মেচত ছাব-জুনিয়ৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন উৰিষ্যাই ৫০-০ গ’লত ত্ৰিপুৰাক পৰাস্ত কৰাৰ বিপৰীতে ৰানাৰ্ছআাপ মিজোৰামে ১২-০ গ’লৰ ব্যৱধানত অসমৰ ছোৱালী দলক হৰুৱায়৷
পুৱাৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সঞ্চালক অংকুৰ ভড়ালী, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গুৱাহাটী কেন্দ্ৰৰ সহঃসঞ্চালিকা তথা খেলো ইণ্ডিয়াৰ উত্তৰ-পূবৰ দায়িত্বত থকা অনন্যা শৰ্মা, অসম অলিম্পিক সংন্থাৰ উপসভাপতি সুবোধ মল্ল বৰুৱা, অসম হকীৰ সভাপতি তপন দাস, উপসভাপতি হিৰণ্য বৰা, সম্পাদিকা কল্যানী ডেকা, ভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থাৰ কোষাধ্যক্ষ পাৰ্থ চক্ৰৱৰ্তী আদি উপস্থিত থাকে৷ উল্লেখ্য যে ছাব-জুনিয়ৰ আৰু জুনিয়ৰ শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ঘৰুৱা দল অসমৰ লগতে বিহাৰ, ত্ৰিপুৰা, মিজোৰাম আৰু উৰিষ্যাৰ ছোৱালীৰ দলে যোগদান কৰিছে৷
অহা ২৫ ডিচেম্বৰলৈ ছাব-জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হোৱাৰ পাছত ২৭-৩১ ডিচেম্বৰলৈ জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হ’ব৷ সোমবাৰে হ’বলগা দুখন মেচৰ প্ৰথমখনত মিজোৰামে ত্ৰিপুৰাৰ আৰু অসমে উৰিষ্যাৰ বিৰুদ্ধে খেলিব৷
