নিউজ ডেস্ক, সংবাদ ৩৬৫, ৮ নৱেম্বৰ : ১৯৩৮চনৰ ১৩ জানুৱাৰীত জন্ম গ্ৰহণ কৰা নৱনীতা দেৱসেন আছিল এগৰাকী প্ৰখ্যাত বাংলা কবি তথা সাহিত্যিক। কেইবাখনো বিখ্যাত উপন্যাস লিখি উলিয়াইছিল। অৰ্থনীতিত নৱেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ পত্নী আছিল নৱনীতা দেৱসেন।ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানো লাভ কৰিছিল বাংলা সাহিত্যিক গৰাকীয়ে।

কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় নৱনীতা দেৱসেনৰ। উল্লেখযোগ্য যে নৱনীতা দেৱসেনে প্ৰায় ৮০খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল।

কলকাতাৰ বিখ্যাত প্ৰচিডেন্সী কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা নৱনীতা দেৱসেনৰ মৃত্যুৰ সময়ত বয়স আছিল ৮১ বছৰ।