নিউজ ডেস্ক, ১৯ মে’, ২০২৫ : উত্তৰ-পূবৰ ৰে’লৱেই ইয়াৰ গ্ৰাহকসকলক দিনে-নিশাই সেৱা আগবঢ়োৱাৰ লগতে অন্তিম ব্যৱহাৰকাৰীলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ সময়মতে যোগান নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। মাল পৰিবহণৰ ক্ষেত্ৰত ক্ৰমাগতভাৱে অগ্ৰগতি লাভ কৰি অহাৰ লগতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিগত বিত্তীয় বৰ্ষত বিভিন্ন সামগ্ৰীৰ ১০.৬৮১ মিলিয়ন টন (এমটি) লোডিঙ (Loading) সম্পন্ন কৰিছিল। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ সময়ছোৱাত এই সংমণ্ডলে ০.৮৯৫ মিলিয়ন টন (এমটি) সামগ্ৰী সফলতাৰে লোড কৰে, যাৰ পৰিণামস্বৰূপে পূৰ্বৰ বিত্তীয় বছৰৰ এই একেই সময়সীমাৰ তুলনাত ৬.০ শতাংশ বৃদ্ধি প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়।
যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ২০২৫ চনৰ এপ্ৰিল মাহত কিছুমান সামগ্ৰীৰ লোডিং যথেষ্ট বৃদ্ধি পাইছে। চিমেণ্ট লোডিং ৬.৯ শতাংশ, ডল’মাইট লোডিং ৬.৮ শতাংশ, সাৰ লোডিং ৯১.৭ শতাংশ, পিঅ’এল লোডিং ৩১.৮ শতাংশ আৰু অন্যান্য সামগ্ৰীৰ লোডিং ৩৯.৯ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও অন্যান্য খণ্ডত ষ্টোন চিপছে পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত ৭০ শতাংশ আৰু বিবিধ সামগ্ৰীৰ লোডিঙে ২০৬.৭ শতাংশ বৃদ্ধি লাভ কৰিছে।
মালবাহী লোডিঙৰ ক্ৰমাগত বৃদ্ধিয়ে অঞ্চলটোৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক কাৰ্যকলাপৰ প্ৰতিফলন ঘটায়। এই উৰ্ধমুখী ধাৰাটোৱে কেৱল অঞ্চলটোৰ অৰ্থনৈতিক প্ৰেক্ষাপটক শক্তিশালী কৰাই নহয়; আনহাতে ই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাজহলৈ তাৎপৰ্যপূৰ্ণভাৱে বৰঙণি আগবঢ়াইছে। অনাগত দিনত, উত্তৰ-পূব সীমান্ত ৰে’লৱেই সেৱাৰ নিৰ্ভৰযোগ্যতা আৰু দক্ষতা উন্নত কৰাৰ লক্ষ্যেৰে প্ৰযুক্তিগত উন্নয়নৰ দিশত সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ থকাৰ লগতে মালবাহী ৰে’লৰ পৰিবহনত স্থায়ী বৃদ্ধিকে নিশ্চিত কৰি তুলিছে।