গুৱাহাটী, সংবাদ ৩৬৫, ৮ ডিচেম্বৰ : দিশপুৰৰ পৰা খানাপাৰা অভিমুখী আৰু ছুপাৰ মাৰ্কেটৰ পৰা লাষ্টগে’ট অভিমুখী জি এছ ৰোডৰ ওপৰত নিৰ্মাণ হ’ব গুৱাহাটীৰ আটাইতকৈ দীঘল উৰণীয়া সেঁতু।

১২৭.২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগীয়া এই উৰণীয়া সেঁতুখন দেওবাৰে শুভাৰম্ভণি কৰা হয়। ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত নিৰ্মাণ কৰা হব এই উৰণীয়া সেঁতুখন । উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য হ’ব ১৪০০ মিটাৰ আৰু সেঁতুখনৰ নিৰ্মাণৰ বাবে সময় ধাৰ্য কৰা হৈছে ৩৬ মাহ৷

‘T’ আকৃতিৰ উৰণীয়া সেতুখনে সমগ্ৰ অঞ্চলটোৰ যান-জঁট হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ লাষ্টগেটত এই দলংখনৰ শুভাৰম্ভণি কৰে। শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, অতুল বৰাকে ধৰি বহু নেতা উপস্থিত থাকে।

মুখ্যমন্ত্ৰীয়ে তেখেতৰ নিজৰ ভাষণত কয় যে গুৱাহাটীক দেশৰ ভিতৰতে এখন সৰ্বাংগসুন্দৰ মহানগৰ হিচাপে গঢ় দিয়াত আমি মনোনিবেশ কৰিছোঁ। গতিকে, গুৱাহাটীক স্বচ্ছ কৰি ৰখাৰ বাবে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি যাবলৈ নাগৰিকসকলক আহ্বান জনালো ।