মৰিয়নী, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ যোৰহাট জিলাৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বন সুৰক্ষাৰ দাবীত বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ। যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত থকা মূল্যবান গছ সমূহ বন মাফিয়া আৰু দুস্কৃতিকাৰীয়ে কাটি তহিলং কৰাত মৰিয়নীৰ বিভিন্ন দল সংগঠন আৰু প্ৰকৃৰীপ্ৰেমী স্থানীয় ৰাইজৰ লগত বিধায়ক গৰাকীয়ে হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ ধোদৰ আলিত পথ অৱৰোধ কাৰ্যসূচীৰে প্ৰতিবাদ ৰূপায়ন কৰে। বিধায়ক কুৰ্মী আৰু প্ৰকৃতিপ্ৰেমী ৰাইজে গিবন অভয়াৰণ্যত গছ কটা বন্ধ কৰা, দায়িত্বহীন বন বিষয়ক বদলি কৰা, গিবন অভয়াৰণ্যখন ৰক্ষা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ দাবী জনায়। বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু প্ৰকৃতিপ্ৰেমী ৰাইজ গিবন অভয়াৰণ্য ৰক্ষাৰ বাবে পথ অৱৰোধ কৰাত ধোদৰ আলিৰ দুয়োকাষে শতাধিক বাহন আবদ্ধ হৈ পৰে। অৱৰোধস্থলীত কাৰ্যবাহী দণ্ডাধীক নবদ্বীপ চাংমাই উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে দণ্ডাধীক গৰাকীৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ কেইবাখনো দাবী সন্মিলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি প্ৰতিবাদী কাৰ্যসূচী সাময়িক ভাৱে স্থগিত ৰাখে।