নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ অক্টোবৰ : শিশু আৰু মাক দুয়োৰে স্বাৰ্থৰ বাবে সুৰক্ষিত বুলি ভাবি চিজাৰিয়ান কৰা হয়। পিছে চিজাৰিয়ান প্ৰসৱে ক্ষতি কৰে মাতৃ-শিশুৰ । জটিল প্ৰৰিস্থিতিত ছিজেৰিয়ান ডেলিভাৰী আৰ্থাৎ অস্ত্ৰোপচাৰৰ জৰিয়তে গৰ্ভৱতী মহিলা অথবা গৰ্ভস্থ সন্তানৰ প্ৰাণৰক্ষা কৰা সম্ভৱ হয়। ছিজেৰিয়ান ডেলিভাৰীয়ে বিপদ মাতিব পাৰে মাতৃ আৰু শিশুৰ বাবে ।

সম্প্ৰতি প্ৰযুক্তি বিদ্যা উন্নত হোৱাৰ লগে লগে চিজাৰিয়ান প্ৰসৱৰ প্ৰতি ৰোগীৰ ভৰসা বাঢ়িবলৈ ধৰিছে ।

আনকি অৱস্থা এতিয়া এনে পৰ্যায় পাইছেগৈ যে সুবিধাজনক বুলি ভাবি অনেক মহিলাই স্বাভাৱিক প্ৰসৱৰ পৰিৱৰ্তে চিজাৰিয়ান প্ৰসৱৰ প্ৰতি আগ্ৰহী ।

আমেৰিকাত চিজাৰিয়ান প্ৰসৱৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ইতিমধ্যে সজাগতা অভিযান আৰম্ভ কৰিছে ।

তথ্য অনুসৰি ২০১৭ চনত দেশখনত ৩২ শতাংশ শিশুৰ জন্ম চিজাৰিয়ান প্ৰসৱৰ সৈতে হৈছে।

ভাৰততো চহৰ অঞ্চলত চিজাৰিয়ান প্ৰসৱৰ ঘটনা অধিক।

অধ্যয়নৰ পৰা স্পষ্ট হৈ পৰিছে যে চিজাৰিয়ান প্ৰসৱৰ ফলত মাতৃ-শিশু উভয়ৰে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।

চিজাৰিয়ান প্ৰসৱৰ বাবে শিশুৰ মানসিক বিকাশৰ ওপৰতো প্ৰভাৱ পৰে বুলি অধ্যয়নত প্ৰকাশ পাইছে ।