গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৪ : ৰে’লৱে সুৰক্ষা আয়ুক্তই (চিআৰএছ) ২৯ অক্টোবৰ, ২০২৪ তাৰিখে নলবাৰী আৰু বাইহাটা ষ্টেচনৰ মাজত নতুনকৈ স্থাপন কৰা দ্বৈত ৰে’ল পখ খণ্ডৰ বিধিসন্মত পৰিদৰ্শন সম্পূৰ্ণ কৰে। এই পৰিদৰ্শনে নলবাৰী, ঘগ্ৰাপাৰ, ৰঙিয়া, কেন্দুকোনা আৰু বাইাহাটা ষ্টেচন য়াৰ্ড সমূহৰ পৰিদৰ্শন সামৰি লয়। উল্লেখযোগ্য যে সুমিত সিংঘল, চিআৰএছ/এন.এফ. চাৰ্কোল আৰু তেওঁৰ টীমৰ দ্বাৰা টেলিকমিউনিকেচন, চিগনেলিং, চিভিল ইঞ্জীনিয়াৰিং কাৰ্যৰ লগতে অন্যান্য সুৰক্ষা গিয়াৰসমূহৰো পুংখানুপুংখভাৱে পৰিদৰ্শন কৰা হয়।

এই পৰিদৰ্শনৰ পিছত, ৰে’লৱে সুৰক্ষা আয়ুক্তই নতুনকৈ স্থাপিত ৰে’ললাইন যোগে ৰে’ল চলাচলৰ অনুমোদন জনায়। এই নতুন খণ্ডটো মুকলি হোৱাৰ লগে লগে অৰ্থাৎ ৰঙিয়া হৈ নিউ বঙাইগাঁৱৰ পৰা আজ্ঞাঠুৰীলৈ সমগ্ৰ ৰুট দ্বৈত ৰে’ল পথ খণ্ড হিচাপে মুকলি কৰা হৈছে। নতুনকৈ স্থাপন কৰা দ্বিতীয় ৰে’লপথটোৱে এই পথৰ মাজেৰে অধিক মালবাহী আৰু যাত্ৰীবাহী ৰে’ল চলাচলৰ বাবে সহায়ক হ’ব। ইয়াৰ ফলত বৰ্ধিত গতিবেগৰ সৈতে ৰে’ল পৰিচালনৰ লগতে নূন্যতম সময়সীমাৰ ভিতৰত উন্নত যোগাযোগ ব্যৱস্থা প্ৰদান কৰিব পৰা যাব।

নলবাৰী আৰু বাইহাটা খণ্ডটো হৈছে ৰঙিয়া হৈ নিউ বঙাইগাঁও-আজ্ঞাঠুৰী ১৪২.৯৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত ৰে”লপথ প্ৰকল্পৰ এটা অংশ। নলবাৰী আৰু বাইহাটাৰ মাজৰ প্ৰসাৰতা হৈছে ৩১.৮২৮ কিলোমিটাৰ (আপলাইন ৩১.১৭৬ কিলোমিটাৰ আৰু ডাউন লাইন ০.৬৫২ কিলোমিটাৰ)। খণ্ডটোত ২৩ খন বৃহৎ সেতু, ৬ খন সৰু সেতু আৰু ১৪ টা লেভেল ক্ৰছিং গেট অন্তৰ্ভুক্ত আছে। এই খণ্ডত তিনিটা মধ্যৱৰ্তী ষ্টেচন আছে যেনে ঘগ্ৰাপাৰ, ৰঙিয়া আৰু কেন্দুকোনা। এই দ্বিতীয় ৰে’ল পথটো বৈদ্যুতিকৰণৰ সৈতে মুকলি কৰা হৈছে।

ৰে’লৱে সুৰক্ষা আয়ুক্তই খণ্ডটোৰ ৰে’লৱে ব্ৰীজ, ট্ৰেক ফিটিংছ, পি-ৱে সম্পদ, ইলেক্ট্ৰনিক ইণ্টাৰ-লকিং, ৰিলে ৰুম আৰু লেভেল ক্ৰছিং নিৰীক্ষণ কৰাৰ লগতে ৰে’ল পৰিচালনৰ দিশত কৰ্মচাৰীৰ তৎপৰতাও নিৰীক্ষণ কৰে। ৰে’লৱে সুৰক্ষা আয়ু্ক্তগৰাকীয়ে ষ্টেচনৰ কৰ্মচাৰীবৰ্গৰ সৈতে মত বিনিময় কৰাৰ লগতে সুৰক্ষা সম্পৰ্কীয় সজাগতা সম্পৰ্কেও তেওঁলোকক সোধা-পোছা কৰে। ইয়াৰ পূৰ্বে, ৩ ছেপ্টেম্বৰ ২০২৪ তাৰিখে সৰভোগ আৰু বৰপেটা ৰোডৰ মাজত ৬.২২ কিলোমিটাৰ খণ্ড; ৩ জুন ২০২৪ তাৰিখে বৰপেটা ৰোড আৰু পাঠশালাৰ মাজত ২১.৪০ কিলোমিটাৰ খণ্ড; ২০ মাৰ্চ ২০২৪ তাৰিখে বাইহাটা আৰু চাংসাৰিৰ মাজত ১০.১৫ কিলোমিটাৰ খণ্ড; ২৬ ডিচেম্বৰ ২০২৩ তাৰিখে চাংসাৰি আৰু আজ্ঞাঠুৰীৰ মাজত ৭.৪৮ কিলোমিটাৰ খণ্ড; ১৩ জুন ২০২৩ তাৰিখে, বিজনী আৰু সৰভোগৰ মাজত ১৮.৯৯ কিলোমিটাৰ খণ্ড; ২৪ মে ২০২৩ তাৰিখে পাঠশালা আৰু নলবাৰীৰ মাজত ২৬.৯১ কিলোমিটাৰ খণ্ড আৰু ৩০ আগষ্ট ২০২২ তাৰিখে নিউ বঙাইগাঁও আৰু বিজনীৰ মাজত ১৭.৫৩ কিলোমিটাৰ খণ্ড মুকলি কৰা হয়।

ৰঙিয়া হৈ নিউ বঙাইগাঁও-আজ্ঞাঠুৰীৰ এই সমগ্ৰ খণ্ডটো সম্পূৰ্ণ হোৱাৰ পিছত, উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰে’ল সংযোগে ৰাষ্ট্ৰৰ বাকী প্ৰান্তৰ সৈতে জনসাধাৰণ আৰু সামগ্ৰী দুয়োৰে পৰিবহনৰ দিশত এক গুৰুত্বপূৰ্ণ সমৃদ্ধি লাভ কৰিব। ৰে’লৰ ক্ৰছিং সময় পৰিহাৰৰ ফলস্বৰূপে নতুনকৈ স্থাপন কৰা এই দ্বিতীয় ৰে’লপথটো নিউ বঙাইগাঁও-আজ্ঞায়াঠুৰী ভায়া ৰঙিয়া হৈ অধিক মালবাহী আৰু যাত্ৰী পৰিবহন কৰাত সহায়ক হোৱাৰ লগতে অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিতো সহায়ক হ’ব।