নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই চিমেণ্ট লোডিঙৰ (Cement Loading) দিশত ২০২৫-২৬ বৰ্ষৰ এপ্ৰিল-জুলাই মাহত ২০২৪-২৫ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত উল্লেখযোগ্য অগ্ৰগতি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ২০২৪-২৫ বৰ্ষৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১,৬২৮ খন ৱাগনত ০.১০৪ মিলিয়ন টন চিমেণ্ট লোড কৰিছিল, আনহাতে ২০২৫-২৬ বৰ্ষত এই সংখ্যা ২,৭৯২ খন ৱাগনত ০.১৭৮ মিলিয়ন টনৰ উল্লেখযোগ্যভাৱে বৃদ্ধি হৈছে।

পৰিণামস্বৰূপে ই প্ৰতি বছৰে ৱাগন আৰু টনৰ ক্ষেত্ৰত প্ৰায় ৭১ শতাংশ বৃদ্ধিকেই প্ৰতিফলিত কৰিছে। ইয়াৰ উপৰিও, পোন প্ৰথমবাৰৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং মণ্ডলৰ পৰা পূব মধ্য ৰে’লৱেৰ সোনপুৰ মণ্ডললৈ ষ্টাৰ চিমেণ্টৰ দ্বাৰা দুখন ৰেক (৮৪ খন ৱাগন) চিমেণ্ট প্ৰেৰণ কৰা হয়, য’ত নৰায়ণপুৰ অনন্ত আৰু তিলৰথ ষ্টেচনৰ প্ৰত্যেকে ৪২ খন ৱাগন প্ৰাপ্ত কৰে। ২০২৫ বৰ্ষৰ আগষ্ট মাহত, উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৱাহাটীৰ সমীপৰ তেতেলিয়াৰ ষ্টাৰ ছাইডিংৰ পৰা একাধিক গন্তব্যস্থানলৈ চিমেণ্ট লোড কৰে।

১৯ আগষ্ট, ২০২৫ তাৰিখে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ মণ্ডলৰ অন্তৰ্গত কিষাণগঞ্জ ষ্টেচনলৈ ষ্টাৰ চিমেন্টৰ পৰা মুঠ ২১ খন ৱাগন চিমেণ্ট লোড কৰা হয়। একেদৰে, ২৫ আগষ্ট, ২০২৫ তাৰিখে পূৰ্ব মধ্য ৰে’লৱেৰ সোনপুৰ মণ্ডলৰ অন্তৰ্গত তিলৰথ ষ্টেচনলৈ ষ্টাৰ ছাইডিঙৰ পৰা ২১ খন ৱাগন লোড কৰা হয়। ২০২৫ বৰ্ষৰ জুলাই মাহৰ সময়ছোৱাত, বৃহৎ পৰিমাণৰ চিমেণ্ট বিভিন্ন গন্তব্যস্থানলৈ লোডিং কৰা হয়। ষ্টাৰ চিমেণ্ট ছাইডিঙ (ষ্টাৰ)ৰ পৰা ২১ খন ৱাগন তিলৰথলৈ আৰু পূৰ্ব মধ্য ৰে’লৱেৰ সোনপুৰ মণ্ডলৰ অন্তৰ্গত নৰায়ণপুৰ অনন্তলৈ ৪২ খন ৱাগন প্ৰেৰণ কৰা হয়।

ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ মণ্ডলৰ অধীনৰ কিষাণগঞ্জ ষ্টেচনলৈ ৪২ খন ৱাগন, ২১ খন ৱেগন পিচিএম কংক্ৰিট স্লিপাৰ চাইডিং (পিচিএছকে)লৈ আৰু আন ২১ খন ৱাগন প্ৰিষ্টিন হিন্দুস্তান ইনফ্ৰাপ্ৰজেক্টছ প্ৰাইভেট লিমিটেড (পিএইচএনজে)লৈ প্ৰেৰণ কৰা হয়, দুয়োখনেই কাটিহাৰ মণ্ডলৰ অধীনত। ইয়াৰ উপৰিও নিউ গুৱাহাটী (এনজিচি) ডালমিয়া ছাইডিঙৰ পৰা প্ৰিষ্টিন হিন্দুস্তান ইনফ্ৰাপ্ৰজেক্টছ প্ৰাইভেট লিমিটেড (পিএইচএনজে)লৈ ২০ খন ৱাগন লোড কৰা হয়। এই মালবাহী ৰে’লৰ পৰিবহণৰ সৈতে জড়িত ষ্টেচনসমূহ আৰু সেইসমূহৰ সংশ্লিষ্ট মণ্ডলসমূহ নিম্ন অনুসাৰে প্ৰদান কৰা হ’ল ষ্টাৰ চিমেণ্ট ছাইডিং (ষ্টাৰ) লামডিং মণ্ডলৰ অন্তৰ্গত আৰু চিমেণ্ট লোডিংৰ প্ৰাৰম্ভিক স্থান হিচাপে ই কাম কৰে।

কিষাণগঞ্জ হৈছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ মণ্ডলৰ অন্তৰ্গত, আনহাতে তিলৰথ আৰু নাৰায়ণপুৰ অনন্ত হৈছে পূৰ্ব মধ্য ৰে’লৱেৰ সোনপুৰ মণ্ডলৰ অন্তৰ্গত। পিচিএম কংক্ৰিট স্লিপাৰ চাইডিং (পিচিএছকে) আৰু প্ৰিষ্টিন হিন্দুস্তান ইনফ্ৰাপ্ৰজেক্টছ প্ৰাইভেট লিমিটেড (পিএইচএনজে) উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ মণ্ডলৰ অধীনত অন্তৰ্গত আৰু নিউ গুৱাহাটী উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং মণ্ডলৰ অন্তৰ্গত।