নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীৰ যান-বাহন শাখাৰ কনিষ্টবল মিথুন দাসৰ দৰে নগাঁওটো প্ৰৱল বৰষুণৰ মাজতো নিজৰ কৰ্তব্য সম্পাদন কৰি গৈছিল নগাঁও আৰক্ষীৰ যান–বাহন শাখাৰ মহিলা জোৱান ৰঞ্জুলা দেৱীয়ে । আৰু এই দৃশ্য বিয়পি পৰিছিল সকলোতে চচিয়েল মিডিয়াৰ জৰিয়তে ।

ইয়াৰ পাছতে জোৱানগৰাকীক নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সম্বৰ্ধনা জনায় নগাঁও আৰক্ষীয়ে ।

আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে মহিলা আৰক্ষীৰ জোৱানগৰাকীক সম্বৰ্ধনা জনাই কয় যে আৰক্ষীৰ ভাল দিশসমূহে ছচিয়েল মিডিয়াত স্থান লাভ কৰাটো সমাজৰ বাবে এটা ইতিবাচক দিশ।

ইয়াৰোপৰি আৰক্ষী অধীক্ষকগৰাকীয়ে ব্যস্ততাৰ মাজতো নগাঁও আৰক্ষীৰ জোৱানসকলৰ খবৰ ৰখাৰ বাবে ‘ধিং এক্সপ্ৰেছ’ তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰীড়াবিদ হিমা দাসক কৃতজ্ঞতা জ্ঞাপন কৰে।

অতি শীঘ্ৰে নগাঁও আৰক্ষীৰ তৰফৰ পৰা মহিলা আৰক্ষীৰ জোৱান ৰঞ্জুলা দেৱীক নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ’ব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।