গুৱাহাটী, ২২ আগষ্ট, ২০২৪ : সমগ্ৰ বিশ্বতে প্ৰতিবন্ধী লোকৰ সহায় আৰু মানৱতাৰ প্ৰতি সমৰ্পিত সেৱাৰ বাবে বহুলভাৱে স্বীকৃতিপ্ৰাপ্ত নাৰায়ণ সেৱা সংস্থাই (Narayana Seva Santha) অহা ২৫ আগষ্টত অসমৰ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আয়োজন কৰিব বিনামূলীয়া নাৰায়ণ অংগ আৰু কেলিপাৰ সংস্থাপন শিবিৰৰ। এই বৃহৎ পৰিসৰৰ শিবিৰটো অহা ২৫ আগষ্ট, দেওবাৰে পুৱা ৮:০০ বজাৰ পৰা বিয়লি ৫:০০ বজালৈ গুৱাহাটীৰ ফাঁচী বজাৰৰ এম এছ ৰোডস্থিত শ্ৰী ভগৱান মহাবীৰ ধৰ্মস্থলত অনুষ্ঠিত হ’ব।

২২ আগষ্ট তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত প্ৰতিষ্ঠানটোৰ সঞ্চালক ট্ৰাষ্টী দেৱেন্দ্ৰ চৌবিছাই কয় যে নাৰায়ণ সেৱা সংস্থাই বিগত ৩৯ বছৰ ধৰি বিভিন্ন ৰাজ্যৰ বিশেষভাৱে সক্ষম লোকসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ গৃহ চহৰৰ সমীপলৈ গৈ তেওঁলোকক সেৱা আগবঢ়াই আহিছে৷ এই প্ৰচেষ্টাসমূহৰ অংশ হিচাপে সংস্থাটোৱে যোৱা ১২ মে’ত গুৱাহাটীত বিনামূলীয়া নাৰায়ণ অংগ পৰিমাপন শিবিৰৰ আয়োজন কৰে, য’ত ৪৫০ গৰাকীতকৈ অধিক ৰোগীৰ অংশগ্ৰহণ উপস্থিতি পৰিলক্ষিত হয়। ইয়াৰে ২৯৫গৰাকী লোকে পথ দুৰ্ঘটনা বা আন দুৰ্ঘটনাত শৰীৰৰ অংগ হেৰুওৱাৰ ফলত অক্ষম হৈ পৰিছিল। প্ৰতিষ্ঠানটোৱে এই লোকসকলক চিনাক্ত কৰি নাৰায়ণ অংগৰ বাবে পৰিমাপ লয়।

তেওঁ লগতে উল্লেখ কৰে যে, অসমত প্ৰথমবাৰৰ বাবে এই সংস্থাটোৱে ৩০০ৰো অধিক প্ৰতিবন্ধীক নাৰায়ণ অংগ প্ৰদান কৰি তেওঁলোকক এক নতুন জীৱন প্ৰদান কৰিব। অক্ষমতাৰ বাবে এইসকল লোক পৰিয়াল আৰু আপোনজনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল যদিও এতিয়া নাৰায়ণ সেৱা সংস্থাই তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি সমাজৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ প্ৰয়াস কৰিছে। শিবিৰৰ সমন্বয়ক তথা প্ৰভাৰী আচল সিঙ ভাটিয়ে বিশেষভাৱে সক্ষম লোকসকলক সমাজৰ মূলসুঁতিত অন্তৰ্ভুক্ত কৰাৰ বাবে সংস্থাটোৰ নিষ্ঠাৰ ওপৰত আলোকপাত কৰে। তেওঁ অসমৰ প্ৰতিবন্ধীসকলক সহায়ৰ বাবে সংস্থাটোৰ অবিৰত দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। প্ৰণিধানযোগ্য যে, এই শিবিৰৰ বাবে দিগম্বৰ জৈন পঞ্চায়ত, উত্তৰ-পূবৰ মাৰোৱাৰী যুৱ মঞ্চ, উত্তৰ-পূব মাৰোৱাৰী সন্মিলন, গুৱাহাটী গৌশালা, আগৰৱাল সভা, মহেশ্বৰী সভা, লোহিয়া গ্ৰুপ, তেৰাপন্থ সভা, পৰাগ ইণ্ডিয়া, বিহাৰ ফাউণ্ডেচন, গুজৰাটী সমাজ, ৰটাৰী ক্লাব, মাতৃ মন্দিৰ আৰু শ্যাম মণ্ডলকে ধৰি ২৫টাতকৈও অধিক স্থানীয় সংস্থাই একত্ৰিত হৈ স্বেচ্ছাসেৱী সেৱা আগবঢ়াইছে। শিবিৰৰ উদ্বোধনী আৰু এই মহৎ সেৱাৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনোৱা হৈছে গুৱাহাটীৰ সমাজকৰ্মী আৰু প্ৰশাসনিক বিষয়াৰ লগতে শতাধিক দানকৰ্তাক। ইয়াৰ উপৰিও সংস্থাটোৰ তৰফৰ পৰা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে শিবিৰত বিনামূলীয়াকৈ খাদ্যৰ ব্যৱস্থাও কৰা হৈছে।

সংবাদমেলৰ সময়ত সংস্থাটোৰ মিডিয়া আৰু জনসংযোগ বিষয়া তথা মুখপাত্ৰ ভগৱান প্ৰসাদ গৌৰে কয় যে অংগ সংস্থাপনৰ পিছত বিশেষভাৱে সক্ষম লোকসকলক নাৰায়ণ সেৱা সংস্থাই পদ্ধতিগতভাৱে খোজ কঢ়াৰ প্ৰশিক্ষণ দিব। এই সেৱাসমূহ প্ৰদানৰ ক্ষেত্ৰত সংস্থাটোৰ ৩০ জনীয়া দলটো সক্ৰিয়ভাৱে জড়িত হ’ব। ইয়াৰ উপৰিও গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা এশৰো অধিক বিশিষ্ট নাগৰিকে শিবিৰত অংশগ্ৰহণ কৰি ইয়াৰ কাৰ্য্যবিধি পৰ্যবেক্ষণ কৰিব। উল্লেখ্য যে, সংস্থাটোৱে কেনিয়া, দক্ষিণ আফ্ৰিকা আৰু উগাণ্ডাৰ দৰে বহিঃৰাষ্ট্ৰতো একেধৰণৰ শিবিৰৰ আয়োজন কৰি আহিছে, য’ত ৩ হাজাৰৰো অধিক লোকক অংগ প্ৰতিস্থাপন কৰা হৈছে।ণসংবাদমেলৰ সময়ত ট্ৰাষ্টী দেৱেন্দ্ৰ চৌবিছা, মুখপাত্ৰ ভগৱান প্ৰসাদ গৌৰ, শিবিৰ প্ৰভাৰী আচল সিং ভাটি, আৰু আশ্ৰমৰ ভাৰপ্ৰাপ্ত বিষয়াই সামূহিকভাৱে অংগ সংস্থাপন শিবিৰৰ পোষ্টাৰ উন্মোচন কৰে।

উল্লেখ্য যে, ১৯৮৫ চনৰ পৰাই নাৰায়ণ সেৱা সংস্থাই “মানৱতাৰ সেৱাই ঈশ্বৰৰ সেৱা” (নৰ সেৱা, নাৰায়ণ সেৱা) নীতিৰে মানুহৰ সেৱা কৰি আহিছে। সংস্থাটোৰ প্ৰতিষ্ঠাপক কৈলাশ মানৱক মানৱতাৰ প্ৰতি দৃষ্টান্তমূলক সেৱা আগবঢ়োৱাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। অধ্যক্ষ প্ৰশান্ত আগৰৱালাৰ নেতৃত্বত এই সংস্থাটোৱে চিকিৎসা, শৈক্ষিক, দক্ষতা বিকাশ আৰু ক্ৰীড়া একাডেমীৰ জৰিয়তে লাখ লাখ বিশেষভাৱে সক্ষম ব্যক্তিক মানসিক, শাৰীৰিক আৰু অৰ্থনৈতিকভাৱে সবল কৰি তুলি সমাজৰ মূলসুঁতিৰ সৈতে সংযুক্ত হোৱাত সহায় কৰিছে। মন কৰিবলগীয়া যে, ২০২৩ চনত প্ৰশান্ত আগৰৱালাক তেওঁৰ অসাধাৰণ অৱদানৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়। আজিলৈকে প্ৰতিষ্ঠানটোৱে ৪৫,২০০ৰো অধিক কৃত্ৰিম অংগ সংস্থাপন কৰি মানৱতাৰ প্ৰতি এক নিদৰ্শন গঢ়ি তুলিছে।এতিয়া এই সংস্থাটোৱে অসমৰ বিশেষভাৱে সক্ষম লোকসকলক বিনামূলীয়াকৈ কৃত্ৰিম অংগ প্ৰদান কৰি তেওঁলোকৰ স্থবিৰ হৈ পৰা জীৱনটোক বৃহৎ পৰিসৰত পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে।