কোকৰাঝাৰ, ৭ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২ জুলাই, ২০২৫ তাৰিখে আলিপুৰদুৱাৰ মণ্ডলৰ ফকিৰাগ্ৰাম ষ্টেচনত (Fakiragram Station) বহু প্ৰত্যাশিত আৰু প্ৰভাৱশালী য়াৰ্ড লেআউট সংশোধন সফলতাৰে সম্পূৰ্ণ কৰে। এই প্রকল্পটোৰ লক্ষ্য আছিল য়াৰ্ডৰ লেআউট উপযু্ক্ত ৰূপে উন্নত কৰি কাৰ্যক্ষমতা আৰু ৰে’ল যাত্ৰীৰ চলাচল অধিক সুগম আৰু সুচল কৰাৰ উদ্দেশ্যে এই প্ৰকল্প গ্রহণ কৰা হৈছিল। ২০০৫ চনত কমিছন কৰা পেনেল ইন্টাৰলকিং (পিআই) পদ্ধতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহ সম্পাদন কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে টীমে নিপুণতাৰে কামসমূহ সম্পন্ন কৰি আশা কৰা ফলাফল লাভ কৰিবলৈ সক্ষম হয়।
এই গুৰুত্বপূৰ্ণ সফলতাই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালবাহী আৰু যাত্ৰীবাহী ৰে’ল পৰিচালনৰ দিশত উন্নততৰ সেৱা প্ৰদানৰ বাবে আন্তঃগাঁথনিৰ উন্নতিকৰণ আৰু অবিৰত আধুনিকীকৰণৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰে।এই উন্নয়নৰ এক অংশ ৰূপে, ৭৮২ টা নতুন বৈদ্যুতিক সংযোগ নিখুঁতভাৱে একত্ৰিতকৰণ কৰা হৈছে, ২৮ টা ৰুট সুচাৰুৰূপে সজোৱা হৈছে আৰু ৩ টা অতিৰিক্ত ৰুট সফলতাৰে সংযোজন কৰা হৈছে। কাৰ্যদক্ষতা আৰু সুৰক্ষা অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে বহুতো চিগনেলিং আৰু টেলিকমিউনিকেচন সজুলিও উন্নত কৰা হৈছে, যাৰ অন্তৰ্গত ২ টা নতুন পইন্ট, ৪ টা নতুন উন্নীত ট্ৰেক চাৰ্কিট আৰু এটা নতুন হাই গেইন মুখ্য চিগনেল স্থাপন কৰা হৈছে।
এই কামৰ সম্পূৰ্ণ হোৱাৰ ফলত ফকিৰগ্ৰাম ষ্টেচনত ৰে’লৰ পৰিচালন তাৎপৰ্যপূৰ্ণভাৱে উন্নীত হৈছে। উজনিমূৱা ৰে’লসেৱাসমূহ এতিয়া অধিক সুগমতাৰে আৰু তাৎক্ষণিকতাৰে আগমন আৰু প্ৰস্থান কৰিব পাৰে, যাৰ ফলত যাত্ৰীৰ বাবে আৰু অধিক দ্ৰুত আৰু অধিক সুবিধাজনক ৰে’লসেৱা নিশ্চিত হৈছে। এই উন্নীতকৰণে যানজঁট হ্ৰাস কৰাৰ লগতে সময়ানুৱৰ্ত্তিতা আৰু ষ্টেচনৰ ভিতৰত চলাচলৰ সুবিধা কৰিছে। যাৰ ফলত যাত্ৰীৰ অভিজ্ঞতা বৃদ্ধি হোৱাৰ লগতে মালবাহী ৰে’লৰ পৰিচালনাও আৰু অধিক কাৰ্যকৰী ৰূপত সম্ভৱ হৈ পৰিছে।
এই আধুনিকীকৰণৰ ফলত ৰে’লৰ সময়ানুৱৰ্তিতা উন্নত কৰা, ৰে’ল পৰিচালনত অধিক নমনীয়তা আৰু অধিক সুৰক্ষিত লগতে কাৰ্যকৰীভাৱে ৰে’ল চলাচল নিশ্চিত হোৱা আশা কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে ৰে’লযাত্ৰী আৰু মালবাহী গ্ৰাহকৰ বাবে উন্নত সেৱা প্ৰদানৰ উদ্দেশ্যে আন্তঃগাঁথনি উন্নীতকৰণ দিশত অবিৰতভাৱে সমৰ্পিত হৈ আছে।