নিউজ ডেস্ক, ৫ আগষ্ট, ২০২৫ : অভিলেখ গঢ়ি সৰ্বাধিকবাৰ খিতাপ দখল কৰা মোহন বাগান ছুপাৰ জায়েণ্ট দলে চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ নিজৰ দ্বিতীয়খন গ্ৰুপ লীগ মেচত ৪-০ গ’লত বি এছ এফ ফুটবল দলক পৰাস্ত কৰিছে৷ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত একপক্ষীয় মেচখনত আই এছ এলৰ (Indian Super League) চেম্পিয়ন দলটো বিৰতিলৈ এগলত আগুৱাই আছিল৷

খেলৰ ২৪ মিনিটত মনবীৰে মোহন বাগানৰ হৈ প্ৰথমটো গ’ল দিয়ে৷ আনহাতে, দ্বিতীয়াৰ্ধত লিষ্টনে ৫৩ আৰু ৫৮ মিনিটত দুটা গ’ল কৰাৰ বিপৰীতে ৬১ মিনিটত মোহন বাগানৰ হৈ চতুৰ্থ গ’ল দিয়ে ছাহালে৷ ইফালে, ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ মণিপুৰত অনুষ্ঠিত প্ৰথমখন মেচত ৰিয়েল কাশ্মীৰ এফ চিয়ে স্থানীয় দল ট্ৰাউ এফ চিৰ বিৰুদ্ধে ২-১ গ’লত জয় সাব্যস্ত কৰি গুৰুত্বপূৰ্ণ তিনি পইণ্ট লাভ কৰিছে৷ ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘এফ’ৰ মেচখনত ৰিয়েল কাশ্মীৰৰ হৈ ২৫ মিনিটত তাৰকে আৰু ৬৪ মিনিটত ৰোহনে গ’ল কৰাৰ বিপৰীতে ট্ৰাউ দলৰ হৈ ২৭ মিনিটত আফ্ৰিদীয়ে একমাত্ৰ গ’লটো কৰে৷

উল্লেখ্য যে উভয় দলৰ বাবে এই মেচ গুৰুত্বপূৰ্ণ আছিল৷ কাৰণ ট্ৰাউ এফ চিয়ে প্ৰথম মেচ ড্ৰ খেলাৰ বিপৰীতে ৰিয়েল কাশ্মীৰ প্ৰথম মেচত পৰাস্ত হৈছিল৷ প্ৰতিযোগিতাৰ মঙলবাৰে জামছেদপুৰত হ’বলগা প্ৰথম মেচত ইণ্ডিয়ান আৰ্মিৰ ফুটবল দলে নেপালৰ ত্ৰিভূৱন আৰ্মি ফুটবল দলৰ মুখামুখি হ’ব৷ গ্ৰুপ ‘চি’ৰ এই মেচখন দিনৰ চাৰি বজাত আৰম্ভ হ’ব৷ ইফালে,দ্বিতীয়খন মেচত নিশা সাত বজাত শ্বিলংত মালয়েছিয়া আৰ্মি দলে স্থানীয় ৰংদাজিত ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব৷ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা গ্ৰুপ ‘ই’ মেচখন ইতিমধ্যে বিদায় লোৱা বিদেশী দলটোৰ বাবে গুৰুত্বহীন যদিও ৰংদাজিত ইউনাইটেডে তিনি পইণ্টৰ লক্ষ্যৰে খেলিব৷