পলাশবাৰী, সংবাদ ৩৬৫, ৮ জুন : ৰাজ্যত সঘনাই বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা । সাৰি যোৱা নাই মন্দিৰো । দক্ষিণ কামৰূপৰ বঙৰাত একেদিনাই চুৰে লুটি নিলে ৩টা মন্দিৰ ।

বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা আমৰতলৰ শ্ৰী শ্ৰী চতুৰ্ভুজ সত্ৰ,শিৱ মন্দিৰৰ লগতে ব্যক্তিগত ঘৰৰ মন্দিৰ । যোৱা নিশা চতুৰ্ভুজ সত্ৰৰ পৰা বিগ্ৰহৰ ডিঙিৰ সোন-ৰূপৰ আ-অলংকাৰ,কাহৰ ৩ যোৰ তাল,শৰাই,গামোছা আদিকে ধৰি নগত ধন আনহাতে শিৱ মন্দিৰৰ পৰাও দানপাত্ৰ ভাঙি নিয়াৰ লগতে বহুতো আ-অলংকাৰ লৈ যায় । আনকি মন্দিৰৰ বহুতো সামগ্ৰীৰ ক্ষয়-ক্ষতি কৰে ।

ঘটনাস্থলিত পলাশবাৰী আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে । লগতে মন্দিৰৰ পুজাৰীৰ আশা শীঘ্ৰে জালত পৰিব আটাইকেইটা চোৰ । সেই বাবে আজি মন্দিৰত নাম-প্ৰসংগ কৰিব ৰাইজৰ সকলো লোকে ।