বেংকক, ৩ নৱেম্বৰ: শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে থাইলেণ্ডত উপস্থিত হৈ আদিত্য বিৰলা অনুষ্ঠানৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰি আৰ্থিক ক্ষেত্ৰত তেওঁলোকৰ চৰকাৰৰ বিষয়ে কয়।

থাইলেণ্ডৰ প্ৰবাসী ভাৰতীয়সকলক ভাৰতলৈ নিমন্ত্ৰণ জনায় কয় যে ভাৰতে নিজৰ উত্তৰ-পূৰ্বাঞ্চলৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ লগত সম্পৰ্ক বৃদ্ধি কৰিব বিচাৰে৷

ভাৰত আৰু থাইলেণ্ডৰ মাজত থকা পুৰণি সমন্ধৰ বিষয়ে দোহাৰী মোডীয়ে কয় যে দুয়ো দেশৰ মাজত সম্পৰ্কৰ লগতে যোগাযোগ ব্যৱস্থা বৃদ্ধি হ’ব। লগতে দুয়োখন দেশৰ মাজত সাংস্কৃতিক ব্যৱস্থাটো অধিক মজবুত বুলি কয়।

মোডী চৰকাৰৰ বিগত কাৰ্যকালত ভাৰতৰ কেবাটাও ক্ষেত্ৰত সম্পূৰ্ণ সফলতা লাভ কৰিছে। ভাৰতীয় লোকসকলৰ মাজত কৰ্ম সংস্কৃতিৰো যথেষ্ট খিনি ভাল প্ৰভাৱ পৰিছে। চৰকাৰী ধনৰ সঠিক ব্যৱহাৰ হৈছে। কংগ্রেছক সমালোচনা কৰি কয় যে প্ৰথমে দেশৰ দৰিদ্ৰ পৰিয়াললৈ অহা ধন মাধ্যভোগীয়ে ভোগ কৰিছিল। কিন্তু এতিয়া প্ৰত্যক্ষভাৱে সেই দৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ জমা ধন একাউন্টত লাভ কৰিবলৈ সক্ষম হৈছে। থাইলেণ্ডত প্ৰবাসী ভাৰতীয়ক নিমন্ত্ৰণী জনায় কয় যে ভাৰতলৈ আহিব এয়া উত্তম সময়। সকলো পৰিৱৰ্তন হৈছে। দুৰ্নীতি, অন্যায়, অবিচাৰ আদি সকলো এতিয়া নিৰ্মূল হৈছে।

ভাৰতে এতিয়া পাঁচ ট্ৰিলীয়ন ডলাৰৰ অৰ্থব্যৱস্থাৰ দিশে অগ্ৰসৰ হৈছে। এই ভাষণ প্ৰসংগত মোডীয়ে কয় ‘যেতিয়া মোৰ চৰকাৰে কাৰ্য্যভাৰ লৈছিল তেতিয়া ভাৰতৰ জি ডি পি দুই ট্ৰিলীয়ন আমেৰিকান ডলাৰ আছিল। এই পাঁচটা বছৰত আমাৰ চৰকাৰে তিনি ট্ৰিলীয়ন ডলাৰ বৃদ্ধি কৰিছে। মই আপোনালোকক কথা দিছো যে অতিশীঘ্ৰে পাঁচ ট্ৰিলীয়ন ডলাৰৰ অৰ্থব্যৱস্থাৰ সপোন পূৰণ কৰিম’।