আমিনগাঁও , ১৪ আগষ্ট, ২০২৫ : ২০২৫ বৰ্ষৰ স্বাধীনতা দিৱস (Independence Day) উপলক্ষ্যে ৰাষ্ট্ৰজোৰা উদযাপনৰ এক অংশ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ১৫ আগষ্টৰ সন্ধিয়াত গুৱাহাটীৰ আমিনগাঁৱস্থিত ইক’ পাৰ্কত এক বিশেষ দেশভক্তিমূলক প্ৰদৰ্শনী উপস্থাপন কৰিব। ভাৰতীয় ৰে’লৱেৰ ৰাষ্ট্ৰজোৰা দেশভক্তিৰ চেতনাক জাগ্ৰত কৰাৰ পদক্ষেপৰ সৈতে সংগতি ৰাখি, ৰে’লৱে সুৰক্ষা বাহিনীৰ বাদ্যদল বিভিন্ন স্থানসমূহত সংগীতৰ কাৰ্যসূচী প্ৰদৰ্শনৰ যোগেদি  গৌৰৱ, ঐক্য আৰু দেশপ্ৰেমৰ বাৰ্তা প্ৰসাৰিত কৰিব।

২০২৫ চনৰ ১৫ আগষ্টৰ সন্ধিয়া দেশভক্তিমূলক গীতৰ মনোমোহা শৃংখলাৰে সজ্জিত বিশেষ অনুষ্ঠানত ৰে’লৱে সুৰক্ষা বাহিনীৰ বাদ্যদলে ভাৰতীয় ৰে’লৱেৰ কেইবাটাও গুৰুত্বপূর্ণ স্থান আলোকিত কৰি তুলিব। এই স্থানসমূহৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ কাকৰী ৰে’লৱে ষ্টেচন, কৰ্ণাটকৰ হুবলী ৰে’লৱে ষ্টেচনৰ ওচৰৰ ৰে’ল সংগ্ৰহালয় আৰু হুবলী পাব্লিক গাৰ্ডেন লগতে গুৱাহাটীস্থ আমিনগাঁওৰ ইক’ পাৰ্ক। আমিনগাঁৱত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকিব উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ লগতে অন্যান্য জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গ, কৰ্মচাৰী লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু সাধাৰণ জনতা সকলোৱে একত্ৰিত হৈ দেশৰ গৌৰৱ আৰু একতাক উদযাপন কৰিব।

এই উদযাপন আৰু অধিক বিশেষ আকৰ্ষণীয় কৰি তুলিবলৈ, ভাৰতীয় ৰে’লৱেৰ ‘অপাৰেচন সিন্দুৰ’ থিমৰ আধাৰত বিভিন্ন স্থানত বিশেষ ছেলফি পইণ্ট স্থাপন কৰা হৈছে, য’ত দৰ্শকে ফটো তুলি নিজৰ দেশভক্তিমূলক মুহূৰ্ত স্মৰণ কৰিব পাৰিব। ইয়াৰ লগতে, স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালৰ সদস্যসকলক সন্মানিত কৰা হ’ব আৰু ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত সশস্ত্ৰ বাহিনীৰ সাফল্যসমূহৰ এক প্ৰদৰ্শনী আয়োজন কৰা হ’ব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে সকলোকে স্বাধীনতা দিৱসৰ এই বিশেষ মুহূৰ্তসমূহত অংশগ্ৰহণ কৰি এই উদযাপনত অংশীদাৰ হ’বলৈ আহ্বান জনাইছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে গুৱাহাটী আৰু আশে-পাশে থকা অঞ্চলৰ জনসাধাৰণক আমিনগাঁৱৰ ইক’ পাৰ্কত একত্ৰিত হ’বলৈ উষ্ম আহ্বান জনাইছে।

এই স্মৰণীয় সন্ধিয়াটো সংগীত, একতা আৰু গৌৰৱৰ সৈতে দেশৰ ৭৯তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাধাৰণ ৰাইজক আদৰণি জনোৱা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই এটা পৰিয়াল হিচাপে একত্ৰিত হৈ আমাৰ স্বাধীনতাক সন্মান জনাব, সংগীতৰ আনন্দ বিনিময় কৰিব আৰু গৌৰৱৰ সৈতে তিৰংগাক অভিবাদন জনাব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনী বাদ্যদলে শৃংখলাবদ্ধ প্ৰদৰ্শন আৰু হৃদয়স্পৰ্শী সুৰৰ বাবে পৰিচিত আৰু আমিনগাঁৱৰ মনোৰম ইক’ পাৰ্কৰ মুক্ত আকাশৰ তলত মনোমোহা কাৰ্যসূচী প্ৰদৰ্শন কৰিব, যিয়ে উপস্থিত ৰাইজক এক অবিস্মৰণীয় সাংস্কৃতিক অভিজ্ঞতা প্ৰদান কৰিব।