নিউজ ডেস্ক, ২৬ মাৰ্চ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই বৈদ্যুতিকৰণৰ (Electrification) প্ৰচেষ্টাত ক্ৰমাগতভাৱে আগবাঢ়ি গৈ আছে, যিয়ে ভাৰতীয় ৰে’লৱেৰ ১০০ শতাংশ বৈদ্যুতিকৰণ আৰু নেট-জিৰো কাৰ্বন নিৰ্গমন প্ৰাপ্ত কৰাৰ অভিলাষী দৃষ্টিভংগীক সমৰ্থন কৰি আহিছে। এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে আলিপুৰদুৱাৰ মণ্ডলৰ সফল বৈদ্যুতিকৰণ সম্পন্ন হৈছে।আনহাতে তিনিচুকীয়া মণ্ডলত বৈদ্যুতিকৰণৰ কাম ক্ৰমাগতভাৱে আগবাঢ়ি আছে।
আলিপুৰদুৱাৰ মণ্ডলত, ৪৬ ৰুট কিলোমিটাৰ (আৰকেএম)/ ৫০.৫৩৬ ট্ৰেক কিলোমিটাৰ (টিকেএম) বিস্তৃত ফকিৰাগ্ৰাম-গোলকগঞ্জ খণ্ডৰ বৈদ্যুতিকৰণে সম্পূৰ্ণ মণ্ডলটোৰ বৈদ্যুতিকৰণ কামৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে, যি অধিক কাৰ্যক্ষমতা আৰু স্থায়িত্ব নিশ্চিত কৰিছে। একেদৰে, ৪৯.৮১ আৰকেএম/৫৫.৭১ টিকেএম সামৰি নিউ কোচবিহাৰ-দিনহাটা-বামনহাট খণ্ডৰ বৈদ্যুতিকৰণে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে বৈদ্যুতিকৰণৰ অগ্ৰগতিক আৰু অধিক শক্তিশালী কৰি তুলিছে।
এই সফলতাসমূহৰ ভিতৰত এছচিএডিএ প্ৰয়োগ, ষ্টেচনসমূহত ট্ৰিপ ইউনিট ৰেটিঙৰ যোগান আৰু সফল বৈদ্যুতিক লোকো পৰীক্ষণকে ধৰি বহু গুৰুত্বপূৰ্ণ উন্নীতকৰণৰ কাম সম্পন্ন কৰা হৈছে।লক্ষণীয়ভাৱে, বৈদ্যুতিক লোকো পৰীক্ষণ ১৯:১৬ বজাত আৰম্ভ হয়, লোকো ২০:১১ বজাত ফকিৰাগ্ৰামত গৈ উপস্থিত হয়, যিয়ে বৈদ্যুতিকৰণৰ সফল বাস্তৱায়নক প্ৰমাণ কৰিছে। এই গুৰুত্বপূৰ্ণ সফলতাৰ সৈতে সম্পূৰ্ণ মণ্ডলটোক অবিৰতভাৱে বৈদ্যুতিক ৰে’ল পৰিচালনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু দ্ৰুত ভ্ৰমণ, কম নিৰ্গমন আৰু অধিক ব্যয়সাপেক্ষ ৰে’ল সেৱাসমূহ নিশ্চিত কৰিব।
একেসময়তে, তিনিচুকীয়া মণ্ডলৰ মৰিয়নি-যোৰহাট টাউন খণ্ডত বৈদ্যুতিকৰণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। ১৮.২১৫ আৰকেএম/২২.৭২৫ টিকেএম দৈৰ্ঘ্যৰ খণ্ডটোত চাব-ষ্টেচন, সহায়ক ট্ৰেন্সফৰ্মাৰ আৰু পৰিদৰ্শন সম্পৰ্কীয় কন্ট্ৰোল আৰু ডাটা অধিগ্ৰহণ স্থাপনৰ দৰে মুখ্য আন্তঃগাঁথনি উন্নয়নৰ কাম সক্ৰিয়ভাৱে চলি আছে। ইয়াৰ উপৰিও, লেভেল ক্ৰছিং আৰু অভাৰ-লাইন নিৰ্মাণৰ বৈদ্যুতিকৰণৰ কাম সম্পন্ন কৰা হৈছে।
এই অগ্ৰগতিসমূহৰ সৈতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰেলৱে আন্তঃগাঁথনিৰ আধুনিকীকৰণ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আৰু ভাৰত চৰকাৰৰ “মিছন বৈদ্যুতিকৰণ” উদ্যোগত সক্ৰিয়ভাৱে অৱদান আগবঢ়াই আহিছে। স্থিতিশীলতা আৰু কার্যক্ষমতাক অগ্ৰাধিকাৰ দিয়াৰ জৰিয়তে, উত্তৰ পূব সীমান্ত ৰেলৱেই এখন সেউজ, অধিক নিৰ্ভৰযোগ্য আৰু ভৱিষ্যতৰ বাবে সাজু হব পৰা ৰে’লৱে নেটৱৰ্কৰ পথ প্ৰশস্ত কৰিছে, যি উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহক দেশৰ বাকী অংশৰ সৈতে বাধাহীন সংযোগ প্ৰদান কৰাত সহায় কৰিছে।