নলবাৰী, ২৫ অক্টোবৰঃ নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত ৩ নৱেম্বৰৰ পৰা ১৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া ৮৪ সংখ্যাক ৰাস মহোৎসৱৰ উপলক্ষে ব্যাপক প্ৰস্তুতি চলিছে৷ জানিব পৰা মতে, এইবাৰ ৰাস মহোৎসৱত নাগাৰা নাম প্ৰতিযোগিতাৰ লগতে প্ৰথম বাৰৰ বাবে ঢুলীয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে৷ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি গ্ৰন্থমেলাও অনুষ্ঠিত কৰা হ’ব৷ ইয়াৰ উপৰি ৰাস মহোৎসৱত অসমৰ আগশাৰীৰ ৯টাকৈ ভ্ৰাম্যমান দলে নাট পৰিবেশন কৰিব৷ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব। উদ্বোধনৰ নিশা জনপ্ৰিয় কন্ঠশিল্পী সুৱাসনা দত্তই সংগীত পৰিবেশন কৰিব। আনহাতে ৰাস মহোৎসৱৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভিন্ন প্ৰান্তত ১০০টা চিচি টিভি কেমেৰা স্থাপন কৰাৰ লগতে ৭০০ স্বেচ্ছাসেৱক নিয়োগ হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷ ৰাস মহোৎসৱত আদ্য শৰ্মা বঁটাও প্ৰদান কৰা হ’ব৷