নিউজ ডেস্ক, ২৯ জুলাই, ২০২৫ : চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল (Indian Oil) ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত গ্ৰুপ ‘বি’ৰ প্ৰথম মেচত পূৰ্ব চেম্পিয়ন মহমেদান এছ চিয়ে প্ৰথমে অগ্ৰগতি লৈয়ো অভিষেক কৰা ডাইমণ্ড হাৰবাৰ এফ চিৰ বিৰুদ্ধে ২-১ গ’লত পৰাজয় স্বীকাৰ কৰিব লগা হয়৷ ইঞ্জুৰি টাইমৰ অন্তিম ক্ষণত ডাইমণ্ড হাৰবাৰৰ হৈ ৯৯ মিনিটত বিজয়সুচক গ’লটো কৰে বিদেশী মিডফিল্ডাৰ মাজকেনে৷

ইয়াৰপূৰ্বে খেলৰ ৩৫ মিনিটত এডিছনৰ গ’লৰ সহায়ত বিৰতিলৈ এগলত আগবাঢ়ি আছিল কলকাতাৰ দলটো৷ কিন্তু দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাৰ ছয় মিনিট পাছতে ডাইমণ্ড হাৰবাৰ দলক প্ৰত্যাৱৰ্তন কৰাই ৰুটকিমাই ৫১ মিনিটত গ’ল কৰি৷ উল্লেখ্য যে ডাইমণ্ড হাৰবাৰে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপত খেলিছে আৰু দলটোৰ অন্যতম সদস্য অসম সন্তান হলীচৰণ নাৰ্জাৰী৷ ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ মঙলবাৰে দুখনকৈ খেল অনুষ্ঠিত হ’ব৷

মঙলবাৰে দিনৰ চাৰি বজাৰ পৰা জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত হ’বলগা দিনটোৰ প্ৰথমখন মেচত আই এছ এলৰ দল জামছেদপুৰ এফ চিয়ে ভাৰতীয় সেনাৰ দলৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে এয়া গ্ৰুপ ‘চি’ৰ দ্বিতীয় মেচ৷ ইয়াৰপূৰ্বে জামছেদপুৰে প্ৰথম মেচত ৩-২ গ’লৰ ব্যৱধানত নেপালৰ ত্ৰিভূৱন আৰ্মি ফুটবল দলক পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছিল।

মঙলবাৰে জয়লাভ কৰিলেই দলৰ নকআউট ৰাউণ্ডলৈ যোগ্যতা নিশ্চিত হ’ব৷ ইফালে, শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা দ্বিতীয়খন খেলত শ্বিলঙ লাজং এফ চিয়ে ৰাংদাজিড ইউনাইটেড এফ চিৰ মুখামুখি হ’ব৷ গ্ৰুপ ‘ই’ৰ ডাৰ্বি মেচখন নিশা সাত বজাৰ পৰা আৰম্ভ হ’ব৷ ইয়াৰপূৰ্বে শ্বিলঙৰ প্ৰথম মেচত লাজং এফ চিয়ে মালয়েছিয়াৰ আৰ্মি ফুটবল দলক বিধ্বস্ত কৰি ৬-০ গ’লত চমকপ্ৰদ জয়লাভ অৰ্জন কৰিছিল৷ দলটোৰ লক্ষ্য জয়ৰে নকআউট ৰাউণ্ডলৈ যোগ্যতা নিশ্চিত কৰা৷