নিউজ ডেস্ক, ১১ মে, ২০২৫ : ৰে’ল মন্ত্ৰালয়ে ছিক্কিম ৰাজ্যৰ জোৰেথাং আৰু লেগশ্বিপ হৈ মেলীৰ পৰা ডেণ্টামলৈ এক নতুন ৰে’ললাইনৰ বাবে চূড়ান্ত স্থান জৰীপ (FLS) কৰাৰ বাবে অনুমোদন জনাইছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে (এনএফআৰ)ৰ দ্বাৰা সম্পাদন কৰিবলগা মঞ্জুৰীপ্ৰাপ্ত জৰীপটো প্ৰায় ২.২৫ কোটি টকা ব্যয় সাপেক্ষে অনুমোদিত হৈছে।

এই পদক্ষেপে ছিক্কিমৰ দক্ষিণ আৰু পশ্চিম অঞ্চললৈ ৰে’ল সংযোগ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। এই প্ৰস্তাৱিত পথটোৰ লক্ষ্য হৈছে ভাৰত-নেপাল সীমান্তৰ কাষত চিৱাভানজিয়াঙত অৱস্থিত ডেণ্টামৰ দৰে দুৰ্গম চহৰক ৰাষ্ট্ৰীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰি এক জটিল আন্তঃগাঁথনিৰ ব্যৱধান পূৰণ কৰা।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ নিৰ্দেশত ছিক্কিমৰ সাংসদ (লোকসভা) ড° ইন্দ্ৰ হ্যাং চুব্বাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই সমীক্ষাৰ প্ৰস্তাৱ দিয়া হৈছে। প্ৰাৰম্ভিক সম্ভাৱ্যতা জৰীপৰ সময়ত আনুমানিক ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন লাইনটো নিৰ্মাণাধীন চিভক – ৰংপো ৰে’ললাইনৰ এক কৌশলগত সম্প্ৰসাৰণ হিচাপে কল্পনা কৰা হৈছে, যিটো ২০২৭ চনৰ ভিতৰত পৰিচালনৰ বাবে কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে।

দক্ষিণ আৰু পশ্চিম ছিক্কিমৰ এক গুৰুত্বপূৰ্ণ প্ৰৱেশ বিন্দু মেলীয়ে প্ৰস্তাৱিত সম্প্ৰসাৰণৰ বাবে এক জংচন হিচাপে কাম কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত অঞ্চলটো ৰাষ্ট্ৰীয় পৰিবহন ব্যৱস্থাত একত্ৰিত হোৱাটো নিশ্চিত হ’ব। এফএলএছয়ে (চূড়ান্ত স্থান জৰীপ) প্ৰকল্পটোৰ বাবে চূড়ান্ত সংৰেখন, অভিযান্ত্ৰিক ডিজাইন আৰু ব্যয়ৰ অনুমান নিৰ্ধাৰণ কৰিবলৈ প্ৰয়োজনীয় বিশদ কাৰিকৰী আৰু সম্ভৱপৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিব।

এই নতুন সংযোগ প্ৰকল্পটোৱে বিশেষকৈ গিয়ালশিং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত, যোগাযোগ ব্যৱস্থাৰ বিকাশ সাধন, পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰ, ব্যৱসায় বৃদ্ধি পাব আৰু নিযুক্তিৰ সুযোগ সৃষ্টি কৰি অঞ্চলটোত অৰ্থনৈতিক বিকাশৰ বাবে অনুঘটক হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে, সম্পূৰ্ণ হোৱাৰ পিছত, এই ৰে’ল সংযোগে যোগাযোগ যথেষ্ট উন্নত কৰিব, সামগ্ৰী আৰু জনসাধাৰণৰ সুগম চলাচল সক্ষম কৰিব, পশ্চিম ছিকিমৰ লোকসকলৰ বাবে এক পৰিৱৰ্তনশীল জীৱনৰেখা হিচাপে কাম কৰিব। জৰীপটো সম্পাদনৰ সৈতে সম্পৰ্কিত কামৰ নিবিদাসমূহ সোনকালেই জাৰি কৰাৰ সম্ভাৱনা আছে।