পলাশবাৰী, সংবাদ ৩৬৫ , ১৮ জুন : দক্ষিণ কামৰূপৰ বঙৰাত মুকলি হ’ল এটি নতুন ডিলাৰ । চৰকাৰৰ মেক ইন ইণ্ডিয়াৰ অধীনত বঙৰাত মুকলি কৰা হ’ল বেটাৰীৰে চলা বাহনত ডিলাৰ । এইয়া হৈছে কাইনটিক গ্ৰীণ এণ্ড পাৱাৰ চলিউচনৰ উত্তৰ-পুৰ্বাঞ্চলৰ ভিতৰত দ্বিতীয়টো ডিলাৰ যিটো চৰকাৰৰ মেক ইন ইণ্ডিয়াৰ অধীনত হোৱা ।

আজি এই ডিলাৰটো আনুষ্ঠানিক ভাৱে মুকলি কাইনটিক গ্ৰীণ এণ্ড পাৱাৰ চলিউচন প্ৰাইভেট লিমিটেডৰ পৰিচালক ভেৰনিকা ডিমলো,হৰুন আহমেড আৰু ৰনজিতা পেগুৱে ।

উল্লেখ্য যে এই ডিলাৰটোত কেৱল ই-ৰিক্সাই নহয় ইলেকট্ৰিক স্কুটীও ক্ৰয় কৰিব পৰা যাব । মাত্ৰ ২ঘন্টা চাৰ্জ কৰি ৮০ কিলোমিটাৰ বাট অতিক্ৰম কৰিব পাৰিব যিটো আগৰ বাহন সমূহত উপলদ্ধ নাছিল । এই বাহন সমুহে কেৱল পেট্ৰ’ল ৰাহি কৰাই নহয় বায়ু আৰু শব্দ প্ৰদূষণ ৰোধ কৰিব । লগতে গ্ৰাহকক কিছু কম মূল্যটো লাভ কৰিব এই ইলেট্ৰিক বাহনসমূহ ।