নিউজ ডেস্ক, ২ এপ্ৰিল, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২৮ মাৰ্চ ২০২৬ তাৰিখে উত্তৰ পূৱ সীমান্ত ৰে’লৱে জোনেল মেডিকেল কনফাৰেন্সৰ (Medical Conference) লগতে আইএছএ ৰে’লৱে এছ’চিয়েচন (আৰএআইএছএ)ৰ ৩১তম বাৰ্ষিক ৰাষ্ট্ৰীয় সন্মিলন নামবাৰীস্থিত লুইতগড় ৰে’লৱে অফিচাৰ ক্লাবত সফলতাৰে আয়োজন কৰে। দুদিনীয়া এই সন্মিলনখন ভাৰতৰ সমগ্ৰ ৰে’লৱেৰ পৰা অহা বিশিষ্ট চিকিৎসকসকলৰ উপস্থিতিত “প্ৰমাণ আধাৰিত অনুশীলন” শীৰ্ষক বিষয়বস্তুৰ ওপৰত আয়োজন কৰা হয়।
ৰে’লৱে স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান ডাঃ জগদীশ চন্দ্ৰই সন্মিলনখন উদ্বোধন কৰি ৰে’লৱে কৰ্মচাৰী আৰু যাত্ৰীসকলৰ বাবে স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ বাবে মানসম্পন্ন, ডাটা-চালিত চিকিৎসা প্ৰট’কলৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানটোত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ আৰু এই ৰে’লৱেৰ প্ৰধান চিকিৎসা সঞ্চালক ডাঃ স্বপ্না বড়ো দৈমাৰীও উপস্থিত থাকি চিকিৎসা সেৱাৰ মান উৎকৃষ্টতাৰ দিশত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই সন্মিলনখনত বিভিন্ন ৰে’লৱে সংমণ্ডল আৰু আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ প্ৰায় ১৫০ জন চিকিৎসকে অংশগ্ৰহণ কৰে। বৈজ্ঞানিক সচিব ডাঃ সোমনাথ সাহাৰ দ্বাৰা পৰিচালন কৰা এই বৈঠকখনত ক্লিনিকেল গৱেষণাক ব্যৱহাৰিক স্বাস্থ্যসেৱাৰ প্ৰয়োগলৈ ৰূপান্তৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। অনুষ্ঠানটোত ৰে’লৱে ছ’চাইটি অফ এনাছথেচিঅ’লজিষ্টৰ পেৰিঅপাৰেটিভ কেয়াৰ আৰু বিষ হ্ৰাস কৰাৰ বাবে উন্নত মানদণ্ডৰ দিশত উল্লেখযোগ্য অৱদান আছিল।
মালিগাঁৱৰ কেন্দ্ৰীয় চিকিৎসালয়ত চিকিৎসা সঞ্চালক ডাঃ বি.পি. ডেকাৰ নেতৃত্বত এই অনুষ্ঠানটো সূচাৰুৰূপে আয়োজন কৰা হয়। এই অনুষ্ঠানটোৱে চিকিৎসা পেছাদাৰীসকলৰ মাজত উৎকৃষ্ট মঞ্চ প্ৰদান কৰে য’ত জ্ঞানৰ বিনিময় আৰু পাৰস্পৰিক সহযোগিতাৰ বাট মুকলি হয়।সন্মিলনৰ সামৰণিত, মালিগাঁৱৰ কেন্দ্ৰীয় চিকিৎসালয়র ডাঃ পীযূষ সৰকাৰে সকলো অংশগ্ৰহণকাৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি অনুষ্ঠানটোত মত বিনিময়ৰ অন্তৰ্দৃষ্টি আৰু জ্ঞানে সমগ্ৰ ভাৰতীয় ৰে’লৱেত স্বাস্থ্যসেৱা উন্নত কৰাত যথেষ্ট অৰিহণা প্ৰদানৰ গুৰুত্ব আৰোপ কৰে। এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় চিকিৎসা সন্মিলনখনৰ সফল সমাপ্তি এক আনুষ্ঠানিক ধন্যবাদ জ্ঞাপনেৰে সামৰণি পৰে।
