ডিব্ৰুগড়, ১২ জুন, ২০২৫ : ভাৰতৰ অন্যতম দ্ৰুত বিকাশমান গহনা ব্ৰেণ্ড কৃষ্ণা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীয়ে (Kisna Diamond and Gold Jewellery) ডিব্ৰুগড়ৰ সমীপৱৰ্তী মৰাণহাটত অৱস্থিত প্ৰিমিয়াম পাৰ্টনাৰ ঊষা জুৱেলাৰীত মুকলি কৰিছে হীৰাৰ গহনা সংগ্ৰহ। গহনা ব্ৰেণ্ডটোৰ এই গৌৰৱময় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ লগতে সুৰুজ দিহিঙিয়া, ময়ূৰ বৰুৱা, চাণক্য গগৈ, প্ৰহেলিকা শৰ্মা আৰু প্ৰদীপ সেন শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
উল্লেখ্য যে, ১৫০০ ৰো অধিক প্ৰিমিয়াম গহনা অংশীদাৰ আৰু দেশৰ ২৯ খন ৰাজ্যত ৮০ টাতকৈও অধিক বিশেষ ব্ৰেণ্ড শ্ব’ৰুমৰ সৈতে কিছনাই এতিয়া টায়াৰ-২ আৰু টায়াৰ-৩ চহৰতো নিজৰ উপস্থিতি শক্তিশালী কৰিছে। হৰি কৃষ্ণ গ্ৰুপৰ সহযোগত এই পদক্ষেপৰ লক্ষ্য হৈছে খনিৰ পৰা বজাৰলৈ স্বচ্ছতাৰ জৰিয়তে গ্ৰাহকক নিৰ্ভৰযোগ্যতাৰে মানসম্পন্ন সেৱা প্ৰদান কৰা। এই উপলক্ষে কিছনাই ২০২৫ চনৰ ৩০ জুনলৈকে হীৰা গহনা নিৰ্মাণৰ চাৰ্জত সৰ্বোচ্চ ১০০ শতাংশ পৰ্যন্ত ৰেহাই ঘোষণা কৰিছে। ইয়াৰ লগতে কিছনাই মেকিং চাৰ্জৰ সৈতে ৯০ শতাংশ বাইবেক আৰু ৯৫ শতাংশ বিনিময় মূল্যৰ আন দুটা উল্লেখযোগ্য সুবিধাও আগবঢ়াইছে, যিয়ে গ্ৰাহকক দীৰ্ঘম্যাদীভাৱে নিৰাপদ বিনিয়োগৰ নিশ্চয়তা প্ৰদান কৰিব।
কিছনাৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক ঘনশ্যাম ঢোলকিয়াই কয়, ”উত্তৰ-পূব ভাৰতৰ অপৰিসীম সম্ভাৱনা আছে। ঊষা জুৱেলাৰ্ছৰ সৈতে আমাৰ অংশীদাৰিত্বৰ জৰিয়তে আমি অঞ্চলটোৰ গ্ৰাহকসকলৰ বাবে গুণগত মান, বিশ্বাস, আৰু বিলাসী বজাৰ অভিজ্ঞতা অনাৰ লক্ষ্য ৰাখিছো। আমাৰ সপোন হৈছে ‘ঘৰে ঘৰে কিছনা’, যাতে প্ৰতিগৰাকী মহিলাই সহজে হীৰাৰ গহনা ক্ৰয়ৰ সপোন পূৰ কৰিব পাৰে।” কিছনাৰ সঞ্চালক পৰাগ শ্বাহে কয়, ”সমগ্ৰ দেশতে আমাৰ দ্ৰুত সম্প্ৰসাৰণ আমাৰ গ্ৰাহক আৰু ব্যৱসায়িক অংশীদাৰসকলৰ আমাৰ ওপৰত থকা আস্থাৰ প্ৰমাণ। এতিয়া এই নতুন শ্ব’ৰুমৰ জৰিয়তে আমি উত্তৰ-পূব ভাৰতৰ গ্ৰাহকৰ ৰুচি আৰু সংস্কৃতিক মনত ৰাখি এক বিশেষ সংকলন প্ৰদৰ্শন কৰিম, য’ত পৰম্পৰা আৰু আধুনিকতাৰ মিশ্ৰণেৰে লঘু দৈনন্দিন গহনা প্ৰদৰ্শন কৰা হ’ব। আমাৰ এই সংকলন উপহাৰ বা বিশেষ অনুষ্ঠানৰ বাবে একেবাৰে উপযুক্ত বিবেচিত হ’ব।’’
ঊষা জুৱেলাৰ্ছৰ স্বত্বাধিকাৰ পৱন আৰু বিশাল ভাৰ্মাই কয়, ”কিছনাৰ সৈতে অংশীদাৰিত্ব আমাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।তেওঁলোকৰ শক্তিশালী ব্ৰেণ্ড স্বীকৃতি, সুন্দৰ ডিজাইন আৰু গ্ৰাহককেন্দ্ৰিক নীতি-নিয়মে তেওঁলোকক আমাৰ বাবে সঠিক অংশীদাৰ কৰি তুলিছে। এই সহযোগিতাৰ জৰিয়তে আমি আমাৰ গ্ৰাহকৰ বিৱৰ্তনশীল ৰুচিৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সক্ষম হ’ম আৰু লগতে আমাৰ ব্যৱসায়িক পদাংক শক্তিশালী কৰিব পাৰিম।”