কুন্দন ভৰালী

নগাঁও

১৪ জানুৱাৰী

নেহেৰুৱালীত পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ভোগালী উৎসৱ। বৃহস্পিতিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে কলঙৰ নেহেৰুৱালীত আৰম্ভ হৈছে ভোগালী উৎসৱ। সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰম্ভ হোৱা ভোগালী উৎসৱত পুৱা নগাঁৱৰ দহগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা মেজি প্ৰজ্বলন কৰা হয়। সমাজৰ সকলো অপায় অমংগল নাশ হোৱাৰ কামনাৰে মেজি প্ৰজ্বলনেৰে অগ্নি সেৱা কৰা হয়।

ভোগালী উৎসৱৰ প্ৰথমদিনাই মেজি প্ৰজ্বলনৰ পিছত পতাকা উত্তোলন আৰু ভোগলীৰ স্মৰণিকাও উন্মোচন কৰা হয়। সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমাজৰ শান্তি কামনা কৰে ভোগালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই। ভোগালী বিহুৰ পৰম্পৰা অনুযায়ী কলঙৰ বাকৰি নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হোৱা ভোগালী উৎসৱত নগাঁৱৰ জ্যেষ্ঠ নাগৰিক সকলক সম্বৰ্ধনা জনায় সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিয়ে। নগাঁৱৰ এশৰো অধিক জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনায় উদযাপন সমিতিয়ে। জ্যেষ্ঠ নাগৰিকক সেৱা জনায় ভোগালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই। বিহুৰ দিনটোত ৰাজহুৱা সম্বৰ্ধনা লাভ কৰি উৎফুল্লিত হৈ পৰে নগাঁৱৰ জ্যেষ্ঠ নাগৰিকসকল। ভোগালী উৎসৱত মুকলি বিহু নৃত্যও প্ৰদৰ্শন কৰা হয়। নগাঁৱৰ নেহেৰুৱালীত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভোগালী উৎসৱত বৃহস্পিতিবাৰে মুকলি কৰা হয় ভোগালী মেলাৰ। ভোগালী মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিপণী সমূহত বিভিন্ন সামগ্ৰী উপলব্ধ হোৱাৰ লগতে ভোগালী মেলাত আছে জনগোষ্ঠীয় খাদ্য সামগ্ৰী।

লক্ষীমপুৰ, ধেমাজি, মাজুলীৰ পৰা অহা জনগোষ্ঠীয় খাদ্যৰ বিপণী সমূহত উপলব্ধ বিভিন্ন খাদ্য সম্ভাৰ। খৰিকাত দিয়া গাহৰি, টোপোলা ভাত, খৰিকাত দিয়া কুকুৰা মাংস, কেঁকুৰা পুৰা, পিটিকা আদি বিভিন্ন খাদ্য উপলব্ধ খাদ্যৰ বিপণীসমূহত। ভোগালী উৎসৱৰ আৰম্ভণিৰ দিনাই খাদ্যৰ বিপণী সমূহত ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হোৱাৰ লগতে জনগোষ্ঠীয় খাদ্যৰ যথেষ্ট বিক্ৰী হোৱা বুলি জনায় খাদ্য বিপণীৰ লোক সকলে।