গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : বাইহাটা চাৰিআলি শাখা সাহিত্য সভা আৰু মদাৰতলা সাদৰী শতদল সাহিত্য সভাই অসম সাহিত্য সভাৰ বৰডুমছা অধিবেশনত দিয়া প্ৰতিশ্ৰুতি আৰু নিমন্ত্ৰণ ৰক্ষা নকৰাত উক্ত বিষয়টোৰ ওপৰত গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি গভীৰ দুখ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ বৰডুমছাত অনুষ্ঠিত অধিবেশনত দুয়োটা শাখাই যৌথভাৱে অসম সাহিত্য সভাৰ দ্বি-বাৰ্ষিক বিশেষ অধিবেশন বাইহাটা চাৰিআলিৰ কমলপুৰত অনুষ্ঠিত কৰাৰ বাবে তামোল-পান, শৰাই দি বিধিগতভাৱে নিমন্ত্ৰণ জনাইছিল। সাহিত্য সভাই সেই আমন্ত্ৰণ গ্ৰহণ কৰি পৰৱৰ্তী দ্বি-বাৰ্ষিক অধিবেশন কমলপুৰ বাইহাটাত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল। যিটো বিভিন্ন প্ৰচাৰ মাধ্যমতো প্ৰকাশ পাইছিল।

উক্ত বিষয়টো কামৰূপৰ জোৰাকহৰাত অনুষ্ঠিত সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকত এই প্ৰস্তাৱ গৃহীত কৰাৰ পাছতো কি কাৰণে মদাৰতিলা সদৰী শতদল সাহিত্য সভা আৰু বাইহাটা আঞ্চলিক সভাক বঞ্চিত কৰিলে তাত গভীৰ উদ্বেগ আৰু দুখ প্ৰকাশ কৰে মদাৰতলা সাদৰী শতদল সাহিত্য সভাই।

সংবাদমেলত তেওঁলোকে কয় যে অসম সাহিত্য সভাৰ সভাপতিয়ে ৰাজনীতিৰ মেৰপাকত সোমাইছে। দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে পৰমানন্দ ৰাজবংশীয়ে।নিয়ম উলংঘন কৰিছে। সংবাদমেলত ৰাজবংশীক সকীয়নী দি কয় যে ভৱিষ্যতে যাতে এনেকুৱা স্থিতি গ্ৰহণ নকৰে আৰু এই সমগ্ৰ বিষয়টোৰ লগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰে মদাৰতলা সাদৰী শতদল সাহিত্য সভাই।