গুৱাহাটী, ১৯ নৱেম্বৰ, ২০২৩ : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যক আদৰণি জনাইছে মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই (Dibyajyoti Saikia)। শুকুৰবাৰে গুৱাহাটীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অসমত সংঘটিত হোৱা ৫৬ টা গোচৰৰ শুনানিৰ মীমাংসা হিচাপে ৰাজ্য চৰকাৰক ক্ষতিপূৰণ হিচাপে তিনি ৩ কোটি ৫৫ লাখ টকা ক্ষতিপূৰণ হিচাপে ভুক্তভূগি পৰিয়ালক শীঘ্ৰে আদায় দিবলৈ নিৰ্দেশ প্ৰদান কৰে।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এই কাৰ্যক আদৰণি জনাইছে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। আয়োগে অসম চৰকাৰৰ লগতে উত্তৰ পূব ৰে’লৱেক এই নিৰ্দেশ দিছে। অলপতে গোলাঘাট জিলাৰ দেৰগাঁৱৰ এজন নিৰীহ যুৱকে আৰক্ষীয়ে কৰা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে আত্মহত্যা কৰিছিল। এই আত্মহত্যাৰ ঘটনাৰ লগতে অসম আৰক্ষীৰ দ্বাৰা ৪৫ টা ভুৱা এনকাউণ্টাৰ ঘটনাক লৈ মুঠ ৫৬ টা ঘটনাৰ শুনানিৰ মীমাংসাত উক্ত ক্ষতিপূৰণ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে।

মানৱ অধিকাৰ আয়োগে এক বিশেষ ঘটনা সন্দৰ্ভত ৰে’লৱেক ছয় সপ্তাহৰ ভিতৰত নিহত, আহত আৰু নিখোজ হোৱা পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।উল্লেখযোগ্য যে ভুৱা এনকাউণ্টাৰ আৰু আত্মহত্যাৰ ঘটনা সন্দৰ্ভত অন্যতম সৰৱভাৱে সোচ্চাৰ ভূমিকা পালন কৰি আহিছে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

এই সন্দৰ্ভত ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে অদূৰ ভৱিষ্যতে নিৰীহ নিৰ্দোষী সাধাৰণ মানুহৰ মানৱ অধিকাৰৰ বাবে তেওঁ মাত মাতি যাব। উল্লেখ্য যে ডঃ দিব্যজ্যোতি শইকীয়া দীর্ঘদিন ধৰি অন্ধবিশ্বাস আৰু ডাইনীকাণ্ডৰ বিৰুদ্ধে সংগ্রাম কৰি আহিছে।