নিউজ ডেস্ক, ১৪ জুন, ২০২৫ : যাত্ৰীৰ যাতায়তৰ সুবিধা বৃদ্ধি আৰু উন্নত ৰে’ল সংযোগ প্ৰদান কৰাৰ লক্ষ্যৰে, ৰে’লৱেই (Railway) জলপাইগুড়ি ৰোড আৰু শিয়ালদহৰ মাজত এখন নতুন ৰে’ল সেৱা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। এই নতুন ৰে’লখনে কলকাতাৰ দক্ষিণৰ মুখ্য কেন্দ্ৰ শিয়ালদহ আৰু উত্তৰৰ গুৰুত্বপূর্ণ চহৰ জলপাইগুড়ি ৰোডৰ মাজত পোনপটীয়া আৰু দ্ৰুত পৰিবহণ সুবিধা প্ৰদান কৰিব, যাৰ ফলত উত্তৰ আৰু দক্ষিণবংগৰ সংযোগ উল্লেখযোগ্যভাৱে বৃদ্ধি পাব। ই হৈছে নশিপুৰ ৰে’ল দলঙ হৈ চলা প্ৰথমখন এক্সপ্ৰেছ ৰে’ল, যাৰ ফলত দক্ষিণ আৰু উত্তৰবংগৰ মাজত যাত্ৰা সময় যথেষ্ট হ্ৰাস পাব।
ইয়াৰ উপৰিও জলপাইগুড়ি ৰোড আৰু শিয়ালদহৰ মাজত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ ৰে’ল সংযোগৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া চাহিদা পূৰণ কৰা হ’ব। জলপাইগুড়ি ৰোড আৰু শিয়ালদহৰ মাজত নতুন ৰে’ল সেৱাৰ উদ্বোধনী যাত্ৰা ১৪ জুন ২০২৫ তাৰিখে নিৰ্ধাৰণ কৰা হৈছে। উদ্বোধনী বিশেষ ৰে’ল নম্বৰ ০৩১১৬ (জলপাইগুড়ি ৰোড-শিয়ালদহ) জলপাইগুড়ি ৰোডৰ পৰা দিনৰ ২:০০ বজাত ৰাওনা হ’ব আৰু পৰৱৰ্তী দিনা পুৱা ৪:০০ বজাত শিয়ালদহত গৈ উপস্থিত হ’ব। নতুনকৈ প্ৰৱৰ্তিত ৰে’লখনৰ নিয়মীয়া সেৱা ২০২৫ চনৰ ২০ জুন তাৰিখৰ পৰা আৰম্ভ হ’ব।
ট্ৰেন নম্বৰ ১৩১১৫ (শিয়ালদহ-জলপাইগুড়ি ৰোড) হামচফৰ এক্সপ্ৰেছ ২০২৫ চনৰ ২০ জুনৰ পৰা প্ৰতি শুকুৰবাৰে শিয়ালদহৰ পৰা ৰাতি ১১ বাজি ৪০ মিনিটত যাত্ৰা আৰম্ভ কৰি, পিছদিনা দুপৰীয়া ১২ বজাত জলপাইগুড়ি ৰোডত উপস্থিত হ’ব। উভতনি দিশত, ট্ৰেন নম্বৰ ১৩১১৬ (জলপাইগুড়ি ৰোড-শিয়ালদহ) হামচফৰ এক্সপ্ৰেছ ২০২৫ চনৰ ২১ জুনৰ পৰা প্ৰতিটো শনিবাৰে জলপাইগুড়ি ৰোডৰ পৰা ৰাতি ৮ বাজি ৩০ মিনিটত (২০:৩০ ঘণ্টা) যাত্ৰা আৰম্ভ কৰি, পাছদিনা পুৱা ৮ বাজি ১০ মিনিটত (০৮:১০ ঘণ্টা) শিয়ালদহত উপস্থিত হ’ব।
এই নতুন ৰে’ল চলাচলৰ ফলত পৰ্যটক, ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীসকল বিশেষভাৱে উপকৃত হ’ব বুলি আশা কৰা হৈছে, কিয়নো ই তেওঁলোকৰ বাবে দ্ৰুত আৰু অধিক নিৰ্ভৰযোগ্য ভ্ৰমণ বিকল্প প্ৰদান কৰিব। ইয়াৰ উপৰিও, এই নতুন ৰে’ল চলাচলে উত্তৰবংগত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই সেয়াই মানুহ আৰু সামগ্ৰীৰ সুগম চলাচলৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত ব্যৱসায় বাণিজ্য আৰু আঞ্চলিক উন্নয়নৰ ক্ষেত্ৰত সহায় হ’ব। এই নতুন ৰে’লখনৰ চলাচলৰ পথ, ষ্টপেজ আৰু সময়সূচীৰ সম্পূর্ণ বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ পূৱ-সীমান্ত ৰে’লৱেৰ সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহত উপলব্ধ। যাত্ৰীসকলক যাত্ৰা কৰাৰ আগতে এই বিৱৰণবোৰ চাবলৈ ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।