গুৱাহাটী : বৰঝাৰ বিমান বন্দৰৰ পৰা লণ্ডনলৈ উৰা মাৰিলে নাগালেণ্ডৰ ভোট জলকীয়া। নাগালেণ্ডৰ পৰা পোনে পোনে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰ, বৰঝাৰ বিমান বন্দৰৰ পৰা বিমানযোগে দিল্লী আৰু দিল্লীৰ পৰা নাগালেণ্ডৰ ভোট জলীয়াই যাত্ৰা কৰে লণ্ডনলৈ।

উত্তৰ পূবৰ পাচলিয়ে বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বিমানযোগে বিদেশলৈ যোগান ধৰা উত্তৰ পূৱৰ পাচলিয়ে বিশেষ আদৰ লাভ কৰিবলৈ সক্ষম হৈছে বিদেশৰ বজাৰত। অসমৰ ৰঙালাওঁ আৰু নেমুৰ পিছত এইবাৰ নাগালেণ্ডৰ ভোট জলকীয়া বিদেশলৈ গ’ল।

অসমৰ ৰঙালাওঁ আৰু নেমু ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ নাগালেণ্ডৰ ভোট জলীয়াই লণ্ডনৰ বজাৰ দখল কৰিবলৈ ওলাইছে। নাগালেণ্ডৰ ভোট জলকীয়াৰ এতিয়া আদৰ বাঢ়িছে লণ্ডনৰ বজাৰত।

প্ৰথমবাৰৰ বাবে নাগালেণ্ডৰ কহিমা আৰু মন জিলাৰ ভোট জলকীয়া বৰঝাৰ বিমান বন্দৰৰ পৰা ৰপ্তানি কৰা হয় লণ্ডনলৈ। ২৫০ কেজি ভোট জলকীয়া বুধবাৰে এয়াৰ ইণ্ডিয়া বিমানেৰে বৰঝাৰ বিমান বন্দৰৰ পৰা দিল্লী হৈ লণ্ডনলৈ লৈ যোৱা হয়।

২৫০ কেজি ভোট জলকীয়াৰ লগতে নাগালেণ্ডৰ ৫০০ কেজি পাণ ৰপ্তানি কৰা হয় বিদেশীলৈ। উত্তৰ পূৱৰ পাচলিয়ে বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱাত উত্তৰ পূবৰ কৃষক সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে।