নিউজ ডেস্ক ১৫ আগষ্ট, ২০২৫ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ নেতৃত্বত প্ৰচলিত প্লাষ্টিকৰ সলনি জৈৱ পচনশীল আৰু সহজে পচি যোৱা সামগ্ৰীৰ ব্যৱহাৰৰ প্ৰৱৰ্তনৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেই আইআইটি (IIT Guwahati) গুৱাহাটীৰ সৈতে সহযোগিতাৰে পৰিৱেশ-বহনক্ষমতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰফেছৰ বিমল কাটিয়াৰৰ নেতৃত্বত আইআইটি গুৱাহাটীৰ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰত বিকশিত এই আইএছ’অ ১৭০৮৮ মানদণ্ডসম্পন্ন বায়’প্লাষ্টি বহুত কম সময়ৰ ভিতৰত পচি যোৱাত পৰিণত কৰে।

এই প্ৰাৰম্ভিক পদক্ষেপ ৰূপে, উত্তৰ পূব সীমান্ত ৰেলৱেই ১৫ আগষ্ট ২০২৫ তাৰিখে সকলো ৰে’লগাড়ীৰ যাত্ৰীসকলক লিনেন বিতৰণৰ সময়ত পৰম্পৰাগত প্লাষ্টিক বেগৰ সলনি পৰিৱেশ-অনুকূল সেউজীয়া বেড-ৰ’ল বেগ বিতৰণ কৰে। ভাৰতৰ ৭৯ তম স্বাধীনতা দিৱস উপলক্ষে, অসম, পশ্চিমবঙ্গ, বিহাৰ, ত্ৰিপুৰা আৰু আৰুণাচল প্ৰদেশৰ টাৰ্মিনেলৰ পৰা যাত্ৰা কৰা ২৫ খন ৰে’লগাড়ী প্ৰায় ৪০,০০০ এইধৰণৰ বেগ বিতৰণ কৰা হয়। উত্তৰ পূব সীমান্ত ৰে’লৱেই সদায়েই পৰিবহন ব্যৱস্থাত সেউজ পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

এই অঞ্চলে ৰে’লপথৰ বৈদ্যুতিকৰণ, সৌৰ শক্তি উৎপাদন, হাতী আৰু অন্যান্য জীৱজন্তুৰ সুৰক্ষাৰ বাবে এআই-আধাৰিত অনুপ্ৰৱেশ চিনাক্তকৰণ ব্যৱস্থা, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং তাৎক্ষণিক পানী যোগান প্ৰণালী, স্বচালিত ডবা পৰিস্কৰণ প্লেণ্ট, বায়’-টয়লেট, যান্ত্ৰিক পৰিষ্কাৰ ব্যৱস্থা, গোটা আবর্জনাৰ কম্প’ষ্টিং, বৃক্ষ ৰোপন আৰু বৰ্জিত ভূমিক সেউজ অঞ্চললৈ পৰিবৰ্তন আদি পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ, কামাখ্যাত অৱস্থিত ইন’কিউলাম জেনেৰেচন প্লাণ্টে জৈৱ-পচনশীল আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, যি পূৰ্বে ব্যৱহাৰ কৰা বেড-ৰোলক বেগ নতুন বেগলৈ পুনৰ প্ৰস্তুত কৰাৰ বাবে সহায় কৰাৰ লগতে আৰু প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰে।

আইআইটি গুৱাহাটী সৈতে সহযোগিতাৰে আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বহনক্ষম পৰিৱেশহিতৈষী পদক্ষেপসমূহৰ একত্ৰিতকৰণেৰে এই ৰে’লৱেই সেউজ ৰে’ল পৰিচালনৰ দিশত এক কাৰ্যকৰী আৰু গ্ৰহণযোগ্য সমাধান আগবঢ়াইছে। এই পদক্ষেপে কেৱল যাত্ৰীসকলক দীৰ্ঘস্থায়ী আৰু পাৰিপাৰ্শ্বিকভাৱে দায়িত্বশীল সেৱা প্ৰদানৰ জৰিয়তে ৰেলযাত্ৰীৰ সুবিধা বৃদ্ধি কৰাই নহয় লগতে লেণ্ডফিল আবর্জনাৰ হ্ৰাস, কাৰ্বন ফুটপ্ৰিণ্ট নিম্নতম কৰি প্ৰাকৃতিক সম্পদ সংৰক্ষণতো অৱদান যোগাইছে। পৰিচালন দক্ষতাৰ সৈতে পাৰিপাৰ্শ্বিক দায়িত্ববোধৰ সমন্বয়েৰে পৰিচালনাগত দক্ষতাক পৰিৱেশীয় দায়িত্বৰ সৈতে সংযোগ কৰি, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’ল খণ্ড আৰু ই সেৱা আগবঢ়োৱা জনসাধাৰণৰ বাবে এটা অধিক পৰিষ্কাৰ, সেউজ আৰু এক বহনক্ষম ভৱিষ্যত গঢ়িবলৈ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।