নিউজ ডেস্ক, ২২ জানুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই আৰ্থিক দক্ষতা, সুৰক্ষা আৰু স্বচ্ছতা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি এই ৰে’লৱেৰ নেটৱৰ্কৰ অন্তৰ্গত ৪০০ টা ষ্টেচনত নগদ ধন সংগ্ৰহৰ সুবিধা প্ৰদানৰ বাবে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ (SBI) সৈতে এখন বুজাবুজিৰ চুক্তি (এমঅ’ইউ) স্বাক্ষৰ কৰিছে। এই এমঅ’ইউ স্বাক্ষৰ অনুষ্ঠান মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱ উপস্থিত থকাৰ লগতে ষ্টেট বেংক অফ ইণ্ডিয়া তথা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত আছিল।

এই পদক্ষেপে ৰে’ল ব্যৱস্থাত নগদ ধনৰ লেনদেন পদ্ধতি উন্নত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত হৈছে। এই ব্যৱস্থাৰ অধীনত ষ্টেট বেংক অফ ইণ্ডিয়াই নিৰ্দিষ্ট ষ্টেচনসমূহৰ পৰা সুৰক্ষিত আৰু সুসংগঠিতভাৱে নগদ ধন সংগ্ৰহৰ ব্যৱস্থা প্ৰদান কৰিব আৰু ষ্টেচনৰ আয় সময়মতে সংশ্লিষ্ট ষ্টেট বেংক অফ ইণ্ডিয়া শাখাত জমা দিয়াৰ নিশ্চয়তা প্ৰদান কৰিব। এই পদ্ধতিয়ে নগদ ধনৰ পৰিচালনাত সমতা অনাৰ লগতে দায়বদ্ধতা বৃদ্ধি কৰি জিপিএছ-সজ্জিত যানবাহনৰ জৰিয়তে নগদ ধনৰ লেনদেনৰ প্ৰকৃত সময়ভিত্তিক ট্ৰেকিং সম্ভৱ কৰি চুৰি, হেৰুৱা বা অপব্যৱহাৰৰ আশংকা হ্ৰাস কৰিব।

এই নতুন সুবিধাৰ জৰিয়তে যানবাহন ভাড়া আৰু সুৰক্ষা কৰ্মীৰ খৰচত যথেষ্ট ৰাহি হ’ব বুলি আশা কৰা হৈছে, লগতে ষ্টেচন কৰ্মচাৰীৰ সুৰক্ষাও বৃদ্ধি পাব। কৰ্মচাৰীসকলক মেনুৱেলি নগদ ধন কঢ়িয়াই নিয়াৰ পৰা ৰেহাই দি এই পদক্ষেপে তেওঁলোকক মূল কৰ্মক্ষেত্ৰ আৰু বাণিজ্যিক কাম-কাজত অধিক মনোনিৱেশ কৰাত সহায় কৰিব। ই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আধুনিকীকৰণ, স্বচ্ছতা আৰু উন্নত জনসেৱা প্ৰদানৰ প্ৰতি দায়বদ্ধতাকে অধি সুদৃঢ় কৰি তুলিব।