নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (NF Railway) নিউ বঙাইগাঁৱৰ কেৰেজ এণ্ড ৱাগন ৱৰ্কশ্বপে আগষ্ট মাহৰ সময়ছোৱাত ইয়াৰ কামকাজ আৰু নৱপ্ৰৱৰ্তনৰ ক্ষেত্ৰত এক নতুন মানদণ্ড স্থাপন কৰিছে। ৰে’লৱে ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি, এই ৱৰ্কশ্বপে পোন প্ৰথমবাৰৰ বাবে ১০ টা বিআৰএন ৱাগনক ফিক্সড হেড টাইপৰ পৰা ফলডেবল হেড টাইপলৈ সফলতাৰে ৰূপান্তৰ কৰিছে। এই গুৰুত্বপূৰ্ণ পদক্ষেপে উচ্চ ক্ষমতাসম্পন্ন ফ্লেট ৱাগনৰ উপলব্ধতা বৃদ্ধি কৰিব, যিবোৰ ভাৰী আৰু অতিৰিক্ত মাত্ৰাৰ কনচাইনমেন্ট পৰিবহণৰ লগতে প্ৰতিৰক্ষা বাহিনীৰ লজিষ্টিক প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ৱাগন ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত, এই ৱৰ্কশ্বপে এটা মাহতেই ৪৯ টা বিঅএক্সএন ধৰণৰ ৱাগনৰ ৰেকৰ্ড উৎপাদন অৰ্জন কৰিছে, য’ত ইন হাউচ নৱীকৰণ, যেনে দুৱাৰৰ উচ্চতা হ্ৰাস আৰু ব্লক কৰাৰ দৰে কাম জড়িত আছে। উক্ত মাহটোত সৰ্বমুঠ ১৪৯ টা ৱাগনৰ উৎপাদনে বিগত বিত্তীয় বৰ্ষৰ তুলনাত ১২ টা বিঅএক্সএন ৱাগনৰ গড় মাহিলী উৎপাদনৰ দিশত যথেষ্ট অগ্ৰগতি অৰ্জন কৰিবলৈ সক্ষম হয়। এই গুৰুত্বপূৰ্ণ সফলতাই মালবাহী ৱাগনৰ উপলব্ধতা বৃদ্ধিৰ দিশত উল্লেখযোগ্য অৰিহণা যোগাব, পৰিণামস্বৰূপে ভাৰতীয় ৰে’লৱেৰ ক্ৰমবৰ্ধমান পৰিবহণৰ প্ৰয়োজনীয়তাকে সঁহাৰি প্ৰদান কৰা হ’ব।
ইয়াৰ উপৰিও, এই ৱৰ্কশ্বপটোৱে নিউ বঙাইগাঁৱত পোন প্ৰথমবাৰৰ বাবে এস্কৰ্ট নিৰ্মিত বগী মাউণ্টেড ব্ৰেক চিষ্টেম (বিএমবিএছ) ব্ৰেক চিলিণ্ডাৰৰ ওভাৰহ’লিং সম্পন্ন কৰিছে, যি ইয়াৰ পূৰ্বে কেতিয়াও কৰা হোৱা নাছিল। এই নতুন সক্ষমতাই বিএমবিএছ সজ্জিত ৱাগনৰ সুগম ৰক্ষণাবেক্ষণ আৰু দ্ৰুত টাৰ্ণএৰাউণ্ড সম্ভৱ কৰি তুলিব, যিয়ে ৱৰ্কশ্বপটোৰ আধুনিক মালবাহী ৰে’লৰ ষ্টক নিয়ন্ত্ৰণৰ কাৰিকৰী প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও, এটা আইচিএফ ডবা (নং ০৭৫২১০) সফলতাৰে এক্সিডেন্ট ৰিলিফ ট্ৰেইন (ৰি-ৰেইলিং আৰু সঁজুলি ভ্যান)লৈ ৰূপান্তৰিত কৰা হৈছে, যিয়ে অঞ্চলটোত দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰস্তুতি অধিক শক্তিশালী কৰি তুলিছে।
ভাৰতীয় ৰে’লৱেৰ কাৰ্যক্ষমতা আৰু স্থায়িত্বৰ ওপৰত গুৰুত্ব প্ৰদানৰ সৈতে সংগতি ৰাখি, এই ৱৰ্কশ্বপটোৱে পিঅএইচ ৰ সময়ত নতুন ডিজাইন আৰু নৱীকৰণৰ দিশত ১০০ শতাংশ অনুসৰণ নিশ্চিত কৰিছে। ৱৰ্কশ্বপটোৱে শিলিগুড়ীৰ পৰা অতি বেয়া অৱস্থাত প্ৰাপ্ত কৰা এখন ডেমু ৰেক, য’ত ত্ৰুটিযুক্ত ইপি ব্ৰেক চিষ্টেম আৰু ক্ষয়প্ৰাপ্ত পাইপলাইন আছিল, তাক সম্পূৰ্ণ নিৰ্ভৰযোগ্য আৰু সেৱাৰ বাবে উপযুক্ত ৰেকলৈ পুনৰুদ্ধাৰ কৰিছে। সযতনে ওভাৰহ’লিং আৰু সামান্য ক্ষয়প্ৰাপ্ত উপাদানৰ সক্ৰিয় প্ৰতিস্থাপনৰ জৰিয়তে, এই কাৰ্যত জড়িত সংশ্লিষ্ট টীমটোৱে ৰেকখনৰ সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতাৰ সৰ্বোচ্চ মানদণ্ডৰ পুনৰুদ্ধাৰ নিশ্চিত কৰিছে।
ইয়াৰ উপৰিও, আগষ্ট মাহৰ সময়চোৱাত ১৫২ এম.টিৰো অধিক ফেৰাচ স্ক্ৰেপ আৰু প্ৰায় ০.৫ এম.টি. নন ফেৰাচ স্ক্ৰেপ নিষ্কাশন কৰি উল্লেখযোগ্য অৰিহণা যোগাইছে। এই সফলতাসমূহে নিউ বঙাইগাঁও ৱৰ্কশ্বপৰ সমৰ্পন আৰু কাৰিকৰী উৎকৰ্ষকতাকেই প্ৰদৰ্শন কৰিছে, যিয়ে মালবাহী ৰে’ল আৰু যাত্ৰী পৰিবহণ উভয়তে সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কাৰ্যক্ষমতা, সুৰক্ষা আৰু সেৱাৰ উন্নতকৰণৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।