গুৱাহাটী, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থা সংগ্ৰামৰ এক অবিৰত যাত্ৰা। অসমীয়া জাতিৰ প্ৰতিটো দুৰ্যোগপূৰ্ণ মুহূৰ্তত জাতিক একত্ৰিত কৰি বজ্ৰ-কঠিন স্থিতিৰে জাতিৰ স্বাৰ্থত সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখিছে। ছাত্ৰ সন্থাৰ মঞ্চখনৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে। শত শত ছহিদৰ ত্যাগৰ বলিদানেৰে ছাত্ৰ সন্থাৰ মজিয়াখনক জনতাৰ হিয়াৰ আমঠুত পৰিণত কৰিছে। এই মন্তব্য প্ৰকাশ কৰি একালৰ আছু নেতা আৰু বৰ্তমানৰ বিজেপি নেতা মুমিনুল আৱালে কয় যে বৰ্তমানৰ আছুৰ নেতৃত্ব পৰাজিত সৈনিক। তেওঁলোকে অতি লজ্জাজনকভাৱে বাংলাদেশী প্ৰব্ৰজিত মুছলমানৰ ওচৰত নতশিৰে আঠু লৈছে।

আছুৰ সম্পাদকগৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সম্পৰ্কত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত আছুৰ নেতৃত্ব সম্পৰ্কত এই মত ব্যক্ত কৰে আৱালে। আৱালে আৰু কয় যে আছুৰ নেতাই কিছুদিনৰ আগতে কৈছিল, ৰাহুল গান্ধী বোলে অসমৰ বাবে ত্ৰাণকৰ্তা। আছু আৰু কংগ্ৰেছৰ সুৰ আজি একেই। কংগ্ৰেছ আৰু আছুৰ বৰ্তমানৰ নেতৃত্ব এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।

ৰাহুল গান্ধীৰ লগত একেলগে বহি ফটোৰ বাবে প’জ দি ফটো উঠা আছুৰ নেতাকেইগৰাকীক আৱালে সমালোচনা কৰি কয় যে তেওঁলোকে যাক অসমৰ ত্ৰাণকৰ্তা বুলি ঘোষণা কৰিছিল এতিয়া এনআৰচিত লাখ লাখ প্ৰব্ৰজিত মুছলমানৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতো তেওঁলোক মৌন কিয়? অসমৰ ৰাইজে এই কথাবিলাকত দৃষ্টি ৰাখিছে। এনআৰচিৰ খচৰা প্ৰকাশ হওতে আছুৱে মিঠাই খাইছিল। তেওঁলোকে এনআৰচিত বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্তিত সন্তোষ প্ৰকাশ কৰিছিল নেকি? এনআৰচিৰ পৰা লাখ লাখ কোচ-ৰাজবংশী, তিৱা, ৰাভা, কাৰ্বি, হাজং, চুতীয়া, আহোম, কোচ-কছাৰী ভূমিপুত্ৰৰ উপৰিও গৰীয়া-মৰীয়া-দেশী ভাৰতীয় হিন্দীভাষী, গোৰ্খা, বঙালীসকলৰ নাম বাদ পৰিছে। এই সম্পৰ্কত তেওঁলোকৰ প্ৰতিক্ৰিয়া কি? আছুৱে তৰুণ গগৈৰ লগত বহি এনআৰচিত কি কি নথি গ্ৰহণ কৰা হব সেই সিদ্ধান্ত লৈছিল। আৰু সুৰুঙা থাকি যোৱাকৈ নথিসমূহ গ্ৰহণ কৰাৰ ফলত প্ৰব্ৰজনকাৰীয়ে এনআৰচিত নাম অন্তৰ্ভুক্তিৰ সুযোগ পাইছে। আৰু এনআৰচিত নাম অন্তৰ্ভুক্তিৰ বাবে পথ মুকলি কৰি দিয়া আছুৰ নেতৃত্বক অসমৰ ৰাইজে তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি আছে।

এন আৰ চি প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়াত প্ৰব্ৰজিত মুছলমানৰ স্বাৰ্থতে বৰ্তমানৰ অসম চৰকাৰখনক প্ৰক্ৰিয়াৰ পৰা বাহিৰত ৰখা হৈছিল। উচ্চতম ন্যায়ালয়ে অসম চৰকাৰৰ সম্পৰ্কত গ্ৰহণ কৰা এনে স্থিতিত আছুৰ তিনি নেতাই আদৰণি জনাইছিল। আজি আছুৰ এই তিনি নেতাৰ আকোৰগোজ ব্যক্তিস্বাৰ্থ আৰু দূৰদৰ্শী চিন্তাৰ অভাৱৰ বাবেই এনআৰচিত লাখ লাখ বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হল আৰু অসমৰ বিভিন্ন জনগোষ্ঠীৰ লাখ লাখ মানুহৰ নাম এনআৰচিৰ পৰা বাদ পৰিল।

আছুৰ নেতাৰ বৰ্তমানৰ স্থিতিয়ে অসমৰ সমাজ জীৱনক চিন্তিত কৰি তুলিছে। অসমৰ ছাত্ৰ সমাজৰ মাজত আছুৰ গ্ৰহণযোগ্যতা ক্ৰমে হ্ৰাস পাব ধৰিছে। আৱালে আৰু কয় যে শীৰ্ষ নেতৃত্বৰ ব্যক্তিগত অভিপ্ৰায় ত্যাগ কৰি নিকা আৰু স্বচ্ছতাৰে জাতিৰ স্বাৰ্থত অৱস্থান গ্ৰহণ কৰিলে আছু পূৰ্বৰ দৰে ছাত্ৰ-ছাত্ৰী আৰু সমাজ জীৱনৰ বাবে এক আদৰণীয় সংগঠন হিচাপে চিহ্নিত হৈ থাকিব। আৱালে আৰু কয় যে অসম চুক্তিৰ ৬নং দফা অনুসৰি জাতিক সুৰক্ষা প্ৰদানৰ বাবে যি পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে তাত বিধি প্ৰস্তুতৰ দায়িত্ব আপোনালোককো দিয়া হৈছে।

আছুৱে আত্ম সমালোচনাৰ যোগেদি আত্মশুদ্ধিৰ বাবে পথৰ সন্ধান কৰক। বৰ্তমানৰ চৰকাৰখনে জাতিৰ স্বাৰ্থত এটা এটাকৈ কাম কৰি আছে। ছহিদ স্মাৰক, আন্দোলনত গুলীৱিদ্ধ ছহিদ পৰিয়াল, আন্দোলনত নিৰ্যাতিতসকলৰ উপৰিও বিশেষভাৱে ভূমিৰ অধিকাৰ সম্পৰ্কত কাম কৰি আছে। খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা প্ৰদান কৰা হৈছে।