গুৱাহাটী, ৭ আগষ্ট ২০২৫ : ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবাৰ্ডে বৃহস্পতিবাৰে ‘অসমৰ গ্ৰাম্য অৰ্থনীতিৰ পুনৰুজ্জীৱনৰ বাবে হস্ততাঁত’ শীৰ্ষক বিষয়বস্তুৰে গুৱাহাটীৰ ভিভাণ্টা হোটেলত উদযাপন কৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস (National Handloom Day) ২০২৫। এই বিশেষ দিনটোত চৰকাৰী, বেংকিং, বয়ন আৰু গ্ৰাম্য উদ্যোগ খণ্ডৰ গুৰুত্বপূৰ্ণ অংশীদাৰসকলক একত্ৰিত কৰি অসমৰ গ্ৰাম্য উন্নয়নত হস্ততাঁত শিল্পৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়।

অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত বিভাগ, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সচিব আই এ এছ দিলীপ কুমাৰ বৰা। নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস আৰু তেওঁৰ দলটোৱে শিপিনীক সবলীকৰণ আৰু হস্ততাঁত উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গ্ৰহণ কৰা উল্লেখযোগ্য ভূমিকাক প্ৰশংসা কৰে দিলীপ কুমাৰ বৰাই। সাম্প্ৰতিক যুগক অসমৰ হস্ততাঁত শিল্পৰ সোণালী যুগ বুলি অভিহিত কৰি সচিব দিলীপ কুমাৰ বৰাই কয় যে প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ ফুলাম গামোচা ব্যৱহাৰ কৰি ৰাজ্যখনৰ ঐতিহ্য বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে হস্ততাঁত শিল্পৰ বিকাশ আৰু স্বীকৃতিৰ বাবে নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰিছে। একে সময়তে, ২০১৯-২০ বৰ্ষৰ হস্ততাঁত পিয়লৰ তথ্য উদ্ধৃতি দি দিলীপ কুমাৰ বৰাই কয় যে বৰ্তমান অসমত ১২.৮৩ লাখ শিপিনীৰ ভিতৰত ৯০ শতাংশতকৈ অধিক শিপিনীয়ে হৈছে মহিলা আৰু ৰাজ্যত মুঠ ১২.৫৪ লাখ হস্ততাঁত আছে। লগতে তেওঁ ‘স্ব-নিৰ্ভৰ নাৰী’ পৰ্টেলৰ বিশেষ শলাগ লৈ প্ৰকাশ কৰে যে এই পৰ্টেলত এতিয়ালৈকে ৫.৬৪ লাখ শিপিনী পঞ্জীয়ন কৰা হৈছে আৰু প্ৰায় ১১ লাখ হস্ততাঁত সামগ্ৰী বিপণন কৰা হৈছে। এই খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে কেঁচামালৰ যোগান, নূন্যতম সমৰ্থন মূল্য (এম এছ পি), কাজিৰঙাত এক সংহত হস্ততাঁত উদ্যোগ নিৰ্মাণ আৰু শুৱালকুছি তথা অন্যান্য অঞ্চলত ৰেচম পৰ্যটনৰ বিকাশ আদি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকা বুলিও তেওঁ জানিবলৈ দিয়ে।

ইফালে, নাবাৰ্ডৰ অসম আঞ্চলিক কাৰ্যালয়ৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাসে তেওঁৰ প্ৰস্তাৱনা ভাষণত অসমৰ হস্ততাঁত খণ্ডত নাবাৰ্ডৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে দক্ষতা বিকাশ, গ্ৰাম্য উদ্যোগৰ সম্প্ৰসাৰণ, বিপণন আন্তঃগাঁথনিৰ উন্নয়ন আৰু বয়নকাৰীৰ উৎপাদক সংস্থা (অ’এফপিঅ’) গঠন আদি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে বিগত কেইবছৰমানৰ ভিতৰত ৮ হাজাৰৰো অধিক শিপিনী উপকৃত হৈছে। এই প্ৰকল্পসমূহৰ বাবে নাবাৰ্ডে ৫.২৮ কোটি টকাতকৈ অধিক অনুদান আগবঢ়াইছে। ইয়াৰ উপৰিও হস্ততাঁত সামগ্ৰীৰ ভৌগলিক সূচক (জি আই) পঞ্জীয়ন আৰু অনুমোদিত ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে অতিৰিক্ত সহায় আগবঢ়োৱা হৈছে। লোকেন দাসে আৰু কয় যে নাবাৰ্ডে এতিয়া ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) ৰূৰকীৰ সহযোগত অসমৰ বাবে এক বিস্তৃত হস্ততাঁত ৰোডমেপ প্ৰস্তুত কৰি আছে। এই ৰোডমেপে ৰাজ্যৰ বৈচিত্ৰময় হস্ততাঁত উদ্যোগৰ কৌশলগত দিশ আৰু দীৰ্ঘম্যাদী বহনক্ষম উন্নয়ন নিৰ্ধাৰণ কৰাত সহায় কৰিব।

অনুষ্ঠানত প্ৰদান কৰা বক্তব্যত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আঞ্চলিক সঞ্চালিকা সুস্মিতা ফুকনে হস্ততাঁতৰ বিকাশ আৰু ঋণ সংযোগৰ ক্ষেত্ৰত নাবাৰ্ডৰ প্ৰচেষ্টাৰ শলাগ লয়। স্থানীয় পৰিৱেশ অনুকূল হস্ততাঁত উদ্যোগক উৎসাহিত কৰাৰ গুৰুত্বৰ ওপৰতো তেওঁ আলোকপাত কৰে। অন্যহাতে, ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰবন্ধক প্ৰভাস বসুৱে আত্মসহায়ক গোটৰ জৰিয়তে বিত্তীয় সাহায্য আৰু বিভিন্ন চৰকাৰী আঁচনিৰ সৈতে সংযোগৰ জৰিয়তে হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে নিজৰ মতামত দাঙি ধৰে। এই উদযাপনৰ সময়তে হস্ততাঁত উদ্যোগৰ বিভিন্ন অংশীদাৰক একত্ৰিত কৰি সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰ ওপৰত গভীৰভাৱে আলোচনা কৰিবলৈ দুখন বিষয়ভিত্তিক পেনেল আলোচনা অনুষ্ঠিত কৰা হয়। আলোচনাৰ বিষয়বস্তু আছিল “অসমৰ হস্ততাঁত খণ্ডৰ প্ৰত্যাহ্বান” আৰু “অসমৰ গ্ৰাম্য অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত হস্ততাঁত উদ্যোগৰ সম্ভাৱনা”।

অনুষ্ঠানৰ অংশ হিচাপে নাবাৰ্ড সমৰ্থিত হস্ততাঁত শিপিনীসকলে প্ৰস্তুত কৰা তেওঁলোকৰ হস্ততাঁত সামগ্ৰী প্ৰদৰ্শন কৰি অসমৰ বস্ত্ৰ ঐতিহ্যৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰে। একে সময়তে, অনুষ্ঠানত থকা ট্ৰাইফেডৰ এটা স্থলত প্ৰদৰ্শিত হয় বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ বস্ত্ৰশিল্পও। এই প্ৰদৰ্শনীৰ জৰিয়তে হস্ততাঁত শিল্পৰ সমান্তৰালভাৱে জনজাতীয় বস্ত্ৰশিল্পৰ সামগ্ৰিক বিকাশকো তুলি ধৰাৰ প্ৰয়াস কৰা হয়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়া, বিভিন্ন বেংক, হস্ততাঁত খণ্ডৰ সৈতে জড়িত লোক আৰু বৃহৎ সংখ্যক শিপিনীৰ আশাব্যঞ্জক অংশগ্ৰহণে এই উদ্যোগৰ বিকাশৰ প্ৰতি তেওঁলোকৰ প্ৰবল সমৰ্থন প্ৰতিফলিত কৰে।