তেজপুৰ, ৩১ আগষ্টঃ বহুজাতিক কোম্পানী ভিএলচিচিৰ সৌন্দৰ্য্য কেন্দ্ৰ এটা তেজপুৰত মুকলি কৰা হয়৷ সৌন্দৰ্য্য কেন্দ্ৰটোৱে বহুলভাবে উপযুক্ত মেক আপ, সৌন্দৰ্য্য, চুলি আৰু ছালৰ সেৱা একেলগে প্ৰদান কৰিব। এই সৌন্দৰ্য্য কেন্দ্ৰটো অনুৰাগ আগৰৱাল আৰু পিংকল হাজৰিকা লহকৰৰ উদ্যোগত কাৰ্যকৰী কৰা হৈছে। ইম্পেৰিয়েল ৰেচিডেন্সিত অৱস্থিত ৯০০ বৰ্গ ফুট এলেকাৰ কেন্দ্ৰটোৰ সামঞ্জস্য আন্তর্জাতিক কেন্দ্ৰৰ লগত ৰাখি প্রতিষ্ঠা কৰা হৈছে৷ সৌন্দৰ্য্য কেন্দ্ৰটোত উপযুক্ত মানৰ ছাল, চুলিৰ সৌন্দৰ্য্য চৰ্চ্চাৰ সু ব্যৱস্থা আছে। ইয়াৰ আন সেৱা সমূহ হৈছে, ছালৰ যতন, চুলিৰ যতন, মেক-আপ আৰু অধিক মূল্যৰ সেৱা যেনে নন ইনভাচিচ ডার্মাটােলোজী। ছেলুনত গ্ৰাহকৰ সেৱাৰ বাবে অভিজ্ঞশালী সহায়ক আছে। ভিএলচিচিৰ প্ৰতিষ্ঠাপক বন্দনা লুথ্ৰাৰে কয় যে, তেজপুৰ  হৈছে এখন বর্ধগামী চহৰ আৰু ইয়াক অসমৰ সাংস্কৃতিক কেন্দ্ৰ বুলিও কোৱা হয়। তেজপুৰত যথেষ্ট সাংস্কৃতিকতাৰ প্ৰভাৱ দেখিবলৈ পােৱা যায় আৰু এটা উপযুক্ত ধৰণৰ সকলো বয়সৰ গ্ৰাহকৰ চাহিদা পোৱা যাব। আমি বিশেষকৈ দ্বিতীয় আৰু তৃতীয় বৰ্গৰ চহৰকেইখনত গুৰুত্ব দিছাে, কাৰণ কোম্পানীৰ বিকাশত ই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব। আমি আত্মবিশ্বাসী যে সৌন্দৰ্য্য কেন্দ্ৰটোৱে তেজপুৰত এক শক্তিশালী স্থিতি অধিকাৰ কৰিবলৈ সক্ষম হ’ব।