নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) কাটিহাৰ মণ্ডলৰ নিউ জলপাইগুড়ী ষ্টেচনত দুটা নতুন প্লেটফৰ্মৰ নিৰ্মাণ কৰিছে। এই যাত্ৰীমুখী পদক্ষেপে ষ্টেচনটোৰ আন্তঃগাঁথনিত এক গুৰুত্বপূৰ্ণ উন্নয়নৰূপে পৰিগণিত হোৱাৰ লগতে ইয়াৰ লক্ষ্য হৈছে যাত্ৰীসকলৰ সুবিধা বৃদ্ধি, সুগমভাৱে উঠা-নমাৰ নিশ্চিতকৰণ, পৰিচালন দক্ষতা উন্নতকৰণ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱে নেটৱৰ্কৰ এই গুৰুত্বপূৰ্ণ জংচনত বৰ্ধিত সংখ্যাৰ দীৰ্ঘদূৰত্বৰ ৰে’লসেৱাসমূহৰ উন্নত নিয়ন্ত্ৰণ সুবিধা প্ৰদান কৰা।
ইয়াৰোপৰি সংশোধিত নম্বৰ ব্যৱস্থা অনুসৰি নিউ জলপাইগুড়ী ষ্টেচনৰ মুখ্য প্ৰৱেশদ্বাৰৰ দিশৰ পৰা নৱনিৰ্মিত প্লেটফৰ্মসমূহক প্লেটফৰ্ম নং ১ আৰু প্লেটফৰ্ম নং ২ ৰূপে নামাকৰণ কৰা হৈছে। বিদ্যমান প্লেটফৰ্মসমূহক প্লেটফৰ্ম নং ৮ লৈকে ক্ৰমাগতভাৱে পুনৰ নম্বৰ প্ৰদান কৰা হৈছে। পূৰ্বৰ প্লেটফৰ্মসমূহক নিম্নলিখিত ধৰণে পুনৰ শাৰীবদ্ধ কৰা হৈছে, বিদ্যমান প্লেটফৰ্ম-১ এক প্লেটফৰ্ম-৩, প্লেটফৰ্ম-১ ক প্লেটফৰ্ম-৪, প্লেটফৰ্ম-২ ক প্লেটফৰ্ম-৫, প্লেটফৰ্ম-৩ ক প্লেটফৰ্ম-৬, প্লেটফৰ্ম-৪ ক প্লেটফৰ্ম-৭ আৰু প্লেটফৰ্ম-৫ ক প্লেটফৰ্ম-৮ হিচাপে পুনৰ নামাঙ্কন কৰা হৈছে। এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে সমন্বয় সাধন, পৰিচালনগত জটিলতা হ্ৰাস আৰু ৰে’লগাড়ীৰ সুগম নিয়ন্ত্ৰণ নিশ্চিত কৰা।
সুগম যাত্ৰী চলাচল আৰু উপযুক্তভাৱে ৰে’ল পৰিচালন নিশ্চিত কৰাৰ অৰ্থে নিউ জলপাইগুড়ী ষ্টেচনৰ সংশোধিত প্লেটফৰ্মসমূহত কেইবাখনো দীৰ্ঘদূৰত্বৰ গুৰুত্বপূৰ্ণ ৰে’লগাড়ী নিৰ্ধাৰণ কৰা হৈছে। কামাখ্যা-হাওড়া বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ (২৭৫৭৬ ডাউন) আৰু গুৱাহাটী-ৰোহতক অমৃত ভাৰত এক্সপ্ৰেছ (১৫৬৭১ ডাউন), ডিব্ৰুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ (১২৪২৩ ডাউন), গুৱাহাটী-কলকাতা গৰীব ৰথ এক্সপ্ৰেছ (১২৫১৮ ডাউন) আৰু আগৰতলা-এছএমভিটি বেঙ্গালুৰু হমচফৰ এক্সপ্ৰেছ (১২৫০৪ ডাউন)ক প্লেটফৰ্ম নং ৬ ৰ বাবে নিৰ্ধাৰিত কৰা হৈছে।
অন্যান্য গুৰুত্বপূৰ্ণ দীৰ্ঘদূৰত্বৰ সেৱাসমূহৰ ভিতৰত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ (১৫৯০৩ ডাউন) আৰু কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনেল এক্সপ্ৰেছ (১৫৬২১ ডাউন)ক প্লেটফৰ্ম নং ৫ ৰ বাবে নিৰ্ধাৰিত কৰা হৈছে, নিউ জলপাইগুড়ী-হাওড়া বন্দে ভাৰত এক্সপ্ৰেছ (২২৩০২ ডাউন)ক প্লেটফৰ্ম নং ৪ ৰ বাবে নিৰ্ধাৰিত কৰা হৈছে। ইয়াৰ উপৰিও, নিউ জলপাইগুড়ী-আৰা এক্সপ্ৰেছ (১৩২৪৫ ডাউন)ক প্লেটফৰ্ম নং ২ ৰ বাবে নিৰ্ধাৰিত কৰা হৈছে, যি উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ গুৰুত্বপূৰ্ণ চহৰসমূহৰ মাজত ৰে’ল যোগাযোগক অধিক শক্তিশালী কৰি তুলিব।
নিউ জলপাইগুড়ী ষ্টেচনৰ মাজেৰে যাত্ৰা কৰা যাত্ৰীসকলক ষ্টেচনৰ ঘোষণা প্ৰণালী, ডিজিটেল ডিচপ্লে বৰ্ড, অনুসন্ধান কাউণ্টাৰ আৰু চৰকাৰী ৰে’লৱে যোগাযোগ চেনেলসমূহৰ জৰিয়তে আপডেট কৰা প্লেটফৰ্ম নম্বৰসমূহ সাৱধানে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আশা কৰা হৈছে যে এই সংশোধিত প্লেটফৰ্ম ব্যৱস্থাই নিউ জলপাইগুড়ী ষ্টেচনত ৰে’লগাড়ীৰ নিয়ন্ত্ৰণ, যাত্ৰী চলাচল আৰু সামগ্ৰিক সুৰক্ষা উন্নত কৰিব।
