গুৱাহাটী, ৫ জুন, ২০২৫ : অসমৰ মাটিত গঢ় লৈ উঠা ব্ৰেণ্ড ‘লুইত ব্লু’য়ে আনুষ্ঠানিকভাৱে ৰাজ্যখনত মুকলি কৰিছে তেওঁলোকৰ পেকেটযুক্ত খোৱাপানীৰ (Drinking Water) প্ৰথমটো গোট। ঘৰুৱা ব্যৱহাৰ আৰু যাত্ৰাৰ সময়ত উপযোগী হোৱাকৈ ব্ৰেণ্ডটোৱে প্ৰথমাৱস্থাত বজাৰত মুকলি কৰিছে ২০ লিটাৰৰ পিইটি জাৰ, ৫০০ মিলিলিটাৰ, আৰু ৭৫০ মিলিলিটাৰৰ বটল। গুণগত মান, সুলভতা আৰু সমাজকেন্দ্ৰিক চিন্তাধাৰাক মূল লক্ষ্য হিচাপে লৈ ‘লুইত ব্লু’ৰ লক্ষ্য হৈছে পেকেটযুক্ত খোৱাপানীৰ শ্ৰেণীত নতুন মানদণ্ড নিৰ্ধাৰণ কৰা।
ডি এণ্ড চলিহা এণ্টাৰপ্ৰাইজৰ প্ৰতিষ্ঠাপিকা লনা চলিহাই (মণ্ডালিকা) এই সন্দৰ্ভত কয়, “বৰ্তমানৰ বজাৰৰ চাহিদাৰ সৈতে সংগতি ৰাখি আমি মাত্ৰ ১০ টকাত ৭৫০ মিলিলিটাৰ পেকেটযুক্ত খোৱাপানী মুকলি কৰিছোঁ। প্ৰতিটো বটলত বিশুদ্ধ আৰু নিৰাপদ পানী যোগান ধৰাৰ বাবে প্ৰয়াস কৰা হৈছে। এই পানী বিশুদ্ধ কৰিবলৈ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণৰ সকলো নীতি-নিয়মৰ অধীনস্থ এক অনুকূল প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়।”
উল্লেখ্য যে, ‘লুইত ব্লু’ৰ এই খোৱাপানী প্ৰস্তুত কৰা হয় গুৱাহাটীৰ গাতে লাগি থকা চন্দ্ৰপুৰত অৱস্থিত কোম্পানীটোৰ অত্যাধুনিক কাৰখানাত। পানী বিশুদ্ধকৰণৰ প্ৰতিটো পৰ্যায়তে ৰিভাৰ্ছ অস্মোছিছ (আৰঅ’), ইউ ভি ট্ৰিটমেণ্ট আৰু অ’জনকৰণ আদি অন্তৰ্ভুক্ত কৰা হয়। তাৰ পিছত প্ৰতিটো গোট কঠোৰ অণুজীৱ পৰীক্ষাৰ মাজেৰে পাৰ কৰা হয়। কোম্পানীটোৱে নিজৰ ‘জিৰ’ কণ্টেমিনেচন গ্যাৰাণ্টী’ বজাই ৰাখি এই খোৱাপানী পৰীক্ষণ কৰে, যাতে গ্ৰাহকে প্ৰতিবাৰেই একেবাৰে বিশুদ্ধ, নিৰাপদ, আৰু সতেজ খোৱাপানী লাভ কৰাটো নিশ্চিত হয়।
গুৱাহাটীস্থিত এই কোম্পানীটোৱে সগৌৰৱে কয় যে কোম্পানীৰ কৰ্মশক্তিৰ অধিকাংশই মহিলা। তেওঁলোকৰ এটা বিশেষ লক্ষ্য হৈছে স্থানীয় মহিলাসকলৰ জীৱিকা সুনিশ্চিত কৰা। ইয়াৰ বাবে কৰ্মচাৰীসকলক নিয়মীয়া প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ কৰ্মশালাৰ জৰিয়তে গুণগত নিয়ন্ত্ৰণ, লজিষ্টিক, আৰু পেকেজিঙৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত প্ৰশিক্ষণ দিয়া হয়। এই ব্যৱস্থাৰ জৰিয়তে কৰ্মচাৰীসকলৰ দীৰ্ঘম্যাদী পেছাদাৰী ভৱিষ্যত আৰু ব্যক্তিগত বিকাশৰ পথ প্ৰশস্ত কৰি আহিছে কোম্পানীটোৱে।
বজাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূব ভাৰতত ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে লুইত ব্লুৱে অতি সোনকালে বিভিন্ন আকাৰ আৰু বিভিন্ন তৰহৰ নতুন পেকেজ প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে। ইতিমধ্যে কোম্পানীটোৱে বিভিন্ন বিতৰক, খুচুৰা শৃংখল, প্ৰতিষ্ঠান আৰু অন্যান্য প্লেটফৰ্মৰ সৈতে অংশীদাৰিত্ব কৰি তেওঁলোকৰ সামগ্ৰীসমূহ অধিক সহজ আৰু ব্যাপকভাৱে উপলব্ধ কৰাৰ পৰিকল্পনা কৰিছে।
মন কৰিবলগীয়া যে, “লুইত ব্লু” নামটো লোৱা হৈছে অসমৰ প্ৰাণপ্ৰবাহ ব্ৰহ্মপুত্ৰ নদীৰ নামৰ পৰা। অসমীয়া জনজীৱনৰ আয়ুস ৰেখা হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰক স্থানীয় ভাষাত ‘লুইত’ বুলিও কোৱা হয়। এই নাম হৈছে পবিত্ৰতা, শক্তি আৰু জীৱনৰ প্ৰতীক। একেদৰে “ব্লু” শব্দটোৱে পানীৰ স্পষ্টতাৰ লগতে ব্ৰেণ্ডটোৰ খনিজ সমৃদ্ধ পানী আৰু বহনক্ষম স্বাস্থ্যৰ প্ৰতি থকা দায়বদ্ধতা প্ৰদৰ্শন কৰে।
বিশুদ্ধ পানীক মৌলিক অধিকাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দৃষ্টিভংগীৰে লুইত ব্লু’ৱে উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ বাবে প্ৰথম পছন্দৰ খোৱাপানীৰ ব্ৰেণ্ড হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছে। কেৱল পানী যোগান ধৰাই নহয়, প্ৰতিখন ঘৰলৈ আশা আৰু সুস্বাস্থ্যও কঢ়িয়াই অনাৰ লক্ষ্যৰে আগবাঢ়িছে এই ব্ৰেণ্ডটোৱে।