ধুবুৰী, ৩১ ডিচেম্বৰ, ২০২৩ : পুনৰ গণ প্ৰহাৰৰ ঘটনা (Again Mob Lynching)। দুজন যুৱকক গছৰ ডালেৰে নিৰ্মমভাৱে প্ৰহাৰ এদল যুৱকৰ। গণ প্ৰহাৰৰ বলি হোৱা যুৱক দুজনৰ পৰা কাঢ়ি নিলে ডেৰ লাখ টকাসহ মোবাইল ফোন। এজন যুৱক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি। গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িত থকা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। গণ প্ৰহাৰৰ সমগ্ৰ দৃশ্য বন্দী হৈছে মোবাইলৰ কেমেৰাত।
ৰাজ্যত পুনৰ সংঘটিত হৈছে গণ প্ৰহাৰৰ এক নিৰ্মম ঘটনা। দুজন যুৱকক গছৰ ডালেৰে এদল যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰি লুটি নিয়ে ডেৰ লাখ টকাসহ মোবাইল ফোন। যুৱক দুজনক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ সমগ্ৰ ঘটনা মোবাইলৰ কেমেৰাত বন্দী হৈছে আৰু ঘটনাস্থলীত উপস্থিত থকা একাংশ লোক নীৰৱ দৰ্শক হৈ চাই আছিল। এই নিৰ্মম গণ প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাত। দুজনকৈ যুৱকৰ ওপৰত দিনৰ পোহৰতেই ৰাজহুৱা স্থানত এদল যুৱকে চলাইছিল গছৰ ডালেৰে আক্ৰমণ।
গছৰ ডালেৰে অতি নিৰ্মমভাৱে এদল যুৱকে প্ৰহাৰ কৰি আছিল যুৱক দুজনক কিন্তু ঘটনাস্থলীত উপস্থিত থকা লোক সকল যুৱক দুজনক সহায় কৰাৰ পৰিবৰ্তে নীৰৱ দৰ্শকৰ দৰে চাই আছিল। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সাহেবগঞ্জ বজাৰৰ কাষত যোৱা ২৯ ডিচেম্বৰত সংঘটিত হৈছিল এই নিৰ্মম ঘটনা। জানিব পৰা মতে, ৰূপচী দাউভাঙি অঞ্চলৰ ছাহজাহান আলী আৰু ছামিনুৰ শ্বেখ নামৰ সম্পৰ্কীয় দুই ভাতৃ ২৯ ডিচেম্বৰত এখন মটৰ চাইকেল কিনিবলৈ ঘৰৰ পৰা ওলাই যায়।
নিজৰ ভন্টীৰ বিয়াত উপহাৰ হিচাপে দিবলৈ মটৰ চাইকেল কিনিবলৈ যোৱাৰ সময়তে সাহেবগঞ্জ বজাৰৰ কাষতেই এদল যুৱকে গছৰ ডালেৰে দুই ভাতৃক এফালৰ পৰা কোবাই যায়। ওচৰৰ একাংশ লোকে যুৱকদ্বয়ক উদ্ধাৰ কৰাৰ পৰিবৰ্তে নীৰৱ দৰ্শকৰ ভূমিকা লোৱা দেখা গ’ল মোবাইলৰ কেমেৰাত বন্দী হোৱা এই নিৰ্মম ঘটনাৰ সমগ্ৰ দৃশ্যত। ইপিনে ভুক্তভোগী যুৱক দুজনৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি যুৱক দুজনক বেয়াকৈ মাৰপিট কৰাৰ লগত যুৱক দুজনৰ পৰা ডেৰ লাখ টকাসহ দুটাকৈ মোবাইল ফোন আক্ৰমণকাৰী যুৱকৰ দলটোৱে কাঢ়ি নিয়ে।
ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰি স্থানীয় দাউভাঙি আৰক্ষী চকীত এজাহাৰ দিবলৈ যায় যদিওঁ আৰক্ষীয়ে কেৱল আহত যুৱক দুজনক স্বাস্থ্য পৰীক্ষা কৰাই এজাহাৰ গ্ৰহণ নকৰাকৈ ঘটনাৰ মীমাংসা কৰিবলৈ পৰামৰ্শ দিয়ে। পিছত গৌৰীপুৰ আৰক্ষী থানাত যোগাযোগ কৰাৰ পিছতহে এজাহাৰ গ্ৰহণ কৰিবলৈ বাধ্য হয় দাউভাঙি আৰক্ষী। কিন্তু এজাহাৰ গ্ৰহণ কৰিলেও বৰ্তমানলৈকে গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িত কোনো লোককে আৰক্ষীয়ে আটক কৰা নাই আৰু ঘটনা সন্দৰ্ভত কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে।
আৰক্ষীৰ ৰহস্যজনক নীৰৱতাৰ সুযোগ লৈ আক্ৰমণকাৰী দলটোৱে ভুক্তভোগী পৰিয়ালটোক চৰম ভাবুকি প্ৰদান কৰি অহাৰো অভিযোগ উত্থাপন হৈছে। ফলত পৰিয়ালটো আতংকিত হৈ পৰিছে। ইপিনে ২৯ ডিচেম্বৰৰ দুপৰীয়া ঘটনা সংঘটিত হোৱাৰ পিছত পিছদিনা অৰ্থাৎ শনিবাৰে আহত ছাহজাহান আলীৰ অৱস্থা সংকোটজনক হৈ পৰাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় পৰিয়ালৰ লোকে। কিন্তু ইমানৰ পিছতো আৰক্ষীৰ কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলি অভিযোগ কৰি জিলা আৰক্ষী অধীক্ষক আৰু মুখ্যমন্ত্ৰী লৈ ন্যায় বিচাৰি আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।