গুৱাহাটী, ১৭ অক্টোবৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’ল মন্ত্ৰালয়ৰ ‘ৱান ষ্টেচন ৱান প্ৰডাক্ট’ (One Station One product) আঁচনিৰ অধীনত স্থানীয় কাৰিকৰ আৰু উদ্যমীসকলক ৰে’লৱে ষ্টেচনত তেওঁলোকৰ উৎপাদিত স্বদেশী সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে এখন প্লেটফৰ্ম প্ৰদানেৰে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। চলিত বৰ্ষৰ অক্টোবৰলৈকে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ ১৩৫ টা অএছঅপি আউটলেটৰ অন্তৰ্ভূক্তিৰে মুঠ ১১২ টা ষ্টেচনত এই বিপনীসমূহ চলি আছে।
এই পদক্ষেপৰ অধীনত, আলিপুৰদুৱাৰ মণ্ডলে ১২ টা, কাটিহাৰ মণ্ডলে ২৩ টা, লামডিং মণ্ডলে ৩২ টা, ৰঙিয়া মণ্ডলে ২০ টা আৰু তিনিচুকীয়া মণ্ডলে ২৫ টা ষ্টেচনত এই আউটলেটসমূহ পৰিচালন কৰি আছে। ভৌগোলিক সম্প্ৰসাৰণৰ দিশত, অসমত ৭১ টা, পশ্চিমবংগত ২৬ টা, বিহাৰত ৮ টা, ত্ৰিপুৰাত ৪ টা, অৰুণাচল প্ৰদেশত ২ টা আৰু নাগালেণ্ডত ১ টা ষ্টেচনত বৰ্তমানে অ’এছঅ’পি আউটলেট কাৰ্যক্ষম হৈ আছে।
এই পদক্ষেপে ‘ভোকেল ফৰ লোকেল’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় কাৰু শিল্প, পৰম্পৰাগত উৎপাদিত সামগ্রী আৰু স্ব-নিয়োজনৰ সুযোগৰ দিশত এক গুৰুত্বপূৰ্ণ অৰিহনা যোগাইছে। অএছঅপিৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ (পিএমবিজেকে) আঁচনিৰো ৰূপায়ন কৰি আহিছে, যাৰ জৰিয়তে যাত্ৰী আৰু স্থানীয় নাগৰিকসকলৰ বাবে সুলভ মূল্যত উচ্চমানৰ জেনেৰিক ঔষধৰ উপলব্ধতা নিশ্চিত কৰা হৈছে।
বৰ্তমান কাটিহাৰ, বদৰপুৰ, আগৰতলা, নিউ তিনিচুকীয়া আৰু নিউ কোচবিহাৰত পাঁচটা পিএমবিজেকে ইউনিট কাৰ্যক্ষম হৈ আছে। এই পদক্ষেপসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সামাজিক কল্যাণ, অৰ্থনৈতিক সৱলীকৰণ আৰু যাত্ৰীৰ সুবিধাৰ প্ৰতি অবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে, লগতে অঞ্চলটোৰ স্থানীয় ৰাইজৰ পৰম্পৰাগত কাৰু শিল্প আৰু জীৱিকাৰ দিশতো সঁহাৰি আগবঢ়াইছে।