গুৱাহাটী, ১০ জুলাই, ২০২৫ : সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো আজিৰ পৰা আৰম্ভ হৈছে ’ডায়েৰিয়া প্ৰতিৰোধ কাৰ্যসূচী’৷ ১০ জুলাইৰ পৰা অহা ২৫ আগষ্টলৈ চলিবলগীয়া এই কাৰ্যসূচী মহানগৰৰ সাতগাঁও ৰাজ্যিক আয়ুষ্মাণ (Ayshman) আৰোগ্য মন্দিৰত শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়ে।
বিশেষকৈ জুন জুলাই মাহত সৃষ্টি হ’ব পৰা ডায়েৰিয়াৰ পাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।কোনো শিশুয়েই যাতে ডায়েৰিয়াত মৃত্যুবৰণ কৰিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱক সকলক সজাগ কৰাৰ লগতে জিলাখনৰ অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত ছাত্র-ছাত্রীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱা অভ্যাস আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ গুৰূত্ব সম্পৰ্কেও সজাগতা সৃষ্টি কৰা হ’ব৷
আজিৰ পৰা আৰম্ভ হোৱা ডায়েৰিয়া প্ৰতিৰোধ কাৰ্যসূচীত জিলাখনৰ ০-৫ বছৰ বয়সৰ সকলো শিশুকে সাঙুৰি লোৱা হ’ব আৰু শিশুসকলৰ মাজত অ আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰা হ’ব। জিলাখনৰ আশাকৰ্মী সকলে ঘৰে ঘৰে গৈ সজাগতা সৃষ্টি কৰাৰ লগতে অ আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰিব।
শুভাৰম্ভণি অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ বিশেষ কৰ্তব্যৰত বিষয়া লখিমী দত্ত, মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অপূৰ্ব কৃষ্ণ শৰ্মা, মেয়ৰ-ইন-কাউঞ্চিল অসীম শইকীয়া, ৰাজধানী মণ্ডলৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ পৰাশ্ৰী চৌধুৰী, সাতগাঁও ৰাজ্যিক আয়ুষ্মাণ আৰোগ্য মন্দিৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ ধ্ৰুৱ ৰাজবংশী, পাণ্ডু এফ আৰ ইউৰ শিশু বিভাগৰ চিকিৎসক ডাঃ গীতিমা ডেকা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ৰাজ্যিক আঁচনি প্ৰবন্ধক ড০ দ্বীপজ্যোতি ডেকাকে ধৰি জিলাৰ সমাজ কল্যাণ, শিক্ষা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতিনিধি, চিকিৎসালয়খনৰ বিষয়া কৰ্মচাৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক জিলা তথা খণ্ড ভিত্তিক বিষয়াসকল উপস্থিত থাকে।