গুৱাহাটী, ২৫ আগষ্ট, ২০২৪ : দেওবাৰে গুৱাহাটীৰ ফাঁচী বজাৰৰ ৪ নং গেটস্থিত শ্ৰী ভগৱান মহাবীৰ ধৰ্মস্থলত নাৰায়ণ সেৱা সংস্থানৰ উদ্যোগত নাৰায়ণ অংগ আৰু কেলিপাৰ সংস্থাপন শিবিৰৰ আয়োজন কৰা হয়। সমগ্ৰ অসমৰ ২৬৫ গৰাকীৰো অধিক বিশেষভাৱে সক্ষম (Special Person) ব্যক্তিক এই শিবিৰত উৰ্ধ্ব-নিম্ন কৃত্ৰিম অংগ আৰু কেলিপাৰ প্ৰদান কৰি তেওঁলোকক এক স্বচন্দ জীৱন-যাপনত সহায় কৰে নাৰায়ণ সেৱা সংস্থানে। বন্তি প্ৰজ্বলনেৰে এই মহত্বপূৰ্ণ অনুষ্ঠানটোৰ উদ্বোধন কৰে মুখ্য অতিথি তথা অসমৰ মন্ত্ৰী অশোক সিংহলে।

মঞ্চত মন্ত্ৰী অশোক সিংহলেৰ
সৈতে উপস্থিত আছিল শ্ৰী ভগৱান মহাবীৰ ধৰ্ম স্থলৰ সভাপতি মহাবীৰ প্ৰসাদ জৈন, সমাজকৰ্মী ৰমেশ গোৱেংকা, ৰামগোপাল চোনী, পদম ছেঠিয়া, বাবুলাল চৌৰদিয়া, আৰু প্ৰেমকান্ত চৌধুৰী। মুখ্য অতিথিগৰাকীয়ে অসমৰ বিষেশভাৱে-সক্ষম লোকৰ জীৱন উন্নত কৰাৰ ক্ষেত্ৰত সংস্থাটোৱে কৰা প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে আৰু এতিয়া জীৱনৰ এক নতুন অধ্যায়ৰ বাবে আগ্ৰহী হিতাধিকাৰীসকলক অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰী অশোক সিংহলে এই সংগঠনটোৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই সংগঠনটো বিষেশভাৱে-ক্ষমতাসম্পন্ন ব্যক্তিৰ জীৱন উন্নত কৰাৰ উদাৰ উদ্দেশ্যেৰে অসমলৈ আহিছে।

আজি জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰা অসমৰ শতাধিক লোকলৈ মন্ত্ৰী গৰাকীয়ে অভিনন্দন জ্ঞাপন কৰে। সমাজৰ শেষ ব্যক্তিক সহায় কৰাৰ বাবে সংস্থাটোৰ দায়বদ্ধতা দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়ৰ নীতিৰ সৈতে মিল আছে। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে সংগঠনটোৰ সেৱাৰ পদক্ষেপে তেওঁক গভীৰভাৱে আপ্লুত কৰে, আৰু অসমৰ বিভিন্ন অঞ্চলত অধিক শিবিৰ পাতিবলৈ আহ্বান জনাই তেওঁৰ পক্ষৰ পৰা সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে। অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথিসকলে নাৰায়ণ সেৱা সংস্থানৰ প্ৰতিষ্ঠাপক কৈলাশ মানৱ, অধ্যক্ষ প্ৰশান্ত আগৰৱালা আৰু তেওঁৰ নিষ্ঠাবান দলটোক তেওঁলোকৰ উল্লেখযোগ্য মানৱীয় প্ৰচেষ্টাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে সংস্থানৰ ট্ৰাষ্টী তথা সঞ্চালক দেৱেন্দ্ৰ চৌবিছা, মিডিয়া প্ৰধান ভগৱান প্ৰসাদ গৌৰ আৰু সমন্বয়ক আচল সিং ভাটীয়ে উষ্ম পৰম্পৰাগত মেৱাৰী আদৰণি জনায়। “এক মুঠি আটা” কাহিনীটোৰ লগতে “কুঁৱা প্যাসে কে পাছ” আঁচনিকে ধৰি প্ৰতিষ্ঠানটোৰ ভিন্ন প্ৰভাৱশালী পদক্ষেপৰ সৈতেও তেওঁলোকে দৰ্শকক পৰিচয় কৰাই দিয়ে। ট্ৰাষ্টী দেৱেন্দ্ৰ চৌবিছাই সংস্থাটোৰ পাঁচ বছৰীয়া পৰিকল্পনাৰ এক ৰূপৰেখা দাঙি ধৰাৰ লগতে যোৱা ১২ মে’ত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা নাৰায়ণ সেৱা সংস্থানৰ শিবিৰৰ কথাও স্মৰণ কৰে।

উল্লেখ্য যে, সেই শিবিৰত অসমৰ বহু দূৰ-দূৰণিৰ পৰা অহা ৫০০ ৰো অধিক বিশেষভাৱে সক্ষম ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। আনহাতে ইয়াৰে ২৬৫ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক নাৰায়ণ অংগ আৰু কেলিপাৰৰ বাবে বাছনি কৰা হৈছিল আৰু আজি তেওঁলোকৰ সপোনে বাস্তৱ ৰূপ লাভ কৰে। এই নতুন পৰিৱৰ্তনে তেওঁলোকৰ জীৱনক ৰূপান্তৰিত কৰাৰ লগতে সকলোৰে বাবে প্ৰেৰণাৰ এক উৎস হৈ পৰিছে। শিবিৰৰ সময়ছোৱাত বিশেষভাৱে সক্ষম ব্যক্তিসকলে নিজৰ উৎসাহ শক্তি প্ৰদৰ্শন কৰি পেৰেডত অংশগ্ৰহণ কৰাৰ লগতে নিজৰ নতুন কৃত্ৰিম অংগৰে ফুটবল আৰু বেডমিণ্টন খেলতো ভাগ লোৱা পৰিলক্ষিত হয়। এই বিশেষ অনুষ্ঠানটোৰ সময়ত উপস্থিত লোকসকলৰ উল্লাস আৰু হাত-চাপৰিৰে পৰিৱেশটো গুঞ্জৰিত হৈ উঠে।

উল্লেখ্য যে, এই শিবিৰ আয়োজনৰ বাবে দিগম্বৰ জৈন পঞ্চায়ত, উত্তৰ-পূব মাৰোৱাৰী যুৱ মঞ্চ, গুৱাহাটী গৌশালা, আগৰৱালা সভা, মহেশ্বৰী সভা, লোহিয়া গোট, তেৰাপন্থ সভা, পৰাগ ইণ্ডিয়া, বিহাৰ ফাউণ্ডেশ্যন, গুজৰাটী সমাজ, ৰটাৰী ক্লাৱ, মাতৃ মন্দিৰ আৰু শ্যাম মণ্ডলকে ধৰি ২৫ টাতকৈও অধিক স্থানীয় সংস্থাই সহযোগিতা আগবঢ়ায়। শিবিৰৰ সময়ত এই সংস্থাসমূহক তেওঁলোকৰ অমূল্য অৱদানৰ বাবে প্ৰশংসাপত্ৰ প্ৰদান কৰে নাৰায়ণ সেৱা সংস্থানে। ট্ৰাষ্টী দেৱেন্দ্ৰ চৌবিছাই জানিবলৈ দিয়া মতে, ২৬৫ জনতকৈ অধিক বিশেষভাৱে সক্ষম ব্যক্তিয়ে এদিনতে আৰু একেটা স্থানতে নাৰায়ণ কৃত্ৰিম অংগ লাভ কৰে, যাৰ ফলত দুৰ্ঘটনা বা অন্য কাৰণত শৰীৰৰ অংগ হেৰুৱাই বছৰ বছৰ ধৰি এক পংগু জীৱন পাৰ কৰি অহা লোকসকলে পুনৰ জীৱনৰ গতিশীলতা লাভ কৰিবলৈ সক্ষম হয়।

আজি ১২৯ টা ল’ৱাৰ লিম্ব, ৩১ টা আপাৰ লিম্ব, ৯ টা মাল্টিপল লিম্ব আৰু ৯০ টা কেলিপাৰ স্থাপন কৰা হয়। সংস্থানৰ ৪০ জনীয়া এটা দলে শিবিৰত নিষ্ঠাসহকাৰে সেৱা আগবঢ়ায়। শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা সমন্বয়ক আচল সিং ভাটীয়ে অতিথিসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। এই অনুষ্ঠান পৰিচালনা কৰে ঐশ্বৰ্য ত্ৰিবেদীয়ে।প্ৰণিধানযোগ্য যে, ১৯৮৫ চনৰ প্ৰতিষ্ঠাকালৰ পৰাই মানৱ সেৱাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছে নাৰায়ণ সেৱা সংস্থানে। প্ৰতিষ্ঠাপক কৈলাশ মানৱক তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। অধ্যক্ষ প্ৰশান্ত আগৰৱালাৰ নেতৃত্বত সংস্থাটোৱে চিকিৎসা, শিক্ষা, দক্ষতা বিকাশ আৰু ক্ৰীড়া কাৰ্যসূচীৰ জৰিয়তে লাখ লাখ বিশেষভাৱে সক্ষম ব্যক্তিক সমাজৰ সৈতে একত্ৰিত কৰি সবল কৰি তুলিবলৈ সক্ষম হৈছে।

তেওঁৰ এই অদম্য প্ৰচেষ্টাৰ বাবে ২০২৩ চনত ৰাষ্ট্ৰপতি বঁটা লাভ কৰে প্ৰশান্ত আগৰৱালাই। বৰ্তমানলৈকে এই প্ৰতিষ্ঠানটোৱে ৪৫,২০০ৰো অধিক নাৰায়ণ অংগ প্ৰদান কৰি মানৱতাৰ প্ৰতি এক অনন্য নিদৰ্শন গঢ়ি তুলিছে। এতিয়া এই সংস্থাটোৱে অসমৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলক বিনামূলীয়া নাৰায়ণ অংগ প্ৰদান কৰি তেওঁলোকৰ স্তব্ধ জীৱনটোক সমাজৰ মূল সুঁতিৰ সৈতে সমতাৰে বোৱাই নিবলৈ সহায়ৰ হাত আগবঢ়াইছে।