নিউজ ডেস্ক, ১৬ মে’, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই শেহতীয়া বিত্তীয় বৰ্ষত মালবাহী আনলোডিং (Unloading) পৰিচালনৰ ক্ষেত্ৰত এক উৰ্ধমুখী গতিশীলতা বজাই ৰাখিছে। ২০২৫ চনৰ এপ্ৰিল মাহত উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২৪৫ খন মালবাহী ৰেক আনলোড কৰিছে। পূৰ্বৰ বিত্তীয় বৰ্ষত (২০২৪–২৫) উক্ত জ’নে মুঠ ১৩,০৯১ খন মালবাহী ৰেক সফলতাৰে আনলোড কৰিছিল, যিয়ে ইয়াৰ স্থিতিশীল কাৰ্য্যক্ষমতা আৰু বিকাশৰ প্ৰতিফলন ঘটায়।
২০২৫ বৰ্ষৰ এপ্ৰিল মাহৰ সময়ছোৱাত অসমত মুঠ ৬৭৪ টা মালবাহী ৰে’লৰ ৰেক আনলোড কৰা হৈছিল ইয়াৰ ভিতৰত ৩১৫ টা ৰেক অত্যাৱশ্যকীয় সামগ্ৰীৰে পৰিপূৰ্ণ আছিল। ত্ৰিপুৰাত ১১৭ টা ৰেক, নাগালেণ্ডত ১৬ টা ৰেক, মিজোৰামত ৬ টা ৰেক, মেঘালয়ত ২ টা ৰেক, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত ৮ টাকৈ ৰেক আনলোড কৰা হয়। তদুপৰি, উত্তৰ-পূব সীমান্ত ৰে’লৱে অধীক্ষেত্ৰৰ অধীনত পশ্চিম বংগত ২৩১ টা মালবাহী ৰেক আৰু বিহাৰত ১৮৩ টা মালবাহী ৰেকও এই মাহটোৰ ভিতৰত আনলোড কৰা হৈছিল।
উত্তৰ-পূব সীমান্ত ৰে’লৱেই মাহটোৰ ভিতৰত এফ চি আই চাউল, চেনি, নিমখ, তেল, খাদ্য শস্য, সাৰ, চিমেণ্ট, কয়লা, শাক-পাচলি, অটো, টেংক আদি সামগ্ৰী পৰিবহণ কৰি তাৰ অধীক্ষেত্ৰৰ বিভিন্ন গুডচ্ শ্বেডত আনলোড কৰা হৈছে। কেৱল সাধাৰণ জনগণৰ অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ বাবেই নহয়, অঞ্চলটোৰ স্থানীয় অৰ্থনৈতিক কাৰ্যকলাপৰ গতিশীলতা আৰু বিকাশ কৰিবলৈ অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীসমূহ নিয়মীয়াকৈ পৰিবহণ কৰা হৈছে। সকলো পৰিসৰতে অবিৰত নিৰীক্ষণৰ ফলত টাৰ্ণএৰাউণ্ড সময়ো হ্ৰাস পাইছে আৰু আনলোডিং কাৰ্যক্ষমতা বৃদ্ধি পাইছে।