নিউজ ডেস্ক, ১৪ এপ্ৰিল, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ বাবে আৰু অন্তিম ব্যৱহাৰকাৰীসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুত যোগান নিশ্চিত কৰিবলৈ অক্লান্তভাৱে সেৱা আগবঢ়াই আহিছে। মাল পৰিবহনৰ (Goods Transportation) ক্ষেত্ৰত ক্ৰমাগত অগ্ৰগতি প্ৰদৰ্শনেৰে উত্তৰ পূব সীমান্ত ৰে’লৱেই মাৰ্চ ২০২৫ মাহৰ সময়ছোৱাত বিভিন্ন সামগ্ৰীৰ ১.০৫৪ মিলিয়ন টন সামগ্ৰী লোডিং পঞ্জীয়ন কৰিছে।

চলিত বর্ষৰ মাৰ্চ মাহৰ সময়ছোৱাত, কেইবাটাও সামগ্ৰীয়ে যোৱা বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত মালবাহী ৰে’লৰ লোডিঙত গুৰুত্বপূৰ্ণ বৃদ্ধি পঞ্জীয়ন কৰিছে। চিমেণ্টৰ লোডিং ৯.৬ শতাংশ, আনহাতে ডলোমাইটৰ লোডিং ৯.১ শতাংশ, সাৰৰ লোডিং ২৮.৬ শতাংশ বৃদ্ধি হৈছে আৰু অন্যান্য সামগ্ৰীৰ লোডিঙে ৯.৬ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছে। ইয়াৰ উপৰিও, পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত অন্যান্য খণ্ডত, আলুৰ লোডিং ৫৪.৫ শতাংশ, ষ্টোন চিপচৰ ৬১.৯ শতাংশ পঞ্জীয়ন কৰাৰ লগতে বিবিধ সামগ্ৰীৰ লোডিঙত উল্লেখযোগ্যভাৱে ৭.৪ শতাংশ বৃদ্ধি হৈছে।

মাল পৰিবহন লোডিঙৰ এই ধাৰাবাহিক বিকাশে অঞ্চলটোত বৰ্ধিত অৰ্থনৈতিক কাৰ্যকলাপকে প্ৰতিফলিত কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত (মাৰ্চ ২০২৫ লৈকে), উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুঠ মালবাহী লোডিং ১০.৬৮১ মিলিয়ন টনত উপনীত হয়, যি পূৰ্বৰ বিত্তীয় বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৪.৩ শতাংশ বৃদ্ধি প্ৰতিফলিত কৰিছে। এই উৰ্ধমুখী প্ৰৱণতাই কেৱল অঞ্চলটোৰ অৰ্থনৈতিক দৃশ্যপট শক্তিশালী কৰাই নহয় আনহাতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰাজহত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। ইয়াৰ উপৰিও, উত্তৰ পূব সীমান্ত ৰে’লৱেই সেৱাৰ নিৰ্ভৰযোগ্যতা আৰু দক্ষতা বৃদ্ধি, মাল পৰিবহনত নিৰন্তৰ বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে কাৰিকৰী অগ্ৰগতিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।