নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী, ২০২৬ : ৰে’লৱে সুৰক্ষা আয়ুক্ত, এন.এফ. চাৰ্কোল, সুমিত সিংঘলে ১২ আৰু ১৩ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে নৱনিৰ্মিত মুৰ্কংচেলেক-ছিল্লে খণ্ড (আনুমাণিক ১৫.৬০ কিমি)ত দুদিনীয়া বিধিসম্মত পৰিদৰ্শন সম্পন্ন কৰিব। এই শাখাটো ২৬.১৫ কিমি দৈৰ্ঘ্যৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত মুৰ্কংচেলেক-পাছিঘাট নতুন ৰে’লপথ প্ৰকল্পৰ প্ৰথম পৰ্যায়।
এই পৰিদৰ্শনৰ সফল সমাপ্তি আৰু পৰৱৰ্তী অনুমোদনৰ পাছত ছিল্লে পৰ্যন্ত নিয়মীয়া মালবাহী আৰু যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ কৰাৰ পথ সুগম হ’ব, যাৰ ফলত অঞ্চলটোৰ ৰে’ল সংযোগ ব্যৱস্থা যথেষ্ট শক্তিশালী হ’ব। পৰিদৰ্শনৰ সময়ত চিআৰএছৰ সৈতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণ সংস্থাৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকিব, যিসকলৰ তত্ত্বাৱধানত নিৰ্মাণ কামকাজসমূহ সম্পন্ন কৰা হৈছে।
পৰিদৰ্শন পুৱা ৮:৩০ বজাৰ পৰা মুৰ্কংচেলেক ষ্টেচনৰ পৰা আৰম্ভ হ’ব। মুৰ্কংচেলেক-পাছিঘাট নতুন ৰে’লপথ প্ৰকল্পটো মুঠ ২৬.১৫ কিমি দৈৰ্ঘ্যৰ, যি অসমৰ মুৰ্কংচেলেকৰ পৰা আৰম্ভ হৈ অৰুণাচল প্ৰদেশৰ পাছিঘাটলৈ বিস্তৃত। এই প্ৰকল্পটো দুটা পৰ্যায়ত পৰিকল্পনা কৰা হৈছে প্ৰথম পৰ্যায়: মুৰ্কংচেলেক-ছিল্লে (১৫.৬০ কিমি) আৰু দ্বিতীয় পৰ্যায়: ছিল্লে-পাছিঘাট (১০.৫৫ কিমি)। এই পথত তিনিটা নতুন ষ্টেচন-ছিল্লে, লাবো আৰু পাছিঘাট লগতে কেইবাখনো বৃহৎ আৰু সৰু সেতু, ৰোড অভাৰ ব্ৰিজ, ৰোড আণ্ডাৰ ব্ৰিজ আদি অন্তৰ্ভুক্ত আছে।
সম্পূৰ্ণ ২৬.১৫ কিমি দৈৰ্ঘ্যৰ প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পাছত, এই ৰে’লপথে অৰুণাচল প্ৰদেশৰ লোকসকলক অসমৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ যথেষ্ট উন্নত কৰিব। এই প্ৰকল্পটোৱে ক্ষুদ্ৰ উদ্যোগ, পৰ্যটন আৰু ব্যৱসায়-বাণিজ্য উন্নয়নৰ জৰিয়তে আঞ্চলিক অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও, ই পৰিবহণ ব্যয় আৰু যাত্ৰা সময় হ্ৰাস কৰিব, অত্যাৱশ্যকীয় সামগ্ৰীৰ অবিৰত যোগান নিশ্চিত কৰাৰ লগতে অঞ্চলটোৰ লোকসকলক দীৰ্ঘদূৰত্বৰ ৰে’ল সংযোগ সুবিধা প্ৰদান কৰিব। উত্তৰ-পূৰ্ব্বাঞ্চলত ৰে’লৱে আন্তগাঁথনিৰ দ্ৰুত সম্প্ৰসাৰণে আঞ্চলিক ঐক্য শক্তিশালী কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়নত এক পৰিবৰ্তনশীল ভূমিকা পালন কৰি আহিছে।
