নিউজ ডেস্ক, ২৯ মাৰ্চ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ৰে’লপথৰ বৈদ্যুতিকৰণৰ দিশত গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰাৰ লগতে এই পদক্ষেপ অঞ্চলটোত বহনক্ষম, শক্তি-দক্ষ আৰু আধুনিক ৰে’ল পৰিচালনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। বৈদ্যুতিকৰণ (Electrification) অভিযান হৈছে ভাৰতীয় ৰে’লৱেৰ বিস্তৃত দৃষ্টিভংগীৰ এক অংশৰূপে ১০০ শতাংশ কাৰ্বন নিৰ্গমন হ্ৰাস কৰা লগতে পৰিচালন দক্ষতাৰ উন্নতকৰণ আৰু সমগ্ৰ নেটৱৰ্ক জুৰি ৰে’ল চলাচলৰ ক্ষমতা বৃদ্ধি কৰা।
২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত, উত্তৰ পূৱ সীমান্ত ৰে’লৱেই নিজৰ অধীনস্থ এলেকাত মুঠ ১৩৪২.১৮ ৰুট কিলোমিটাৰ (RKM) আৰু ১৮২৮.৪২ ট্ৰেক কিলোমিটাৰ (TKM) ৰে’লপথ সফলতাৰে বৈদ্যুতিকৰণ সম্পূৰ্ণ কৰিছে। এই কাৰ্যসূচীয়ে অসমৰ লগতে পশ্চিমবংগ, বিহাৰ, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ গুৰুত্বপূৰ্ণ অংশসমূহ সফলতাৰে বৈদ্যুতিকৰণ সম্পূৰ্ণ কৰিছে। এই সমগ্ৰ অগ্ৰগতিয়ে উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ৰে’ল সংযোগ যথেষ্ট শক্তিশালী কৰিছে আৰু একে সময়তে অবিচ্ছিন্ন বৈদ্যুতিক ট্ৰেকচন ব্যৱস্থাৰ বাবে পথ প্ৰসাৰিত কৰিছে।
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ সমগ্ৰ মণ্ডলতেই মণ্ডল অনুসৰি, যথেষ্ট প্ৰগতি প্ৰাপ্ত কৰা গৈছে। তিনিচুকীয়া মণ্ডলে শীৰ্ষ প্ৰদৰ্শনকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে যি ৬৬৩.৫৯ আৰকেএম আৰু ৮৫৫.৪৮ টিকেএম বৈদ্যুতিকীকৰণৰ সৈতে অৰিহণা আগবঢ়াইছে লগতে চলিত বছৰটোত কৰা মুঠ বৈদ্যুতিকৰণৰ প্ৰায় অৰ্ধ বৈদ্যুতিকৰণ অতিক্ৰম কৰিছে। তিনিচুকীয়া মণ্ডলত বৈদ্যুতিকৰণ কৰা প্ৰধান খণ্ডসমূহৰ ভিতৰত আছে মৰিয়নী-শিমলুগুৰি, শিমলুগুৰি-ডিব্ৰুগড়, দুলিয়াজান-নিউ তিনিচুকীয়া আৰু উত্তৰ লখিমপুৰ-ধামালগাঁৱৰ দৰে মূখ্য ৰে’লপথসমূহ, যিসমূহ হৈছে- উজনি অসম অঞ্চলত যাত্ৰীবাহী আৰু মালবাহী ৰে’ল চলাচলৰ বাবে অতি গুৰুত্বপূৰ্ণ।
ৰঙিয়া মণ্ডলে ৩৪৮.৯২ আৰকেএম আৰু ৫৩৫.৪৩ টিকেএমৰ সৈতে দ্বিতীয় সৰ্বোচ্চ অগ্ৰগতিৰ অভিলেখ গঢ়ি তুলিছে, যি কৌশলগতভাৱে গুৰুত্বপূৰ্ণ খণ্ড যেনে ৰঙাপাৰা-হাৰমুটি আৰু হাৰমুটি-নাহৰলগুনক সামৰি লৈছে, পৰিণামস্বৰূপে অৰুণাচল প্ৰদেশৰ বাবে ৰে’ল সংযোগ শক্তিশালী হৈছে। লামডিং মণ্ডলে ত্ৰিপুৰাৰ গুৰুত্বপূৰ্ণ আগৰতলা-চব্ৰুম খণ্ডকে ধৰি ১২৪.৭০ আৰকেএম আৰু ১৯৭.৩৮ টিকেএম বৈদ্যুতিকৰণ সম্পন্ন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ দক্ষিণ প্ৰান্তৰ ৰে’ল চলাচলৰ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কাটিহাৰ মণ্ডলে ১০৮.৬২ আৰ.কে.এম. আৰু ১৩০.৮৩ টিকেএম, আনহাতে আলিপুৰদুৱাৰ সংমণ্ডলে ক্ৰমে বিহাৰ আৰু উত্তৰ বংগৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহ সামৰি ৯৬.৩৬ আৰকেএম আৰু ১০৯.৩০ টিকেএম বৈদ্যুতিকৰণ প্ৰাপ্ত কৰিছে।
এই খণ্ডসমূহৰ বৈদ্যুতিকীকৰণে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি, তত্বাৱধানৰ ব্যয় হ্ৰাস কৰাৰ লগতে পৰিৱেশৰ বহনক্ষমতা বৃদ্ধি কৰি ৰে’ল চলাচল দ্ৰুত কৰি তুলিব। ই সমগ্ৰ অঞ্চলটোত ৰে’ল সেৱাৰ বাবে লাইনৰ ক্ষমতা, সময়ানুৱৰ্তিতা আৰু নিৰ্ভৰযোগ্যতা উন্নত কৰিব। এই সফলতাসমূহৰ সৈতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই এতিয়ালৈকে প্ৰায় ৪১৭০.১৯ ৰুট কিলোমিটাৰ (আৰকেএম) আৰু ৬৬৯০.৩৮ ট্ৰেক কিলোমিটাৰ (টিকেএম) সামগ্ৰিকভাৱে বৈদ্যুতিকৰণ কৰিছে। সমগ্ৰ অঞ্চলটোত বৈদ্যুতিকৰণৰ কাম অধিক সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে উত্তৰ পূৱ সীমান্ত ৰে’লৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে, যাৰ ফলত ভাৰতীয় ৰে’লৱেৰ ব্ৰডগজ নেটৱৰ্কৰ ১০০% বৈদ্যুতিকৰণ লক্ষ্য পূৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।
