নিউজ ডেস্ক, ২৭ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ (Alipurduwar) মণ্ডলে ২০২৫ চনৰ ২৩ ডিচেম্বৰত পিকিউআৰএছ (প্লাচাৰছ কুইক ৰিলেয়িং চিষ্টেম) ব্যৱহাৰ কৰি একেদিনতে সৰ্বোচ্চ ১,০৩৩ ট্ৰেক মিটাৰৰ যান্ত্ৰিক ট্ৰেক নবীকৰণেৰে এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। এই সফলতাই উচ্চ উৎপাদনশীল যান্ত্ৰিক ট্ৰেক স্থাপন প্ৰযুক্তিৰ ফলপ্ৰসূ ব্যৱহাৰেৰে, অনুকূল ট্ৰেফিক ব্লক আৰু অভিযান্ত্ৰিক আৰু পৰিচালন বিভাগসমূহৰ সমন্বিত কামকাজকেই প্ৰতিফলিত কৰিছে।

বৰ্তমানৰ ট্ৰেক নবীকৰণ কামকাজৰ অধীনত উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰত মুঠ ২৯০.৮ কিলোমিটাৰ ট্ৰেক নবীকৰণৰ কাম হাতত লৈছে। মণ্ডলভিত্তিক অগ্ৰগতি হৈছে-কাটিহাৰ মণ্ডলত ৫১.৩৩ কিমি, আলিপুৰদুৱাৰ মণ্ডলত ২৯.৭৭ কিমি, ৰঙিয়া মণ্ডলত ৭৫.১৯ কিমি, লামডিং মণ্ডলত ৪৪.৯৮ কিমি আৰু তিনিচুকীয়া মণ্ডলত ৬৯.৯৬ কিমি, যিয়ে সমগ্ৰ সংমণ্ডলজুৰি আন্তঃগাঁথনি উন্নয়নৰ প্ৰতি এক কেন্দ্ৰীভূত আৰু পদ্ধতিগত দৃষ্টিভংগীকেই প্ৰদৰ্শন কৰিছে।

পিকিউআৰএছ (প্লাচাৰছ কুইক ৰিলেয়িং চিষ্টেম)ত স্ব-চালিত ক্ৰেনৰ লগতে ইয়াৰ আকাৰ সৰু হোৱাৰ পৰিপ্ৰেক্ষিতত ৰক্ষণাবেক্ষণৰ খৰচ যথেষ্ট হ্ৰাস পায়। এই ব্যৱস্থাই নতুন ট্ৰেক নিৰ্মাণৰ লগতে বিদ্যমান ট্ৰেক আন্তঃগাঁথনিৰ আধুনিকীকৰণত বিস্তৃতভাৱে ব্যৱহাৰ কৰা হয়। পিকিউআৰএছ ৰ ব্যৱহাৰেৰে ৰে’ল পেনেলসমূহ যথেষ্ট কম সময়তেই প্ৰতিস্থাপন কৰিব পৰা যায়, যাৰ ফলত কম ট্ৰেফিক ব্লকৰ সময়ত দীঘলীয়া ট্ৰেকসমূহ প্ৰতিস্থাপন কৰিব পৰা যায়।

এই ব্যৱস্থাই পুৰণি ৰে’ল পেনেলসমূহ কামৰ স্থানৰ পৰা পোনপটীয়াকৈ মজুতকৰণ স্থানলৈ অনাৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত অতিৰিক্ত মালবাহী ব্যৱস্থাৰ প্ৰয়োজন নোহোৱা হয়। উচ্চ উৎপাদনশীল ট্ৰেক নবীকৰণ কাৰ্য্যৰ সফল ৰূপায়নে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আধুনিক ট্ৰেক নবীকৰণ পদ্ধতি, সম্পদৰ নিৰ্ভৰযোগ্যতা আৰু ৰক্ষণাবেক্ষণৰ দক্ষতাৰ প্ৰতি অবিৰত গুৰুত্ব প্ৰদানকে প্ৰদৰ্শন কৰিছে।