নিউজ ডেস্ক, ৩১ ডিচেম্বৰ, ২০২৫ : ভাৰতীয় ৰে’লৱেৰ (Indian Railway) মানৱযুক্ত লেভেল ক্ৰছিং গেটসমূহ বিলোপৰ অবিৰত অভিযানৰ অংশ স্বৰূপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই চলিত বৰ্ষত আন্তঃগাঁথনিৰ দিশত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। এই সাফল্যসমূহে সমগ্ৰ সংমণ্ডলত ৰে’ল চলাচল  অধিক সুগম কৰাৰ লগতে যাতায়ত ব্যৱস্থাক অধিক সহজ, নিৰৱচ্ছিন্ন আৰু ৰে’ল-পথ সংযোগক অধিক শক্তিশালী কৰি তুলিছে। ৰোড অভাৰ ব্ৰিজ (আৰঅ’বি) আৰু ৰোড আণ্ডাৰ ব্ৰিজ (আৰইউবি) সমূহৰ নিৰন্তৰ আৰু অগ্ৰাধিকাৰভিত্তিক নিৰ্মাণৰ ফলত ৰে’ল পৰিচালনাৰ সুৰক্ষা বৃদ্ধি কৰাৰ লগতে, ৰে’লৰ অবিৰত গতি নিশ্চিত কৰিছে, পথৰ যান-জঁট আৰু প্ৰতীক্ষাৰ সময় হ্ৰাস পাইছে, লগতে ৰে’ল-পথ দুৰ্ঘটনাৰ আশংকা যথেষ্ট কমিছে।

এই ৰূপায়নসমূহ যান-বাহনৰ পৰিমাণ, সুৰক্ষাৰ প্ৰভাৱ, জনসাধাৰণৰ সা-সুবিধা আৰু কাৰিকৰী সম্ভাৱ্যতাৰ ওপৰত ভিত্তি কৰি অগ্ৰাধিকাৰ দিয়া হয়, যাৰ ফলত সমগ্ৰ অঞ্চলজুৰি যাত্ৰীৰ লগতে মালবাহী পৰিবহনো অধিক সুগম আৰু সহজ হৈ উঠিছে। চলিত বৰ্ষৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ ৰাজ্যসমূহত ১৬ খন ৰোড অভাৰ ব্ৰিজ (আৰঅ’বি) আৰু ২২ খন ৰোড আণ্ডাৰ ব্ৰিজ (আৰইউবি) সফলভাৱে সম্পূৰ্ণ কৰি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ দিশত উন্নয়ন সাধন কৰিছে। এই সফলতাসমূহৰ লগতে বৰ্তমান একাধিক আৰইউবি প্ৰকল্প চলি আছে আৰু বৰ্ধিত যানবাহনৰ চলাচল তথা সুৰক্ষাৰ প্ৰয়োজনীয়তা পৰিপূৰণ কৰিবলৈ প্ৰয়োজন অনুসৰি নতুন কাম আৰম্ভ কৰা হৈছে। এই আৰঅ’বিসমূহ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পাঁচটা মণ্ডলৰ অধীনস্থ স্থানসমূহ যেনে-পানবজাৰ, চাপৰমুখ, কামপুৰ, কাটিহাৰ আৰু মানকোটা আদিত কৌশলগতভাৱে নিৰ্মাণৰ কাম সম্পন্ন কৰা হৈছে।

এই আৰঅ’বি আৰু আৰইউবি সম্পূৰ্ণ হোৱাৰ ফলত ৰে’ল-পথৰ একত্ৰীকৰণ উন্নত হোৱাৰ লগতে  সংযোগ ব্যৱস্থা মজবুত হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে নেটৱৰ্কত ৰে’ল আৰু পথ ব্যৱহাৰকাৰী উভয়ৰে বাবে অধিক সুৰক্ষিত আৰু সুগম চলাচল নিশ্চিত কৰি তুলিছে। বৰ্ষটোৰ এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে গুৱাহাটীস্থিত পানবজাৰত আৰঅ’বি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে। ৪৭ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মিত এই ২৯০ মিটাৰ দৈৰ্ঘ্যৰ আৰঅ’বিৰ উভয় দিশত ১.৫ মিটাৰ ফুটপথ থকা বহল কেৰেজৱে আৰু ৬০ মিটাৰ ব’ ষ্ট্ৰিং গাৰ্ডাৰৰ সৈতে কম্প’জিট গাৰ্ডাৰৰ দৰে আধুনিক অভিযান্ত্ৰিক বৈশিষ্ট্যৰে সজ্জ্বিত কৰা হৈছে। এই নিৰ্মাণে পৰ্যাপ্ত উলম্ব আৰু অনুভূমিক ক্লিয়েৰেন্স প্ৰদান কৰি ৰে’লৰ পৰিচালন দক্ষতা নিশ্চিত কৰিছে আৰু একেদৰে ব্যস্ত পানবজাৰ-পল্টন বজাৰ কৰিড’ৰত যান-জঁট যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। একেদৰে ৰহা (এনএইচ-২৭)ৰ সৈতে চাপৰমুখ ৰে’লৱে জংচন আৰু পশ্চিম কাৰ্বি আংলংৰ দিশত সংযোগ স্থাপন কৰা আৰঅ’বিখন আন্তঃগাঁথনিৰ দিশত এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে পৰিগণিত হৈছে। ৮৪.৬ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মিত মুঠ ১,১৭৯ মিটাৰ দৈৰ্ঘ্যৰ আৰঅ’বিখনে অঞ্চলজুৰি ৰেলসংযোগ শক্তিশালী কৰাৰ লগতে জনসাধাৰণ, যাত্ৰী আৰু সামগ্ৰীৰ সুগম চলাচল সম্ভৱ কৰি তুলিছে আৰু লেভেল ক্ৰছিঙৰ ফলত হোৱা বিলম্ব দূৰ কৰিছে।

ইয়াৰ উপৰিও চলিত বৰ্ষত ২২ খন ৰোড আণ্ডাৰ ব্ৰিজ (আৰইউবি) সফলতাৰে সম্পূৰ্ণ কৰা হৈছে। এই আৰইউবি সমূহে ৰে’ল-পথ সুৰক্ষা অধিক মজবুত কৰিছে, ৰে’লৰ অবিৰত পৰিচালন ক্ষমতা নিশ্চিত কৰিছে, যাতায়তৰ অৱৰোধ হ্ৰাস কৰিছে আৰু যাত্ৰী তথা মালবাহী পৰিবহনৰ বাবে অধিক দ্ৰুত আৰু সুগম যাতায়ত নিশ্চিত কৰিছে। এই অবিৰত প্ৰচেষ্টাৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱে মানৱযুক্ত লেভেল ক্ৰছিংসমূহ সম্পূৰ্ণৰূপে বিলোপ কৰাৰ লগতে সুৰক্ষিত, দক্ষ আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত ৰে’ল আন্তঃগাঁথনি উন্নয়নৰ প্ৰতি তাৰ প্ৰতিশ্ৰুতি অটুট ৰাখিছে। চলিত বৰ্ষৰ সফলতাসমূহে যাত্ৰীৰ সুৰক্ষা, কাৰ্য্যক্ষম উৎকৰ্ষতা আৰু আন্তঃগাঁথনিৰ একত্ৰিতকৰণৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অবিৰত গুৰুত্বকে প্ৰতিফলিত কৰে, যিয়ে অঞ্চলটোৰ সামগ্ৰিক সামাজিক-অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।