গুৱাহাটী, ১৬ আগষ্ট, ২০২৫ : অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত অইল আইটা ছুপাৰ ছিৰিজ টেনিছত (Tennis) দ্বিমুকুট লাভ কৰিছে৷ সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত নিব্ৰাছে ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক আৰু ডাবলছ শাখাৰ খিতাপ জয় কৰে৷ ইফালে, মহাৰাষ্ট্ৰৰ শিৱানী গুপ্তেই ছোৱালীৰ ১৬ বছৰ অনূধ্বৰ্ৰ একক আৰু ডাবলছ শাখাৰ খিতাপ জয় কৰি দ্বিমুকুট অৰ্জন কৰিবলৈ সক্ষম হয়৷

১৪ আৰু ১৬ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনৰ ফাইনেলৰ একক শাখাত নিব্ৰাছে কৰ্ণাটকৰ যশ কুমাৰক ৭-৫, ৬-১ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰাৰ বিপৰীতে ডাবলছত নিব্ৰাছে অসমৰে ৰিক ৰাউটৰ লগত যুটি বান্ধি কৰ্ণাটকৰ যশ আৰু সন্তোষ যুটিক তিনিটা ছেটৰ অন্তত ৩-৬, ৭-৫, ১০-০ ৰ ব্যাৱধানত হৰুৱাই দ্বিমুকুট লাভ কৰে৷ উল্লেখ্য যে এমাহৰ ভিতৰত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত নিব্ৰাছৰ এয়া দ্বিতীয়টো দ্বিমুকুট অৰ্জন কৰাৰ সফলতা৷ ইয়াৰপূৰ্বে যোৱা মাহত চচলতে অনুষ্ঠিত ১২ আৰু ১৪ বছৰ অনূধ্বৰ্ৰ অইল-আইটা ছুপাৰ ছিৰিজত নিব্ৰাছে ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক আৰু ডাবলছ শাখাৰ খিতাপ জয় কৰিছিল৷

ইফালে, ল’ৰাৰ ১৬ বছৰ অনূধ্বৰ্ৰ শাখাত অসমৰ পাৰ্থিৱ কলিতাৰো দ্বিমুকুট অৰ্জনৰ সুযোগ আছিল যদিও ফাইনেলত পৰাজয়ৰ সন্মুখিন হয়৷ একক শাখাত কৰ্ণাটকৰ এম শ্ৰেয়ান্তৰ বিৰুদ্ধে ৬-০, ৬-২ ৰ ব্যাৱধানত পৰাস্ত হোৱাৰ পাছত, পাৰ্থিৱ আৰু অসমৰে চান্দোগ্য পাঠক ডাবলছৰ খিতাপৰ যুঁজত বংগৰ অবনদ্বিপ চৌধুৰী আৰু কৰ্ণাটকৰ শ্ৰেয়ান্তৰ বিৰুদ্ধে ৬-৩, ৭-৫ ৰ ব্যাৱধানত পৰাস্ত হয়৷ ইফালে, ছোৱালীৰ ১৬ বছৰ অনূধ্বৰ্ৰ একক শাখাত শিৱানীয়ে বিহাৰৰ ভাৰ্গৱী শৰ্মাক ৬-২, ৩-৬, ৬-৩ পৰাস্ত কৰি খিতাপ জয় কৰে৷ বিপৰীতে, ভাৰ্গৱীয়ে ১৪ বছৰ অনুৰ্ধৰ একক শাখাত উত্তৰাখণ্ডৰ পূৰৱী পাটোৱাক ৬-২, ৬-২ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰি চেম্পিয়ন হয়৷

আনহাতে, ছোৱালীৰ ১৬ বছৰ অনূধ্বৰ্ৰ ডাবলছ শাখাত শিৱানীয়ে হাৰিয়ানাৰ ৰিত অৰোৰাৰ লগত যুটি বান্ধি ফাইনেলত অসমৰ আৰিশা এম চৌধুৰী আৰু সাংস্কৃতি এছ বৰাক ৬-১, ৬-৩ ত পৰাস্ত কৰে৷ সামৰণি অনুষ্ঠানত ট্ৰফী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে সদৌ অসম টেনিছ সন্থাৰ সাধাৰণ সম্পাদক অংকুশ দত্ত আৰু সন্থাৰ যুটীয়া সম্পাদক দিগন্তজ্যোতি গগৈয়ে৷