নিউজ ডেস্ক, ২ মে’, ২০২৫ : সীমান্ত সুৰক্ষা আৰু অধিক বৃদ্ধি কৰা আৰু ৰে’ল সম্পত্তি তথা যাত্ৰী সুৰক্ষা নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূৰ্ব সীমান্ত ৰে’লৱেৰ (NF Railway) ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) চৰকাৰী ৰে’লৱে আৰক্ষী (জিআৰপি) আৰু সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) ৰ সৈতে ঘনিষ্ঠ সমন্বয়ত বাংলাদেশ সীমান্তৰ সংবেদনশীল এলেকা সমূহত যৌথ টহলদাৰী অভিযান চলায়। এই অভিযানসমূহৰ উদ্দেশ্য আছিল আন্তৰ্জাতিক সীমাৰ কাষেৰে যোৱা ৰে’লপথসমূহত নজৰদাৰী বৃদ্ধি কৰা, যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰা।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ বিভিন্ন মণ্ডলত এই যৌথ টহলদাৰী অভিযান চলোৱা হয়, বিশেষকৈ ভাৰত-বাংলাদেশ সীমান্ত সংলগ্ন অঞ্চলসমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই যৌথ প্ৰচেষ্টাসমূহ আন্তঃ-সংস্থা সমন্বয় আৰু সতৰ্কতাৰ মনোভাৱেৰে গ্ৰহণ কৰা হৈছিল। এই পদক্ষেপৰ এটা গুৰুত্বপূর্ণ অংশ হৈছিল লামডিং মণ্ডলৰ বদৰপুৰ ৰে’ল ষ্টেচনত ব্যাপক সুৰক্ষা অভিযান। যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সুৰক্ষা কৰ্মচাৰীসকলে ষ্টেচন চৌহদ, প্লেটফৰ্ম আৰু চৌপাশে সাৱধানে পৰিদৰ্শন কৰি কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ চিনাক্ত আৰু প্ৰতিৰোধ কৰে। আন এটা গুৰুত্বপূৰ্ণ প্ৰয়াস হিচাপে লামডিং মণ্ডলৰ শিলচৰ আৰু কাটাখাল শাখাৰ মাজত এখন যৌথ মটৰ ট্ৰলি নিৰীক্ষণ চলোৱা হয়।

এই অভিযানত আৰপিএফ, জিআৰপি আৰু বিএছএফৰ দলবোৰে ৰে’লৰ আন্তঃগাঁথনিৰ সুক্ষ্ম ভাৱে পৰ্যবেক্ষণ কৰিছিল, যিকোনো ধৰণৰ বিকৃতি, অনাধিকাৰ প্ৰৱেশ বা সাম্ভাব্য ভাবুকি চিনাক্ত কৰাৰ লগতে অঞ্চলটোৰ ৰে’ল সুৰক্ষা প্ৰণালীৰ সামগ্ৰিক প্ৰস্তুতিৰ পৰ্যবেক্ষণ কৰে। আলিপুৰদুৱাৰ মণ্ডলত নিউ ময়নাগুড়িৰ পৰা নিউ দোমোহনী ৰে’ল ষ্টেচনলৈকে যৌথভাৱে ফুট পেট্ৰোলিং  টহলদাৰী চলোৱা হয়। ৰে’লপথৰ সৈতে সংগতি ৰাখি কৰা এই টহলৰ উদ্দেশ্য আছিল ৰে’লপথৰ সুৰক্ষা নিশ্চিত কৰা, অবৈধ ক্ৰছিং প্ৰতিৰোধ কৰা অঞ্চলটোত যিকোনো সন্দেহজনক কাৰ্যকলাপ চিনাক্ত কৰা।

একেদৰে, কাটিহাৰ মণ্ডলত হলদিবাড়ী জিৰো পইণ্টৰ পৰা হলদিবাড়ী ৰে’ল ষ্টেচনলৈ যৌথভাৱে ফুট পেট্ৰোলিং  চলোৱা হয়। এই অঞ্চলটো আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত থকাৰ বাবে সীমান্ত অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা আৰু ২৪ ঘণ্টাই সতৰ্কতা শক্তিশালী কৰিবলৈ তীব্ৰভাৱে টহলদাৰী চলোৱা হয়। এই সক্ৰিয় যৌথ পদক্ষেপসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু সুৰক্ষা বাহিনীৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ সুৰক্ষাৰ প্ৰতি থকা অটুট প্ৰতিশ্ৰিতৰ প্ৰতিফলন।

এই যৌথ টহলদাৰীৰ ফলত ৰে’ল কৰ্মচাৰী আৰু যাত্ৰীৰ মাজত সুৰক্ষাৰ এক দৃঢ় অনুভূতি সৃষ্টি কৰাই নহয় লগতে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিৰোধক ভূমিকা পালন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে ৰে’লৱে নেটৱৰ্কৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত সদায় প্ৰতিশ্ৰুতিবদ্ধ আৰু সমগ্ৰ অঞ্চলটোৰ যাত্ৰী, সম্পত্তি আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ সুৰক্ষাৰ বাবে আৰ পি এফ, জি আৰ পি আৰু বি এছ এফৰ সৈতে একত্ৰিতভাৱে কাম কৰি থাকিব।