নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱে ২৫ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে তিনিচুকীয়া (Tinsukia) মণ্ডলৰ মৰিয়নী-শিমলুগুড়ী-নিউ তিনিচুকীয়া খণ্ডৰ ১৫২ কিলোমিটাৰ অঞ্চল সামৰি এক বিস্তৃত বাৰ্ষিক সুৰক্ষা পৰিদৰ্শন সম্পন্ন কৰে। এই পৰিদৰ্শন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সমগ্ৰ নেটৱৰ্কত পৰিচালন সুৰক্ষা, আন্তঃগাঁথনিৰ নিৰ্ভৰযোগ্যতা আৰু যাত্ৰী সুবিধাৰ উন্নয়নৰ প্ৰতি অবিৰত প্ৰতিশ্ৰুতিৰ অংশ হিচাপে কৰা হয়। মহাপ্ৰৱন্ধকে মৰিয়নীৰ পৰা পৰিদৰ্শন আৰম্ভ কৰে, য’ত তেওঁ ক্ৰু লবী আৰু ৰাণিং ৰূম পৰিদৰ্শন কৰি ক্ৰু বুকিং পদ্ধতি, বিশ্ৰামৰ সুবিধা আৰু সুৰক্ষা নিয়মাৱলীৰ পালন পৰ্যালোচনা কৰে।
তেওঁ অটোমেটিক ব্লক চিগনেলিং পদ্ধতিৰ অধীনত চলি থকা কামকাজসমূহ পৰ্যালোচনা কৰি পৰিচালন নিয়ন্ত্ৰণ আৰু ৰিয়েল-টাইম মনিটৰিং উন্নত কৰাৰ অৰ্থে নতুনকৈ স্থাপন কৰা লাৰ্জ ফৰ্মেট ডিছপ্লে পদ্ধতিৰ নিৰীক্ষণ কৰে। ষ্টেচনটোত নতুনকৈ স্থাপন কৰা চলাৰ পাৱাৰ প্লেন্টৰ উদ্বোধন কৰে, যি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বহনক্ষম আৰু সেউজ শক্তিৰ প্ৰতি ইয়াৰ দায়বদ্ধতাকে শক্তিশালী কৰে। নকচাৰীত মহাপ্ৰৱন্ধকে চিগনেলিং পদ্ধতিৰ বিশদ পৰিদৰ্শন কৰে, য’ত ৰিলে ৰূম সামৰি ইলেকট্ৰনিক ইনট্ৰুচন ডিটেকচন চিষ্টেম আৰু অন্যান্য সম্পৰ্কিত সুৰক্ষা ব্যৱস্থাৰ কামকাজ পৰ্যালোচনা কৰে। তেওঁ লেভেল ক্ৰছিং গেট নং ১০২ (ইঞ্জিনিয়াৰিং), এখন নন-ইন্টাৰলকড গেট পৰিদৰ্শন কৰি লেভেল ক্ৰছিংসমূহত কঠোৰভাৱে সুৰক্ষা নিয়মাৱলীৰ পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
শিমলুগুড়ীত উপস্থিত হৈ মহাপ্ৰৱন্ধকে মৰিয়নী-শিমলুগুড়ী খণ্ডত প্ৰতি ঘন্টাত ১০০ কিমিঃ পৰা ১১০ কিমিলৈ খণ্ড গতিবেগ বৃদ্ধিৰ বাবে প্ৰস্তাৱিত কামকাজৰ সৈতে সম্পৰ্কিত স্পীড ট্ৰায়েল সম্পন্ন কৰে, যি লাইনৰ ক্ষমতা বৃদ্ধি আৰু ট্ৰানজিট সময় হ্ৰাসৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ লেভেল ক্ৰছিং গেট নং এছ টি-১১৫ (ট্ৰেফিক), মৰিয়নী প্ৰান্তৰ পয়েণ্ট নং ৩১ আৰু ৩১এ, পাৱাৰ হাউচ, অমৃত ভাৰত ষ্টেচন আঁচনিৰ কামকাজ আৰু ৰে’লৱে হেল্থ ইউনিট পৰিদৰ্শন কৰে। তেওঁ ৰে’লৱে কলনীৰ অৱস্থা পৰ্যালোচনা কৰি নাগৰিকৰ সুবিধাসমূহৰ সন্দৰ্ভত কৰ্মচাৰীৰ সৈতে আলোচনা কৰে। এই উপলক্ষ্যে তেওঁ নৱনিৰ্মিত ৰে’লৱে খেলপথাৰ আৰু কৰ্মচাৰী কল্যাণ, সামূহিক আন্তঃগাঁথনিৰ বাবে নৱনিৰ্মিত কৰ্মচাৰীৰ আৱাসগৃহ উদ্বোধন কৰে। পৰৱৰ্তী পৰিদৰ্শনৰ সময়ত সেতু নং ৫২৪ আৰু গেং নং ১৮-ডিআৰৰ ট্ৰেক মেইনটেইনাৰৰ সৈতে মত বিনিময় কৰি ক্ষেত্ৰ পৰ্যায়ৰ সুৰক্ষা পদ্ধতি আৰু ট্ৰেক ৰক্ষণাবেক্ষণৰ মানদণ্ড মূল্যায়ন কৰে। নাহৰকটিয়াত ট্ৰেকচন ছাব-ষ্টেচন পৰিদৰ্শন কৰি ট্ৰেকচন পাৱাৰ ছাপ্লাইৰ নিৰ্ভৰযোগ্যতা পৰ্যালোচনা কৰে।
গুৰুত্বপূৰ্ণ সেতু নং ৫৬১ আৰু ছুইচ এক্সপেনচন জইণ্ট নিৰীক্ষণ কৰি গাঁথনিগত অখণ্ডতা আৰু ট্ৰেক সুৰক্ষা নিশ্চিত কৰে। এনে পৰিদৰ্শনসমূহৰ মূল উদ্দেশ্য হৈছে ৰে’লৱেৰ সমগ্ৰ নেটৱৰ্কৰ সৰ্বোচ্চ মানদণ্ডৰ দিশত পৰিচালন সুৰক্ষা, সম্পদৰ নিৰ্ভৰযোগ্যতা আৰু সেৱাৰ দক্ষতা শক্তিশালীকৰণৰ উদ্দেশ্য কৰা হয়। ইয়াৰ দ্বাৰা ট্ৰেক, চিগনেলিং, ট্ৰেকচন আৰু ৰেলৱে আন্তঃগাঁথনিৰ মূল্যায়ন, সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা আৰু ক্ষেত্ৰ পৰ্যায়ৰ কামকাজ সমূহৰ পৰ্যালোচনাৰ সুযোগ পোৱা যায়। উত্তৰ-পূব সীমান্ত ৰে’লৱেই অবিৰত সুৰক্ষা উন্নয়ন, আন্তঃগাঁথনিৰ আধুনিকীকৰণ, সেউজ শক্তিৰ আহৰণ, কৰ্মচাৰী কল্যাণ আৰু যাত্ৰী সুবিধাৰ উন্নয়নৰ দিশত দৃঢ়প্ৰতিজ্ঞ হৈ থাকিব।
