নতুন দিল্লী, ১২ নৱেম্বৰ: ব্ৰাজিলৰ ৰাজধানী ব্ৰিক্সত অহা ১৩-১৪ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া ১১ সংখ্যক ব্ৰিক্স শিখৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মঙ্গলবাৰে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ব্ৰাজিললৈ ৰাওনা হয়। প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা এই সন্মিলনখনিৰ এইবাৰৰ বিষয়বস্তু হ’ল ‘উন্নত ভৱিষ্যতৰ বাবে আৰ্থিক বৃদ্ধি’। এই ভ্ৰমনকালত মোডীৰ সৈতে উপস্থিত থাকিব উদ্যোগপতিসকলৰ এক বৃহৎ প্ৰতিনিধিমণ্ডল।

শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মোডীৰ এয়া ষষ্ঠবাৰৰ বাবে ব্ৰাজিলৰ এই সন্মিলনলৈ ভ্ৰমণ। উল্লেখযোগ্য যে মোডী চৰকাৰ গঠন হোৱা বেলিকা অৰ্থাৎ ২০১৪ চনত প্ৰথমবাৰৰ বাবে ব্ৰাজিললৈ মোডী গৈছিল।

এই ভ্ৰমনকালত মোডীয়ে ৰুচ দেশৰ ৰাষ্ট্ৰপতি ব্লাদমীৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি চি জিংপিংৰ সৈতে পৃথকে পৃথকে দ্বিপিক্ষীক বৈঠকত মিলিত হ’ব।

মন কৰিবলগীয়া যে এই সন্মিলনত ব্ৰিক্সৰ সকলো নেতাবৰ্গই পৰস্পৰে পৰপস্পৰৰ মাজত আৰ্থিক বিকাশৰ ক্ষেত্ৰত সহযোগিতা বঢ়াবৰ বাবে আলোচনা কৰিব। লগতে মোডীয়ে উক্ত সন্মিলনত সকলো নেতাৰ সৈতে ব্ৰিক্স বিজনেছ কাউন্সিলতো ভাগ ল’ব।